কেৰেলাৰ কথা; ওলোটা নুবুজিলেই হ’ল

হয়, পাঠক, কেৰেলাৰ কথা৷ পিচে, কিবা ওলোটা নুবুজিব, দহো কুৰি৷ অধমে কোনো নৰমনিচক ‘কেৰেলা’ বুলিব খোজা নাই৷ যোৱাটো বছৰৰ ২৩ ডিচেম্বৰত এইটো শিতানৰে লেখাটোৰ মোখনি মাৰোঁতে উনুকিওৱা– ‘কেৰেলাতকৈ গুটি দীঘল’ বোলা পুৰণা অসমীয়া ফকৰাটোৰ জেৰ টানিহে কথাষাৰ ক’লোঁ৷ সিদিনাৰ সেই লেখাটোত মই ইংগিত দিছিলোঁ যে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে (যোৱা ২৩ নৱেম্বৰত) মৃত্যু বৰণ কৰাৰ পাছত আমাৰ বহুতো পক্ষই, নিজ নিজ মন্তব্য বা শোক বার্তা দিওঁতে, আৱেগৰ বশৱর্তী হৈয়ে হওক বা ‘কর্তব্য’ বুলি ভাবিয়েই হওক কিম্বা অজ্ঞাতবশতঃ হওক, গগৈৰ বিষয়ে, বহুতো শুদ্ধ আৰু সত্য কথাৰ মাজতে, এনে কিছুমান কথাও কৈছিল, যিবোৰ প্রকৃতপক্ষে শুদ্ধ বা সত্য নাছিল৷ আমাৰ এক বুজনসংখ্যক সংবাদ মাধ্যমো তাৰ ব্যতিক্রম নাছিল৷
(প্রয়াত) চন্দ্র প্রসাদ শইকীয়াই সততে কৈ থকা এষাৰ কথাৰ পুনৰুক্তি কৰি মই কৈছিলোঁ যে কোনো মৃতকৰ শেষকৃত্য অনুষ্ঠান তথা শ্রদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত মৃতকৰ গুণানুকীর্তনৰ বাদে আন কথাই ঠাই পোৱা অনুচিত৷ কিন্তু তাৰ অর্থ এইটো নহয় যে গুণানুকীর্তনৰ নামত, কিবা ব্যক্তিগত আনুগত্য বা দুর্বলতাবশতঃ অথবা অশুদ্ধ ৰাজনৈতিক বা সামাজিক উদ্দেশ্যৰ দ্বাৰা প্রণোদিত হৈ কোনো লোকে তেনে মৃত ব্যক্তিৰ গাত এনে একো গুণো আৰোপ বা অধ্যাস কৰিব পাৰিব যি গুণৰ অধিকাৰী তেখেত প্রকৃততে নাছিল কিয়নো, তেনে কর্মৰ দ্বাৰা সমসাময়িক তথ্য বিকৃত কৰি উত্তৰ প্রজন্মক বিভ্রান্ত কৰা হয়৷ সি যি কি নহওক, সিদিনা গগৈদেউৰ বিষয়ে ইংগিত দিয়া কথা উলিয়াবলৈ গৈ জুইত জঁপিয়াবলৈ দোপ দিওঁতেই ‘গুটি’ ইমানেই দীঘল হ’ল যে ‘কেৰালা’ৰ বাবে ঠায়েয় নৰ’লগৈ৷ ইতিমধ্যে মোৰ দোষমুগ্ধ ভালেখিনি পাঠকে জনাইছে বোলে ‘কেৰেলা’ৰ কথা শুনিবলৈ তেখেতসকলে (‘তেখেতলোক’ নহয়) ব্যগ্র হৈ আছে৷
শুনক৷ মই কৈছোঁৱেই যে ব্যক্তিগতভাবে গগৈ এজন প্রকৃত ভদ্র, উদাৰ মনা আৰু প্রতিশোধপৰায়ণতাব্ লোক আছিল৷ কিন্তু সেই কথাই অৱশ্যম্ভাৱী বা স্বতঃসিদ্ধভাবে এইটো প্রতিপন্ন নকৰে যে গগৈৰ একো ৰাজনৈতিক কপটালিও নাছিল৷ গগৈ আছিল কংগ্রে’ছ্ নামৰ সেই দলটোৰ এজন বিশ্বস্ত সৈনিক, যিটো দলে,– বর্তমান ভাজপাই কৰাৰ দৰে,– জৱাহৰলাল নেহ্ৰুৰ দিনৰেপৰা আজি পর্য্যন্ত অসম তথা অসমৰ খিলঞ্জীয়া মানুহখিনিক প্রতিটো ক্ষেত্রতে নিজৰ ন্যায্য প্রাপ্যৰপৰা বঞ্চিত কৰি লাঞ্ছনা, গঞ্জনা আৰু অপমানেৰে জাতীয় স্বাভিমানত বাৰম্বাৰ প্রচণ্ড আঘাত হানি আহিছে৷ চৰকাৰত