ঐশ্বৰিক শক্তি

সভ্যতাৰ
দোকমোকালিতে মানুহে যিজন সর্বশক্তিমান সৃষ্টিকর্তাৰ অস্তিত্বৰ উমান পাইছিল, সেই পৰম সত্তাৰ স্বৰূপ সম্বন্ধে কিন্তু মানৱ জাতি আজিও নিশ্চিত হ’ব পৰা নাই৷ ঈশ্বৰ–বিষয়ক এই অন্বেষণ বিগত ছয়–সাত হাজাৰ বছৰ ধৰি অব্যাহত আছে৷ ঈশ্বৰ নামৰ পৰম সত্তা নিৰাকাৰ বুলি ঐকমত্যত উপনীত হ’লেও ঐশ্বৰিক শক্তিৰ অভিব্যক্তি সন্দর্ভত মানুহে সীমাহীন ধাৰণা পোষণ কৰি আহিছে৷ সময়ে সময়ে পৃথিৱীত জন্মগ্রহণ কৰা একাংশ জ্ঞানী লোকে এই সন্দর্ভত সর্বসাধাৰণক অনেক কথাই অৱগত কৰি আহিছে যদিও সেইসকলৰ ধ্যান–ধাৰণাত থকা ভিন্নতাই সততে বিভ্রান্তিৰ সৃষ্টি কৰা দৃষ্টিগোচৰ হয়৷ এইখিনিতে এটা কথা মন কৰিবলগীয়া যে গোটেই পৃথিৱীত ঈশ্বৰ সম্পর্কে যিমান চিন্তা–চর্চা হৈছে, তাৰে আধাতকৈ অধিক সম্পন্ন হৈছে একমাত্র ভাৰতবর্ষত৷ কিয়নো ঈশ্বৰীয় চিন্তাৰ বিষয়ত ভাৰতৰ এক সুপ্রাচীন তথা সমৃদ্ধ পৰম্পৰা আছে৷ অৱশ্যে এই পৰম্পৰাৰ ফচল দেশখনৰ পক্ষে সকলো সময়তে কল্যাণকাৰী হৈছে বুলি একে আষাৰে ক’ব নোৱাৰি৷ ঈশ্বৰীয় চিন্তাত ইমানেই বৈচিত্র্যৰ উদ্ভৱ হৈছে যে তাৰ ফলত প্রাচীন সনাতন ধর্মৰ থূলটোৰ পৰাই অগণন শাখা–প্রশাখাই আত্মপ্রকাশ কৰিছে৷ এনে শাখাবিলাকৰ মাজত বহু সময়ত সংঘাতৰো উদ্ভৱ হৈছে, যিয়ে নেকি ঈশ্বৰীয় চিন্তাৰ মূল ধাৰণাটোক ক্ষতিগ্রস্ত কৰিছে৷ ভাৰতীয় সনাতন ধর্মৰ মূল তত্ত্বসমূহৰ ভিতৰত অৱতাৰবাদ অন্যতম৷ এই তত্ত্বৰ একাধিক প্রতীকী অর্থ থকাটো অসম্ভৱ নহয়৷ কিন্তু ইয়াৰ আলমতে ভাৰতভূমিত যুগে যুগে শত–সহস্র অৱতাৰী পুৰুষৰ আৱির্ভাৱ হৈ আহিছে৷ তেওঁলোকৰ মাজৰে একাংশই নিজকে পৰমেশ্বৰৰ অৱতাৰ ৰূপে দাবী কৰাটোও তাৎপর্যপূর্ণ৷ বর্তমান সময়তো গোটেই দেশখনত এনে ঈশ্বৰ–মানৱৰ God-man) সংখ্যা সম্ভৱতঃ হাজাৰৰ কম নহ’ব৷ লক্ষণীয়ভাৱে এওঁলোকৰ অনুগামীৰ সংখ্যাও নিচেই তাকৰ নহয়৷ এই অনুগামীৰ দলসমূহে মূল ভাৰতীয় আধ্যাত্মিক ভাবনাৰ গুৰুত্ব পাহৰি গৈ ভাৰতীয় সমাজখনৰ চিন্তা–বিভ্রান্তিত অশেষ অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে৷ আচল কথাটো হৈছে, এনে প্রতিজন ভক্ত এক ঐশ্বৰিক শক্তিৰ অন্বেষক৷ একোজন ঈশ্বৰ–মানৱে প্রদর্শন কৰা কিছুমান ঐন্দ্রজালিক কার্যকলাপকে ঐশ্বৰিক শক্তিৰ পৰিচায়ক বুলি পতিয়ন গৈ তেওঁলোক বিভ্রান্ত হৈছে