Decoding জীৱন : মৌনতা সদায় সন্মতি নহয়

ড০ পার্থসাৰথি মহন্ত

মৌনেন সন্মতি লক্ষ্মণম মৌনতা সন্মতিৰ লক্ষণ৷ সামাজিক প্রেক্ষাপটত যুগ যুগ ধৰি এই কথাষাৰ বহুলভাৱে গ্রহণ হৈ আহিছে৷ যেতিয়া কোনোবাই কোনো বক্তব্য, সিদ্ধান্ত বা পৰিস্থিতিৰ সন্মুখত মৌন হৈ থাকে, ধৰি লোৱা হয়– তেওঁলোক সেই কথাৰ সৈতে একমত৷

কিমান সঁচা? মৌনতা সদায় সন্মতিৰ লক্ষণ হয়নে?

বাস্তৱত এজন ব্যক্তিৰ মৌনতাৰ বহুতো কাৰণ থাকিব পাৰে, সহমত এই কাৰণবোৰৰ অন্যতম নহ’বও পাৰে৷ ব্যক্তি আৰু পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰি বিভিন্ন অর্থ বুজোৱা এক জটিল মানসিক আৰু সামাজিক সঁহাৰি হৈছে মৌনতা৷

মৌনতাই সদায় সন্মতিৰ ইংগিত নিদিয়ে৷

নীৰৱে থকাৰ আঁৰত বহুতো মানসিক কাৰণ থাকে, যাৰ বাবে মৌনতাক প্রায়েই ভুলকৈ বুজা যায়৷

মানুহ মৌন হৈ থকাৰ এটা প্রধান কাৰণ হ’ল বাহ্যিক বাধা বা পৰিস্থিতি, য’ত তেওঁলোকে মাত মাতিব নোৱাৰে৷ কিছুমান সমাজ বা সম্প্রদায়ে কোনে কথা ক’ব পাৰে বা কি ক’ব পাৰে তাৰ ওপৰত বাধা আৰোপ কৰিব পাৰে৷ স্তৰভিত্তিক ব্যৱস্থাত তলত থকাসকলৰ ক্ষমতাত থকাসকলক প্রত্যাহ্বান জনোৱা বা প্রশ্ণ কৰাৰ কর্তৃত্ব প্রায়েই নাথাকে৷ কর্মক্ষেত্রতো একেই কথা৷ বিভিন্ন নীতি–নিয়ম থাকে, বাধ্যবাধকতা থাকে৷ তলতীয়া কর্মচাৰী ওপৰৱালাৰ ৰোষত পৰিব নোখোজে৷ প্রতিশোধপৰায়ণ সহকর্মীৰ পৰা বাচি থাকিব খোজে৷ চাকৰিলৈ যাতে বিপদ নাহে বা হেৰুৱাবলগীয়া নহয়৷ বিবাদত যাতে জড়িত হৈ পৰিবলগীয়া নহয়৷ আত্মৰক্ষাৰ উপায় এটাই– নিস্তব্ধ হৈ থাকা৷ তেনেদৰে আইনগত কাৰণতো মানুহে কথা কোৱাৰ পৰা বিৰত থাকে৷ এনেক্ষেত্রত মৌনতা সহমত নহয়, বৰঞ্চ কর্তৃত্বৰ প্রতি আনুষ্ঠানিক সন্মান৷

কিছু লোকে একমত নহ’লেও মৌনতাক বাছি লয় কাৰণ কিছু বিশেষ লোকৰ লগত কথা–বতৰা বা সংঘাতত লিপ্ত হোৱাটো তেওঁলোকে নিম্নখাপৰ বুলি বিবেচনা কৰে৷ এনে সিদ্ধান্তক প্রায়েই পৰিপক্বতা, প্রজ্ঞা বা আত্মনিয়ন্ত্রণৰ প্রকাশ হিচাপে ধৰা হয়৷ অপ্রয়োজনীয় সংঘাত এৰাই চলাই হ’ল এই মৌনতাৰ মূল কাৰণ৷ মানুহে কথা কোৱাৰ পৰা বিৰত থাকে, কাৰণ তেওঁলোকে তুচ্ছ বা তুচ্ছ বুলি ভবা বিষয়ত তর্ক বা আলোচনা কৰাৰ কোনো মূল্য দেখা নাপায়৷ গভীৰ অন্তর্দৃষ্টিও মৌনতাৰ কাৰণ হ’ব পাৰে৷ এটা বিষয়ৰ ওপৰত গভীৰ জ্ঞান থকা মানুহে অসাৰ আলোচনাত ভাগ লৈ সময় আৰু শক্তি অপচয় নকৰে৷ এইক্ষেত্রত মৌনতাই স্থিৰতাকহে প্রতিফলিত কৰে, সহমত নহয়৷

কিছুমান বিশেষ পৰিস্থিতিত মৌনতা ভয়ৰ পৰা উদ্ভৱ হয়৷ মাত মতাৰ সম্ভাব্য পৰিণতিৰ প্রতি ভয় কৰি মানুহ মনে মনে থাকে৷ সামাজিক প্রত্যাখ্যানৰ ভয়ত মানুহ মৌন হৈ থাকে৷ গোট বা সমাজৰ লগত নিজা মত ভিন্ন হ’লে অনেকে বহিষৃকত হোৱা, উপহাস বা বিচাৰৰ সন্মুখীন হোৱাৰ আশংকা কৰে৷ তদুপৰি অত্যাচাৰী পৰিৱেশত বা কর্তৃত্বশীল নেতৃত্বৰ অধীনত মানুহে হাৰাশাস্তি বা অন্যান্য নেতিবাচক পৰিণতিৰ ভয়ত নিজৰ মতামত প্রকাশ কৰিবলৈ ভয় কৰিব পাৰে৷ এইক্ষেত্রত মৌনতা একমতৰ চিন নহয়, জীয়াই থকাৰ এক ব্যৱস্থা৷

মৌনতা কেতিয়াবা অৱজ্ঞা৷ অংশীদাৰ হ’বলৈ অস্বীকাৰ কৰিও মানুহে এটাও শব্দ নোকোৱাকৈয়ে অসন্মতি প্রকাশ কৰিব পাৰে৷ অমৌখিক অসন্মতি৷ আন পক্ষ কথোপকথন বা সঁহাৰিৰ যোগ্য নহয় বুলি বিবেচনা কৰি বহুতে মনে মনে থাকে৷

মৌনতা কেতিয়াবা প্রতিবাদ৷ কিছু কিছু ক্ষেত্রত মানুহে ইচ্ছাকৃতভাৱে মৌনতাক প্রতিবাদ, প্রতিৰোধৰ আহিলা হিচাপে ব্যৱহাৰ কৰে, বিশেষকৈ অত্যাচাৰী পৰিস্থিতিত৷ কথা নোকোৱাকৈয়ে তেওঁলোকে কোনো বিশেষ কথা মানি লোৱা নাই বুলি বা কোনো বিশেষ কার্যত অংশ লোৱা নাই বুলি বক্তব্য দি যায়৷ এনেক্ষেত্রত মৌনতা গ্রহণযোগ্যতাৰ চিন নহয়, বৰঞ্চ প্রত্যাখ্যানৰ এক শক্তিশালী আহিলা৷

মানসিক শান্তিৰ চিন নীৰৱতা৷ উচ্চ শক্তিৰ ওপৰত আস্থা নীৰৱতা৷ কিছু লোকৰ বাবে মৌনতা গভীৰ আধ্যাত্মিক বা ব্যক্তিগত বিশ্বাসৰ প্রতিফলন৷ এনে লোকসকলৰ জ্ঞান আৰু প্রজ্ঞাৰ বাবে বাহ্যিক পৰিঘটনাই তেওঁলোকক বিচলিত কৰিব নোৱাৰে৷ তেনেদৰে যিসকল লোক গভীৰভাৱে আধ্যাত্মিক, তেওঁলোকো মৌন হৈ থাকিব পাৰে৷ কাৰণ তেওঁলোকে বিশ্বাস কৰে যে চূড়ান্ত বিচাৰ কোনো মানুহে কৰিব নোৱাৰে, ঈশ্বৰেহে কৰে৷ সেয়েহে তেওঁলোকে কোনো হস্তক্ষেপ বা তর্ক কৰাৰ প্রয়োজন অনুভৱ নকৰে৷ তেওঁলোকে বিশ্বাস কৰে যে সকলো যিদৰে হ’ব লাগে, তেনেদৰেই হ’ব৷

আৱেগ–অভিজ্ঞতা আৰু ব্যক্তিত্বই নির্ণয় কৰে মৌনতা৷ সংঘাত পৰিহাৰ কৰিবলৈ বা সংঘাত ৰোধ কৰিবলৈ মানুহে মাত নমতাকৈ থাকিব পাৰে৷ অনেক আকৌ কিছুমান বিশেষ পৰিস্থিতিত ভীষণ আৱেগিক হৈ পৰে আৰু মতামত প্রকাশ কৰিবলৈ শব্দ বিচাৰি নোপোৱা হয়৷ কিছুমানৰ বাবে মৌনতা কেৱল ব্যক্তিত্বৰ প্রতিফলন৷ অন্তর্মুখী বা লাজুক ব্যক্তিয়ে মাত মাতিব নোৱাৰে, একমত হোৱাৰ বাবে নহয়, ৰাজহুৱাকৈ নিজা মত প্রকাশ কৰিব নোৱাৰাৰ বাবে৷

অর্থাৎ মৌনতাৰ আঁৰৰ মনোবিজ্ঞান সাংঘাতিক ইণ্টাৰেষ্টিং৷ মৌনতা শব্দৰ দৰেই শক্তিশালী এক যোগাযোগ৷ যিখন পৃথিৱীত যোগাযোগত প্রায়েই শব্দৰ আধিপত্য থাকে, সেইখন পৃথিৱীত মৌনতাৰ অর্থ বুজি পোৱাটো অতি গুৰুত্বপূর্ণ৷ মৌনতাই সহমত বুলি ধৰি লোৱাতকৈ প্রসংগ, ব্যক্তি আৰু নীৰৱতাৰ আঁৰৰ সম্ভাব্য কাৰণসমূহ বিবেচনা কৰাটোহে বেছি দৰকাৰী৷ তেতিয়াহে আমি নীৰৱতাৰ জটিলতা সঁচা অর্থত বুজিব পাৰিম৷ আৰু ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব পাৰিম৷ নহ’লে মৌনতাৰো মিছা উদ্ধৃতি হ’ব৷

ফোনঃ ৯৪৩৫০–৪৮৪৮০

Featured