নাথাকি বিৰোধী পক্ষত থাকিলে, প্রতিবাদী অসমীয়া মানুহখিনিৰ চিঞৰ–বাখৰত যোগ দি ঘঁৰিয়ালৰ চকু পানী টোকা ভেঁকো–ভাওনাবোৰৰ কথা সুকীয়া,– যি কাম, মোহন ভাগৱতৰ দ্বাৰা পৰিচালিত আ(ৰ্) এ’ছ্ এ’ছৰ নীতি–নির্দেশনা অনুসাৰে ভাজপাৰ নৰেন্দ্র মোদী, অমিত শাSha)হ, ৰাজনাথ সিং, জেই পী নাড্ডা আদিয়ে তথা সিসৱৰ ধামাধৰা ‘অসমীয়া’সকলে কৰি আছে৷ শেহতীয়াভাবে, পশ্চিম বংগ বিধান সভাৰ আগন্তুক নির্বাচন সন্দর্ভত দলীয় প্রচাৰ কৰিবলৈ তালৈ আহি নাড্ডাই অসমৰ থলুৱা মানুহৰ বুকু কুঠাৰেৰে ফালি নিতান্ত বে’–পৰোৱাভাবে যিবোৰ কথা কৈ গ’ল আৰু গৃহ মন্ত্রী অমিত শাহে যোৱা ২৮/২৯ ডিচেম্বৰত, গুৱাহাটীত– ‘আন্দোলন কৰা মানে অধিক ছহীদ হোৱা’ (অর্থাৎ আন্দোলন কৰিলেই গুলীয়াই দিয়া হ’ব) বুলি কৈ থৈ যোৱা ‘গণতান্ত্রিক’ কথাষাৰেয় তাৰ জ্বলন্ত প্রমাণ৷ ব্রিটিশ্ ভাৰত তথা ব্রিটিশ্ অসম আৰু ভাৰতীয় ভাৰত তথা ভাৰতীয় অসমৰ বুৰঞ্জীয়েয় আন্দোলনৰ বুৰঞ্জী৷ এইবোৰ বিষয়ে বেছি উদাহৰণ দিব নোখোজোঁ, কিয়নো, প্রথম কথা হ’ল, তাৰ বাবে ঠাইৰ নাটনি, আৰু, দ্বিতীয়তে, অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ অলেখ দুষ্ট লোকে সংকীর্ণ দলীয় আৰু ব্যক্তিগত স্বার্থত, ইচ্ছাকৃতভাবে এল্ট্ছ্হাইমা(ৰ্) (স্মৃতিবিলুপ্তি) ৰোগত ভূগিলেও, আটাই অসমীয়া মানুহ এতিয়াও এই ৰোগৰ বলি হোৱা নাই৷ মোৰ এনেহে লাগে যেন গংগা–য়মুনা–গোম্তি– উপত্যকাৰ হিন্দু–হিন্দী–চাপাতি সভ্যতাৰ ৰাজনৈতিক দলসমূহৰ নেতাসৱে অসম আৰু অসমীয়াৰ মাজ তালুত ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ৰামটাঙোন শোধোৱাৰ বাবেই ‘মা কামাখ্যা’ৰ আশিস বিচাৰিহে কামাখ্যা দেৱালয় দর্শন কৰে৷
তৰুণ গগৈৰ দুর্ঘোৰ বিৰোধীসকলেও এই কথা স্বীকাৰ কৰিব লাগিব যে তেখেতৰ ৰাজনৈতিক জীৱনৰ সুদীর্ঘ পৰিক্রমাত তেখেতৰ অনেক ত্রুটী–বিচ্যুতি থাকিলেও, তেখেতে অন্যান্য অলেখ কংগ্রে’ছীৰ দৰে কেতিয়াও দল বাগৰা নাছিল৷ অৱশ্যে এবাৰ ৰাজ্য সভা নির্বাচনত কংগ্রে’ছ প্রার্থীৰ হৈ ভোট দিবৰ বাবে ভাজপাৰ ডাঃ ৰুমী নাথ, অভিজিৎ হাজৰিকা আৰু কীৰিতি সিন্হাৰ ‘অপহৰণ’ৰ আঁচনিখন তেখেতৰে মানস সন্তান আছিল৷ ইতিমধ্যে সেই তিনিওগৰাকীৰে ‘ৰাজনৈতিক জীৱন’ শেষ হৈছে৷ এইখিনিতে আন এটা অতি গুৰুত্বপূর্ণ কথা আছে৷ অসংখ্য লোকে কয় যে গগৈ আছিল দলীয় শৃংখলা আৰু অনুশাসন মানি চলা আৰু দলৰ সর্বভাৰতীয় পর্য্যায়তো সন্মানিত এগৰাকী জ্যেষ্ঠ কংগ্রে’ছী নেতা৷ ভাল কথা৷ কিন্তু এবাৰ দকৈ ভাবি চাওক– প্রকৃতপক্ষে গগৈৰ আনুগত্য আছিল কাৰ প্রতি,– দেশ বা দলৰ প্রতি, নে, নেহ্ৰু–গান্ধী পৰিয়ালৰ পৰিয়ালতন্ত্রৰ প্রতি? দৰাচলতে, দলৰ এজন জ্যেষ্ঠ নেতা স্বৰূপে, গগৈয়ে যদিহে লাখ লাখ কংগ্রে’ছ সেনানীৰ দৰে পৰিয়ালতন্ত্র সেৱাৰ গড্ডলিকা প্রৱাহত যোগ নিদি, দলটোক ধ্বংসৰপৰা (দলৰ বর্তমান অৱস্থালৈ চাওক) ৰক্ষা কৰি দেশৰ প্রকৃত সেৱা তথা দেশ ৰক্ষাৰ অর্থে সমগ্র ভাৰতৰ অন্যান্য জ্যেষ্ঠ কংগ্রে’ছীৰ লগ লাগি দলৰ পৰিয়ালতন্ত্র আৰু একনায়কত্ববাদ নির্মূল কৰাৰ অর্থে আগ ভাগ লৈ অসমৰপৰা দলক নেতৃত্ব দিলেহেঁতেন কথাটো তেনেকৈও ভাবিব নোৱাৰিনে? বাস্তৱত সেয়ে হোৱা হ’লে, গগৈ দলৰপৰা বহিষৃকত হ’লেও, আধুনিক ভাৰতৰ ৰাজনৈতিক বুৰঞ্জীত তেখেতৰ নাম স্বর্ণাক্ষৰে জিলিকি থাকিলহেঁতেন৷
কিন্তু… কিন্তু কি? কিন্তু গগৈ সিমানটো সামর্থ্যৰ ব্যক্তি নাছিল৷ তেখেত আছিল কংগ্রে’ছ্ দলৰ পৰিয়ালতান্ত্রিক ৰাজনীতিৰ প্রতি একান্ত অনুগত আৰু বিশ্বস্ত এজন দলীয় সেনা৷ জৱাহৰলাল নেহ্ৰুৰ আধুনিক শিক্ষা, উদাৰ আৰু বিশাল মন, বিস্তৃত ভ্রমণ তথা ব্যাপক আন্তর্জাতিক যোগাযোগ আৰু সম্পর্কৰ বাবে হয়তো তেখেতৰ প্রধান মন্ত্রিত্বৰ বহু বছৰলৈকে কিছুমান প্রবৃত্তি প্রকট হৈ উঠা নাছিল৷ কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে, তেখেতৰো অৱচেতন মনত সুপ্ত হৈ থকা অহৈতুকী অপত্য স্নেহে গা কৰি উঠিল৷ এতেকে, নেহ্ৰু আৰু ইন্দিৰা গান্ধীৰপৰা আৰম্ভ কৰি সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীয়েদি, সোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীলৈকে একেডাল সূতাৰে গঁথা সেই একেটা তন্ত্রৰ সংস্কৃতি৷ গগৈৰ বাবে যে মই উল্লেখ কৰা সেই কল্পিত বিদ্রোহ এক অলীক সপোন, তাৰে এক অধিক শক্তিশালী পটন্তৰ চাওক৷ আদিতে কংগ্রে’ছত যোগ দিওঁতে গগৈৰ উদ্দেশ্য নিশ্চয় আছিল দেশসেৱা৷ কিন্তু সময়ত ক্ষমতাৰ সোৱাদ পোৱাৰ পাছত লাহে লাহে গগৈৰ সেই উদ্দেশ্য বা লক্ষ্য ৰূপান্তৰিত হ’ল ক্ষমতাৰ বাঘজৰীলৈ৷ অসুৰক্ষিত যেন অনুভৱ কৰা গগৈয়ে উদ্ভাৱন কৰিলে এক নতুন কৌশল ঃ যেতিয়া তেখেত বিধান সভাত থাকিব, তেতিয়া লোক সভাত বহি থাকিব তেখেতৰ কনিষ্ঠ ভাতৃ দীপ গগৈ, আৰু, যেতিয়া তেখেত নিজে লোক সভাত থাকিব, তেতিয়া বিধান সভাত বহি থাকিব দীপ গগৈ, যাতে তেখেতৰ বাবে সকলো সময়তে, এটা সদনত নহ’লে আন এটা সদনত এখন আসন সংৰক্ষিত আৰু উষ্ণ হৈ থাকে৷ এয়া আছিল গগৈৰ স্ব প্রীতি আৰু স্বজন প্রীতিৰ চূড়ান্ত নিদর্শন৷ ভিন্ ভিন্ সময়ত সাংসদ আৰু বিধায়ক হৈ থাকোঁতে দীপ গগৈয়ে সর্বসাধাৰণ ৰাইজৰ সার্বিক উন্নয়নৰ হকে ক’ত কি কৰিলে, সেই কথা কলিয়াবৰ, তিতাবৰ, যোৰহাট, টীয়ক আদিৰ ৰাইজে বিচাৰ কৰিব৷