আৰু তাৰ ফলত ভাৰতীয় সমাজখনত নিতৌ অনেক কু–সংস্কাৰ সংলগ্ণ হৈ গৈ আছে৷ যিবিলাকৰ সন্মিলিত প্রভাৱত আমাৰ সমাজখন আধ্যাত্মিক চেতনাৰ পৰা কক্ষচ্যুত হৈছে৷ কথিত আছে যে অতীজৰ সনাতন ধর্মৰ হাজাৰবাৰ সংস্কাৰ সাধন হৈছে৷ যদি সেয়ে হয়, তেনেহ’লে বর্তমান সময়ত পূর্বতকৈয়ো প্রভাৱী ৰূপত এক ব্যাপক সংস্কাৰৰ আৱশ্যক হৈছে৷
লক্ষণীয়ভাৱে ভাৰতৰ প্রতিজন ঈশ্বৰ–মানৱে নিজকে ঐশ্বৰিক শক্তিসম্পন্ন ব্যক্তি হিচাপে দাবী কৰি আহিছে৷ তাৰ সমর্থনত তেওঁলোকে এনে কিছুমান কাম কৰি দেখুৱায়, যিবোৰ একোজন নিপুণ যাদুকৰৰ পক্ষেও সম্পন্ন কৰাটো অসম্ভৱ নহয়৷ সেই বুলিয়েই যাদুকৰ একোজনে নিজকে ঈশ্বৰৰ অৱতাৰ বুলি দাবী নকৰে৷ এচাম তথাকথিত ঈশ্বৰ–মানৱে নিজৰ মহত্ত্ব দেখুৱাবলৈ সময়ে সময়ে কিছুমান ভৱিষ্যদ্বাণী কৰা শুনা যায়৷ বর্তমান সময়ত ভৱিষ্যদ্বাণীৰ এক জনপ্রিয় বিষয় হৈছে কলিযুগৰ সমাপ্তি–বিষয়ক৷ হিন্দু ধর্মৰ প্রাচীন শাস্ত্রসমূহে কৈ গৈছে যে কলিৰ শেষত পৰমেশ্বৰ নাৰায়ণে কল্কি অৱতাৰ ধাৰণ কৰিব আৰু তাৰ পাছতে সত্যযুগৰ পুনৰাগমন ঘটিব৷ এই শাস্ত্রোক্ত মতৰ অচিলাতে নিজক ভগৱানৰ কল্কি অৱতাৰৰ ৰূপত প্রতিষ্ঠা কৰিবলৈ কৰা প্রয়াসৰ অন্ত নাই৷ আমি কীর্তনপুথি অথবা ভাগৱতত দশাৱতাৰ আৰু চতুর্বিংশতি অৱতাৰৰ বিষয়েহে পাইছোঁ, কিন্তু একে সময়তে ভগৱন্তৰ সহস্র অৱতাৰৰ কথা পোৱা নাই৷ এই তথাকথিত অৱতাৰী পুৰুষসকলে নিজকে ঐশ্বৰিক শক্তিসম্পন্ন বুলি দাবী কৰি আহিছে৷ নতুবা তেনে ব্যক্তি একোজনৰ নির্বোধ অনুগামীসকলে নিজ নিজ গুৰুক ঈশ্বৰৰ অৱতাৰ সজাবলৈ অহোপুৰুষার্থ কৰি আহিছে৷ এয়া সম্ভৱ হৈছে ঈশ্বৰ নামৰ পৰম সত্তা সন্দর্ভত তিলমাত্রও জ্ঞান নথকাৰ হেতু৷ কীর্তন ঘোষাৰ হৰমোহন অধ্যায়ত সেই পৰমেশ্বৰৰ পৰম শক্তিৰ আভাস দিবলৈ শংকৰদেৱ গুৰুজনাই কৈছে– কটাক্ষতে স্রজে ব্রহ্মাণ্ড কোটি কোটি…৷ আমাৰ তথাকথিত অৱতাৰী পুৰুষসকলে এটা ধূলিকণা স্রজি দেখুৱাব পাৰিবনে? এতেকে পৃথিৱীত পৰমেশ্বৰৰ অৱতাৰ কেৱল অতিকথাৰ mythology) জৰিয়েতেহে সম্ভৱপৰ৷ আধুনিক যুগত কোনোবা ব্যক্তিয়ে ঐশ্বৰিক শক্তি লৈ জন্মগ্রহণ কৰাৰ সম্ভাৱনা কোনো যুক্তিবাদী মনে স্বীকাৰ কৰি ল’ব নোৱাৰে৷ কোনো কোনো ব্যক্তিয়ে কিছুমান অপৌৰুষেয় কার্য সম্পন্ন কৰি দেখুওৱাৰ বিষয়ে মাজে–সময়ে শুনা যায়৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে তেওঁলোক ঐশ্বৰিক শক্তিৰ অধিকাৰী৷ সেইসকল ব্যক্তিয়ে যিবোৰ অলৌকিক কাম কৰি দেখুৱায়, সেইবোৰ কৰা সামর্থ্য ঐশ্বৰিক শক্তিৰ লগত একোপধ্যে তুলনীয় নহয়৷ তেওঁলোকক বৰ বেছি অতিমানৱ আখ্যা দিব পৰা যায়৷