শুনক৷ শৰৎ চন্দ্র সিংহৰ দিনৰেপৰা দিছপুৰৰ ৰাজধানী চৌহদত মুখ্য মন্ত্রীৰ বাবে এটা চৰকাৰী বাসভৱন আছিল৷ সিংহৰ পাছতো, গোলাপ বৰবৰা, যোগেন হাজৰিকা, আনোৱাৰা টাইমুৰ, কেশৱ গগৈ, হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত, এই আটাই মুখ্য মন্ত্রীয়ে সেই চৰকাৰী বাসভৱনটোতে বাস কৰিছিল৷ মহন্তৰ দিনত, মুখ্য মন্ত্রীৰ মূল বাসভৱনটোৰ কাষতে থকা এটা বিধায়ক আৱাস লগ লগাই দি মুখ্য মন্ত্রীৰ বাসভৱনটো অধিক প্রশস্ত কৰা হ’ল৷ অথচ ২০০১ চনত মুখ্য মন্ত্রী হৈ তৰুণ গগৈয়ে, সেই চৰকাৰী বাসভৱনটোত থকাৰ পৰিৱর্তে থাকিবলৈ ল’লে কইনাধৰা পাহাৰত থকা ৰাজপ্রাসাদ যেন ৰাজ্যিক অতিথি শালাটোত৷ প্রতি দিনে, সেই ৰাজপ্রাসাদ আৰু দিছপুৰৰ কার্য্যালয়ৰ মাজত ৩০/৩৫খন গাড়ীৰ বিশাল যান–বহৰ (কন্ভয়) লৈ অহা–যোৱা কৰোঁতে ৰাজভঁৰালৰ কিমান যে ধনৰ অপচয় পথচাৰী আৰু অন্যান্য যান–বাহনৰ চালক আৰু যাত্রীৰ কিমান যে নৰক যন্ত্রণা৷ পোন্ধৰ বছৰ সেই ৰাজপ্রাসাদত মুখ্য মন্ত্রী হিচাপে থকাৰ পাছতো পুনৰ আৰু দুবছৰ ঃ মানে, মুঠ সোতৰ বছৰ এতিয়াও, অর্থাৎ সর্বানন্দ সোণোৱাল মুখ্য মন্ত্রী হোৱাৰ পাছতো, আৰু, দিছপুৰত মুখ্য মন্ত্রীৰ বাবে এটা অত্যন্ত বিলাসবহুল, ৰাজপ্রাসাদ সদৃশ নতুন চৰকাৰী অট্টালিকা নির্মিত হোৱাৰ পাছতো সোণোৱালেও, যোৱা পাঁচ বছৰে বাস কৰি আছে খাৰঘুলিৰ নতুন ৰাজ্যিক অতিথি শালাটোত৷ অর্থাৎ, যোৱা কুৰি বছৰ কালত অসমৰ দুগৰাকীকৈ মুখ্য মন্ত্রী, পেটত গামোচা বন্ধা অসমীয়া ৰাইজৰ অতিথিহে
এতিয়া মই যিকেইটা কথা ক’ম, সেই আটাইকেইটা মই প্রথমবাৰ কোৱা নতুন কথা নহয়৷ ইবোৰৰ কেইবাটাও কথা মই ইতিপূর্বে একাধিক ঠাইত একাধিকবাৰ উল্লেখ কৰিছোঁ৷ তথাপি, নতুনৰ লগতে গোটাদিয়েক পুৰণা কথাৰো পুনৰাবৃত্তি কৰাৰ উদ্দেশ্য হ’ল, আৱেগৰ বশৱর্তী হৈয়ে হওক কিম্বা বিশেষ উদ্দেশ্য প্রণোদিত ভাবেই হওক, চল পালে ইলুটি, চল পালে সিলুটি কৰা এচাম দলীয় স্তাৱকৰ লগতে, কম সংখ্যক হ’লেও, আমাৰ একাংশ সংবাদ মাধ্যম তথা সাংবাদিকৰ, বিশেষতঃ এচাম স্তাৱক বাকচ সাংবাদিকৰ দুমুখীয়া চৰিত্র উদঙাই দিয়া৷ যোৱা ২৩ নৱেম্বৰৰপৰা ২৬ নৱেম্বৰলৈকে উথপ–থপৰ আতিশয্যত এইসকল লোকৰ ভালেখিনিয়ে এনে কিছুমান কথা কৈছিল যেন (সেই একনায়কত্ববাদী পৰিয়ালটোৰ একান্ত বাধ্য) তৰুণ গগৈহে আছিল সমগ্র জীৱন অসমৰ ন্যায্য স্বার্থৰ হকে আপোচহীনভাবে যুঁজা সৱাতোকে বেছি জাতীয়তাবাদী লোক মই ক’বলৈ কুণ্ঠাবোধ নকৰোঁ যে ১৮৩০ চনত পিয়লি ফুকনৰ ফাঁচীৰ কালৰেপৰা, বিগত ১৯০টা বছৰে অসমীয়া মানুহক জুলুকি জুলুকিকৈ শিকাই জোলোকা–জোলোকে পানী খুওৱা পূর্ববংগীয়/পূব পাকিস্তানী/বাংলাদেশী মানুহখিনিৰ প্রতি মোৰ এক খজুৱতি জাতীয় বিৰাগ অর্থাৎ এলে’র্জি আছে৷ ইহঁতৰ বাবেই, প্রজন্মৰ পাছত প্রজন্মৰ লাখ লাখ অসমীয়াই নিজ মাতৃভূমিতে অকথ্য নৰক যন্ত্রণা, লেলাট ভুঞ্জিবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে প্রাণ আহুতি দিবলগীয়া, মাটি–ভেটি এৰি দিহিঙে–দিপাঙে থাকিবলগীয়া হৈছে৷ বাংলাদেশী বহিষ্কৰণৰ দাবীত চলা ছবছৰীয়া আন্দোলনে চৌদিশে তোলপাৰ লগাইছিল৷ অথচ মুখ্য মন্ত্রী হৈ থাকোঁতে অসম আৰু অসমীয়াৰ মূৰত তিনিসিৰীয়া গজাল মৰা তৰুণ গগৈয়ে– ‘ক’ত বাংলাদেশী আছে, দেখুৱাই দিয়াঁ (দিয়ক)’– বুলি কৈ অসমীয়া মানুহৰ আত্মাত বাৰম্বাৰ পদাঘাত কৰিছিল৷ ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ কাম গগৈ চৰকাৰে আৰম্ভ কৰিছিল বুলি কংগ্রে’ছে সততে ফিতাহি মৰা সেই কামটো কৰিবৰ বাবে গগৈয়ে বিধান সভাৰ বৰপেটা আৰু ছয়গাঁও সমষ্টি দুটা কিয় প্রথমে বাছি লৈছিল? তাৰ ফলত ২০১০ চনৰ ২১ জুলাইত গুৱাহাটীত কি কাণ্ড হৈছিল, মনত আছেনে? কি আছিল গগৈৰ প্রকৃত উদ্দেশ্য? এখন শুদ্ধ নাগৰিক পঞ্জী প্রস্তুত কৰা? অসমৰ জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰা?
বিদেশী বুলি অভিযুক্ত একোজন লোক প্রকৃততে বিদেশী নে ভাৰতীয়, তাক নির্ণয় কৰা প্রক্রিয়াটো কিমান জটিল আৰু দীঘলীয়া, সেই কথা আটায়ে জানে৷ অথচ অসমৰ বিভিন্ন ঠাইৰপৰা গৈ অৰুণাচলত থকা, বাংলাদেশী বুলি অভিযুক্ত প্রায় তিনিহাজাৰ লোকক অৰুণাচল ছাত্র সন্থাই তাৰপৰা খেদি পঠোৱাৰ পাছত সিবিলাক যেতিয়া উত্তৰ লক্ষীমপুৰ চহৰত অসম চৰকাৰৰ আতিথ্যত আছিলহি, তেতিয়া সিবিলাকক চিনাক্তকৰণৰ দাবীত ৰাজ্যৰ চৌদিশ উত্তাল হৈ থাকোঁতে মুখ্য মন্ত্রী গগৈয়ে গুৱাহাটীৰপৰা ঘোষণা কৰিছিল যে সেই আটাইখিনি ‘ভাৰতীয় নাগৰিক’৷ প্রতিবাদ অব্যাহত থকাত দিনদিয়েক পাছত গগৈয়ে, নাগৰিকত্ব পৰীক্ষা আৰু নির্ণয়কৰণৰ একো প্রশিক্ষণবিহীন, তেখেতৰ জনচেৰেক বিশ্বস্ত আমোলা–বিষয়াক উত্তৰ লক্ষীমপুৰলৈ পঠিয়াই দুদিনৰ ভিতৰতে ‘সকলো পৰীক্ষা কৰাই’ ঘোষণা কৰালে যে সেই আটাইখিনি লোক ‘ভাৰতীয় নাগৰিক’, আৰু, সেই আটাইকে অসমৰ ৰাইজৰ ধনেৰে বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি জিলালৈ পঠোৱাৰ দ্রুত জাতীয়তাবাদী ব্যৱস্থা গ্রহণ কৰালে৷ গগৈৰ আমোলতে অর্থাৎ তেখেতৰ গৃহ মন্ত্রিত্বৰ কালতে, অসম আৰক্ষীয়ে ‘আই এ’ছ্ আইৰ দালাল (এইজ্ণ্ট্)’ বুলি হাতকেৰেয়া লগাই ধৰি অনা কেইবাজনো লোকে আৰক্ষীক ডাবি–ধম্কি দি প্রায় টানি লৈ গৈ এটা পী ছী ঔ–ৰপৰা ফৌন কৰিছিলগৈ৷ সেই সময়ত সংবাদ মাধ্যমত তাৰ ব্যাপক সমালোচনা হৈছিল৷ কিন্তু গগৈয়ে, নির্বিকাৰ হৈ থাকি, সকলো ফুটুকাৰ ফেনত পৰিণত কৰিলে৷