পৃথিৱীত আজিলৈকে যদি কোনো ঐশ্বৰিক শক্তিসম্পন্ন ব্যক্তিৰ চৰিত্র নির্মাণ কৰাত মানুহে সাফল্য আর্জিছে, তেন্তে সেয়া হৈছে একমাত্র শ্রীকৃষ্ণ৷ আনকি ৰামৰ চৰিত্রতো ঐশ্বৰিক শক্তিৰ প্রতিফলন অতি সামান্যভাৱেহে ঘটিছে৷ তাৰ বিপৰীতে কৃষ্ণৰ চৰিত্রত যিমান ঐশ্বৰিক গুণৰ সমাৱেশ ঘটোৱা হৈছে, তাৰ দ্বিতীয় এটা উদাহৰণ পৃথিৱীৰ ক’তো পাবলৈ নাই৷ তেওঁক পৰমব্রহ্মৰ পৰিপূর্ণ অৱতাৰ আখ্যা যিদৰে দিয়া হৈছে, একেদৰে সেই আখ্যা সার্থক কৰি তুলিবলৈ ভাৰতীয় পুৰাণকাৰসকলে যত্নৰ অলপো ত্রুটি কৰা নাই৷ কিন্তু শ্রীকৃষ্ণই তেওঁৰ মনুষ্য জীৱনত যিমানবিলাক লীলা দর্শাই গ’ল, সেয়া কেৱল এক পৌৰাণিক mythological) প্রেক্ষাপটতহে সম্ভৱপৰ৷ জন্মৰ পৰা বৈকুণ্ঠ–প্রয়াণলৈকে এটা মাথোন জীৱনকালত কৃষ্ণৰ চৰিত্রত যিসংখ্যক ঐশ্বৰিক লীলাৰ সংযোজন ঘটোৱা হৈছে, তাৰ বাবেও কিছু ঐশ্বৰিক শক্তিৰ প্রয়োজন৷ সেয়েহে শ্রীকৃষ্ণৰ বিভিন্ন লীলাৰ বর্ণনা থকা ভাগৱতপুৰাণ, মহাভাৰত, হৰিবংশ আদিৰ ৰচয়িতা মহর্ষি বেদব্যাসকো ভগৱানৰ এক অংশ অৱতাৰৰ মর্যাদা প্রদান কৰা হৈছে৷ যথার্থতে ঐশ্বৰিক শক্তিৰ ৰূপ কেনে বিশাল, সেই কথা আংশিকভাৱে হ’লেও উপলব্ধি কৰিবলৈ সমর্থ হৈছিল ব্যাসদেৱ৷ তেওঁৰ দ্বাৰা ৰচিত পূর্বোক্ত গ্রন্থসমূহত এজনা নৰৰূপী ভগৱানৰ মাহাত্ম্য বর্ণনাৰ একো সুযোগেই অথলে যাবলৈ দিয়া হোৱা নাই৷ এনে এজনা ঈশ্বৰৰ কল্পনা কৰিবৰ নিমিত্তেও অপৌৰুষেয় দক্ষতাৰ অধিকাৰী হোৱাটো অপৰিহার্য৷ শ্রীকৃষ্ণৰ চৰিত্র অংকনৰ আন এক তাৎপর্য এয়ে যে কৃষ্ণৰ লীলামালা কেৱল ভূপৃষ্ঠতে আবদ্ধ হৈ থকা নাই৷ বৰং এক মহাজাগতিক প্রেক্ষাপটত সেইসমূহ উপস্থাপন কৰা হৈছে৷ বৈকুণ্ঠনিৱাসী পৰমেশ্বৰ নাৰায়ণ আৰু ব্রজবাসী অথবা দ্বাৰকাধীশ শ্রীকৃষ্ণক সাধাৰণ কলানৈপুণ্যৰে একীভূত কৰি তুলিছে৷ এই সমস্ত ৰচনাৰাজিৰ যেন এটাই উদ্দেশ্য– পাঠকক ঐশ্বৰিক শক্তিৰ পৰিসৰ সম্পর্কে এটা আভাস দিয়া৷ এতিয়া কথা হৈছে, পৌৰাণিক আখ্যানসমূহ এশ শতাংশই প্রতীকাত্মক৷ সেয়ে এইবিলাকক আজিৰ মানুহে আক্ষৰিক অর্থত লোৱাৰ সলনি প্রতীকী ৰূপতে গ্রহণ কৰা বাঞ্ছনীয়৷