আটায়ে জনা কথা যে গগৈৰ গৃহ মন্ত্রিত্বৰ কালত ৰকিবুল হুছেইন ৰাজ্যিক গৃহ মন্ত্রী হৈ থাকোঁতে, গগৈ আছিল বিভাগৰ বহি ৰজাহে উঠি ৰজা আছিল হুছেইনহে৷ কিছুমান গুৰুত্বপূর্ণ পর্য্যায়ৰ আৰক্ষীৰ নিযুক্তি আৰু বদলি হৈছিল হুছেইনৰ মতেহে৷ অধিক কি, বিধান সভাৰ অধিৱেশন কালত, মুখ্য তথা গৃহ মন্ত্রী স্বৰূপে গগৈ সদনত বহি থকা অৱস্থাতো, গগৈয়ে গৃহ বিভাগ সম্পর্কীয় সকলো প্রশ্ণৰ উত্তৰ নিজে দিয়াৰ পৰিৱর্তে, সেই দায়িত্ব অর্পণ কৰিছিল ৰকিবুল হুছেইনকহে৷ তাতোকৈও ডাঙৰ কথা,– পৰৱর্তীভাবে হুছেইন গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী হৈ নথকা অৱস্থাতো, সদনৰ বাহিৰে–ভিতৰে, বিভাগ সম্পর্কীয় সকলো কথাৰ বয়ান (বিবৃতি) দিয়াৰ দায়িত্ব দিয়া হৈছিল হুছেইনকহে ৰাজনৈতিক কিম্বা প্রশাসনীয় দিশৰপৰা, গগৈৰ এইবোৰ কেনেকুৱা জনকল্যাণমুখী বা জাতীয়তাবাদী আচৰণ আছিল?
শুনক, পাঠক৷ গগৈৰ তৃতীয় কার্য্যকালৰ শেষৰফালে ধুবুৰীৰ কোনোবা এটা সমষ্টিৰ প্রাক্তন বিধায়ক ৰছুল হক বাহাদুৰে এটা ভয়ংকৰ কাণ্ড কৰিছিল৷বাহাদুৰে ধর্মনিৰপেক্ষ ৰাষ্ট্র ভাৰতৰ অংগ ৰাজ্য অসমৰ পশ্চিম অংশত ধর্মৰ ভিত্তিত মুছলমানৰ কাৰণে স্বায়ত্ত শাসন দাবী কৰিছিল৷ তেওঁৰ দল আছিল এ’ আই য়ূ ডী এ’ফ্৷ তেতিয়া কংগ্রে’ছ্ আৰু এ’ আই য়ূ ডী এ’ফৰ মধুচন্দ্রিকাৰ মধুৰ সময়৷ ৰছুল হক বাহাদুৰৰ ককায়েক, গৌৰীপুৰৰ বিধায়ক মহিবুল হুছেইন (নে ‘হক’) আছিল কংগ্রে’ছৰ ‘সহযোগী সদস্য’৷ কংগ্রে’ছ্ নেতাগণ, কংগ্রে’ছ্ কর্মীগণ আৰু বাঘা বাঘা ৰাজনৈতিক ভাষ্যকাৰগণ,– আপোনালোকৰ কোনোবাই বাৰু ক’ব পাৰিবনে,– ২০২১ চনত হ’বলগীয়া, বিধান সভা নির্বাচনত কংগ্রে’ছ্ আৰু এ’ আই য়ূ ডী এ’ফৰ মিত্রতা সন্দর্ভত গগৈৰ শেষ মুহূর্তলৈকে তেখেতৰ পেটৰ কথাটো কি আছিল? তাহানি গৃহ মন্ত্রী গগৈয়ে ৰছুল হক বাহাদুৰৰ সেই অসাংবিধানিক, ভয়ংকৰ দাবীৰ পাছতো বাহাদুৰৰ বিৰুদ্ধে একো ব্যৱস্থা গ্রহণ নকৰিলে কেনেকৈ কৰে? সকলোতে ভোট নিধিৰ ৰাজনীতি৷ ঠিক যেনেকৈ,– ভা(–ৰতীয়) জ(–নতা) পা(–র্টী)ই– ‘এতিয়াৰপৰা ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হৈ নাথাকিব এখন ধর্মীয় ৰাষ্ট্র, কার্য্যতঃ এখন হিন্দু ৰাষ্ট্র হ’ব’– বুলি এখন বিধেয়ক গৃহীত কৰাই আইন কৰি নোলোৱাকৈ, ‘নাগৰিকত্ব সংশোধনী (ভেজালকৰণ) বিধেয়ক, ২০১৯’খন গৃহীত কৰাই এখন সংবিধানবিৰোধী (শেষ বিচাৰত অসম নিঃশেষকাৰী) আইন কৰি ল’লে মুঠতে আটাই একে পানীৰ মাছ৷
মই আগেয়ে কৈছোঁৱেই যে ২০১৫ চনৰ মার্চত বিধান সভাৰ অধ্যক্ষ প্রণৱ গগৈৰ নিজা উদ্যোগত, অসমীয়া তথা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ অর্থে অনুষ্ঠিত এলানি সভাৰ অন্তত ২৫ মার্চত এক সর্বসন্মত সিদ্ধান্তত উপনীত হোৱা গৈছিল আৰু সেই মর্মে বিধান সভাত এখন প্রতিবেদন দাখিলৰ বাবে অধ্যক্ষগৰাকী প্রস্তুত হৈছিল৷ কিন্তু একমাত্র তৰুণ গগৈৰ প্রচণ্ড বিৰোধিতাৰ বাবেই সেইটো হৈ নুঠিল৷ ২০১৬ চনৰ বিধান সভা নির্বাচনত ২০১৪ চনৰ ভোটাৰ তালিকাত নাম থকা সকলো লোককে ভোটদান কৰিবলৈ দিব লাগে বুলি নিৰন্তৰ দাবী কৰি থকা লোকজনো আছিল তৰুণ গগৈ৷
সকলো চৰকাৰী কাম–কাজ, চিঠি–পত্রত চৰকাৰী ভাষা অসমীয়া প্রয়োগ কৰিবলৈ তৰুণ গগৈয়ে একো শক্তিশালী ব্যৱস্থা গ্রহণ নকৰিলে৷ সস্তীয়া জনপ্রিয়তা অর্জনৰ স্বার্থত, কোনো বিশেষ ব্যক্তিৰ স্মৃতি চাৰণ অনুষ্ঠান বা কিবা সাংস্কৃতিক অনুষ্ঠানৰ নিমন্ত্রণী পত্র অসমীয়াত লিখাটোৱে ক্ষুদ্র ৰাজনৈতিক স্বার্থ পূৰণ কৰিব পাৰে কিন্তু সচিবালয় আদি চৰকাৰী কার্য্যালয়ত ৰাজ্য ভাষা ব্যৱহূত নোহোৱালৈকে ৰাজ্য ভাষাক সন্মান কৰা নহয়৷ গগৈয়ে নিজৰ চৰকাৰৰ প্রশাসনীয় আমোলাসকল আৰু আৰক্ষী বিষয়াসকলৰ সভাত ৰাজ্য ভাষা অসমীয়াত বত্তৃণতা দিবলৈ কোনোদিনে বুকুত সাহস গোটাব নোৱাৰিলে৷ গগৈৰ মুখ্য মন্ত্রিত্বৰ শেষৰ ফালে কোনোবা এটা বছৰত অসম আৰক্ষী দিৱসৰ সভালৈ মোক নিমন্ত্রণ জনাবলৈ এজন দায়িত্বশীল আৰক্ষী বিষয়া আহিছিল৷ কিবা এটা অনুমান কৰিয়েই, মনতে কিবা এটা পাঙি মই তেখেতক সুধিলোঁ যে নিমন্ত্রিত অতিথি স্বৰূপে সভাত মোক কিবা এষাৰ ক’বলৈ দিয়া হ’বনে বাৰু? অস্বস্তিত পৰা অমায়িক বিষয়াগৰাকীক মই বিদায় দিলোঁ৷ কোৱা বাহুল্য, সভালৈ যোৱা মোৰ নহ’ল৷ গধূলি বাকচৰ বাতৰিত দেখিলোঁ, অসম চৰকাৰৰ মুখ্য মন্ত্রী তথা আৰক্ষী মন্ত্রী গগৈয়ে অসম আৰক্ষীৰ বিষয়াসকলক ইংৰাজীত বত্তৃণতা দি থকাৰ ছবি আৰু বাতৰি ২০০৩ চনত এটা বিশেষ পৰিস্থিতি চম্ভালিবলৈ গগৈদেউ আৰু তদানীন্তন ৰাজ্যিক গৃহ মন্ত্রী প্রদ্যুৎ বৰদলৈ তিনিচুকীয়াৰ মাকুমলৈ গৈছিল৷ গগৈয়ে উত্তেজিত হিন্দীভাষী লোকসকলক সম্বোধি অসমীয়াত কিবা ক’বলৈ লওঁতেই সিসৱে ‘হিন্দীমে’ বলিয়ে, হিন্দীমে’ বলিয়ে’ বুলি শিলাবর্ষণ কৰি কেইবাখনো চৰকাৰী গাড়ী ভাঙি চুৰমাৰ কৰাত গগৈ আৰু বৰদলৈয়ে বিষয়াবর্গ আৰু নিৰাপত্তাৰক্ষীসহ লৰালৰিকৈ তাৰ পৰা প্রস্থান কৰিলে৷ এয়া হ’ল অসমত ৰাজ্য ভাষা অসমীয়াৰ অৱস্থা৷ এতিয়া ভাজপাৰ শাসন কালৰ পূর্ণ হিন্দী ৰাজত অৱস্থা অধিক বিষম৷ ইতিমধ্যে সমগ্র তিনিচুকীয়া জিলা হিন্দুস্তানী, বিহাৰী, ৰাজস্থানী, বাঙালী আৰু (পৰৰাষ্ট্রীয়) বাংলাদেশীৰ কৰাল গ্রাসত৷ ডিব্রুগড়ো সেই৷