আজিৰ পৃথিৱীত যদি সঁচাকৈয়ে কোনোবা ঐশ্বৰিক শক্তিসম্পন্ন ব্যক্তি আছে, তেনে ব্যক্তিৰ প্রথম আৰু প্রধান কর্তব্য হোৱা উচিত এই বিনন্দীয়া পৃথিৱীখনক বিনাশৰ আশংকাৰ পৰা মুক্ত কৰা৷ তদুপৰি এক লাখ বা দুই লাখ মানুহৰ নহয়, সমগ্র বিশ্বৰ সর্বমুঠ সাতশ নবৈ কোটি মানুহৰ মনবোৰ ঘৃণামুক্ত কৰি প্রেমৰ ভাবেৰে পূর্ণ কৰি তোলাৰ নিমিত্তেও ঐশ্বৰিক শক্তিৰ প্রয়োগ হোৱা বাঞ্ছনীয়৷ কোনো ব্যক্তি যদি সঁচা অর্থত ঐশ্বৰিক শক্তিসম্পন্ন হয়, তেনেহ’লে তেওঁৰ মহিমা পৃথিৱীৰ এচুকত সীমাবদ্ধ হৈ নাথাকে৷ কিয়নো ঈশ্বৰেই একমাত্র সত্তা, যাক স্থান–কালে সীমিত কৰি ৰাখিব নোৱাৰে৷ গীতাত শ্রীকৃষ্ণই দুষ্টক দমন আৰু শিষ্টক পালনৰ কথা কৈছিল৷ আজিৰ পৃথিৱীত এই বাণীৰ প্রাসংগিকতা অতিশয় অনুভূত হৈছে৷ মানৱতাবিৰোধী শক্তিসমূহৰ প্রবল উত্থানত আজি বিশ্ববাসী সন্ত্রষ্ট হৈ পৰিছে৷ পিছে দুষ্ট লোক আৰু জাতিবোৰক দমন কৰিবৰ সামর্থ্য বিশিষ্ট কোনো দিব্য অমোঘ শক্তিৰ অভ্যুদয়ৰ লক্ষণ অদ্যাপি দৃষ্টিগোচৰ হোৱা নাই৷ একাংশ ভাৰতীয় আধ্যাত্মিক সংগঠনে কেৱল এটা কথাই দোহাৰি আছে যে কলিযুগৰ অন্ত পৰিবলৈ সৰহ দিন নাই৷ কিন্তু এই কথাষাৰ আমি বিগত অর্ধশতাব্দী ধৰি শুনি আহিছোঁ৷ অৱশ্যে এটা কথাত নিশ্চয় কোনেও দ্বিমত প্রকাশ নকৰে যে এতিয়া গোটেই পৃথিৱীজুৰি ঘোৰ কলিকাল চলি আছে৷ ক’ভিডৰ মহামাৰ তাৰে নিশ্চিত লক্ষণ বুলি এচাম ধার্মিক লোকে সৰলতাৰে বিশ্বাস কৰে৷
কথা হৈছে, এই মহাবিশ্বৰ সৃষ্টি, পালন আৰু বিনাশ সম্বন্ধে শুদ্ধ ধাৰণা আয়ত্ত কৰাটো আজিলৈকে কোনো মানুহৰ পক্ষেই সম্ভৱ হৈ উঠা নাই৷ এতেকে প্রকৃত ঐশ্বৰিক শক্তিৰ আভাস পোৱাটো মানৱীয় সামর্থ্যৰ ঊর্ধ্বৰ কথা বুলি মোৰ বিশ্বাস৷ যিসকল অল্পমতি লোকে নিজকে ঈশ্বৰৰ অৱতাৰ বুলি জাহিৰ কৰিব খোজে, তেওঁলোকে প্রকাৰান্তৰে ঐশ্বৰিক মহিমাকে তাচ্ছিল্য কৰে৷ তদুপৰি মই আৰু এটা কথা দৃঢ়তাৰে বিশ্বাস কৰোঁ আৰু সেইটো হৈছে– ঈশ্বৰ–বিষয়ক কোনো তত্ত্বই স্বয়ংসম্পূর্ণ নহয়৷ অজ্ঞেয়তাবাদেই Agnosticism) সম্ভৱতঃ ঈশ্বৰ সম্পর্কে মানুহৰ সর্বশ্রেষ্ঠ ধাৰণা৷ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলীত অজ্ঞেয়তাবাদী চিন্তাৰ প্রতিফলন সততে প্রকট হৈ উঠে৷