নাগালেণ্ড্, অৰুণাচল, মেঘালয়, মিজোৰাম আদিৰ আক্রমণৰপৰা গগৈয়ে কেতিয়াও নিজৰ ৰাজ্যৰ সীমা, সম্পত্তি আৰু প্রজাক সুৰক্ষা দিব নোৱাৰিলে, – ঠিক যেনেকৈ এতিয়া সর্বানন্দ সোণোৱালেও পৰা নাই৷ কেৱল ‘ধর্ম’ৰ কথাৰে ফট–ফটাই থাকিলে ‘কিডাল’ হ’ব? হে’ল্মিট্ নিপিন্ধাকৈ বাইক্ চলোৱা মন্ত্রীৰ নেতৃত্বত সমদল যাত্রা কৰা বাইক যাত্রীক সেউজ সংকেত দিয়া গগৈৰ অৰাজক শাসনত ৰাজধানী গুৱাহাটী, আৰু তেখেতৰ গৃহ চহৰ যোৰহাটকে ধৰি সমগ্র ৰাজ্যতে যান–বাহন শৃংখলা বুলিবলৈ একোটো নোহোৱা হ’ল৷ সম্ভৱতঃ, নৱ প্রজন্মৰ ভোটদাতাক অসন্তুষ্ট কৰাৰ আতংক৷
যিজন গোপীনাথ বৰদলৈ নথকা হ’লে, আসাম এক দিন পূর্ব বংগে, তাৰ পৰ পূব পাকিস্তানে, আৰ, আজকেৰ দিন বাংলাদেশে থাক্ত’– সেইজন বৰদলৈক অপমান কৰি এসময়ত এচাম কংগ্রে’ছী স্তাৱকে কৈছিল যে গগৈ অসমৰ সর্বকালৰ শ্রেষ্ঠ মুখ্য মন্ত্রী যোৱা ২৩–২৬ নৱেম্বৰত তেনে কিছু লোকে আৰু দুই–এক সংবাদ মাধ্যমে গগৈক, জাতিৰ স্বার্থ ৰক্ষাৰ বেলিকা কেতিয়াও আপোচ নকৰা এজন নেতা বুলি অভিহিত কৰি তেখেতক সজালে এজন প্রচণ্ড ‘জাতীয়তাবাদী’ অসমীয়া কিছুমান লোকে কেতিয়াও নুবুজে যে বিশেষ একো ক’বলগীয়া নাথাকিলে মুখ নেমেলাই ভাল৷ আলু বীজ খ্যাত, অগভীৰ নলী নাদ খ্যাত, উদেষ্ণা খ্যাত আৰু বাছ ভাৰা বৃদ্ধি খ্যাত চন্দ্রমোহন পাটোৱাৰীয়েও, নিজৰ গাদীৰ সুৰক্ষাৰ স্বার্থত, যোৱা ৩০ ডিচেম্বৰত বৰদলৈক অপমান কৰি ক’লে বোলে সর্বানন্দ সোণোৱাল অসমৰ শ্রেষ্ঠ মুখ্য মন্ত্রী ব্রিটিশৰ কুখ্যাত বর্গীকৰণ (গ্রুপিং) আঁচনি মতে অসমক গ C) বর্গত ভুক্ত কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে তমোময় যুঁজ দিয়া বৰদলৈয়ে দিল্লীত কংগ্রে’ছৰ কেন্দ্রীয় সমিতিৰ সভাত যেতিয়া– ‘জাতীয় কংগ্রে’ছে যদি এই আঁচনিৰ বিৰোধিতা নকৰে, তেন্তে অসম কংগ্রে’ছ্ জাতীয় কংগ্রে’ছৰপৰা ওলাই আহিব’– বুলি ঘোষণা কৰি সভা কক্ষ ত্যাগ কৰিছিল, তেতিয়া মুম্বাইৰ বিখ্যাত সাংবাদিক হোমি তালিয়াৰ খাঁই কি লিখিছিল জানে? এটে’ন্শ্ন্ চন্দ্রমোহন পাটোৱাৰী তালিয়াৰ খাঁই লিখিছিল– ‘ৱীঈ হেড্ হ্যের্ড্ এবাউট্ দ্য জাংগ্ল্য্ অৱ্ আসাম্ টুডেই, ৱীঈ হেভ্ ছীন্ ইৎস্ লায়ন্ ইন্ দে’ল্হী’৷ স্তাৱকৰ কথাত তৰুণ গগৈয়ে বাৰু একো কোৱা নাছিল৷ কিন্তু, বৰদলৈক ‘ভাৰত ৰত্ন’ দিয়া ভাজপা দলৰ মুখ্য মন্ত্রী সোণোৱালে পাটোৱাৰীক?