বেলিৰ সমানে সমানে

🔹 ড০ পার্থসাৰথি মহন্ত

আইকাৰাচ৷ গ্রীক উপাখ্যানৰ এটা ইণ্টাৰেষ্টিং চৰিত্র৷ আকাশত উৰিছিল৷ বেলিৰ সমানে সমানে উৰিব খুজিছিল৷ আইকাৰাচ আছিল ডেইডালাচৰ পুত্র৷ ডেইডালাচ আছিল এজন সুনিপুণ স্থপতিবিদ৷ এজন সুদক্ষ কাৰুশিল্পী৷ তেওঁ আছিল জ্ঞান, বিদ্যা আৰু বুদ্ধিৰ প্রতীক৷ ক্রীটৰ ৰজা মাইনচে এবাৰ ডেইডালাচ আৰু আইকাৰাচক এখন অতিগহন প্রদেশত বন্দী কৰি থৈছিল৷ তাৰ পৰা পলোৱাৰ এটাই উপায় আছিল৷ আকাশেদি উৰি যোৱা৷ আকাশী পথেই আছিল একমাত্র ৰাস্তা৷ চৰাইৰ পাখি আৰু মমেৰে ডেইডালাচে সৃষ্টি কৰিলে ডেউকা৷ পিতা–পুত্র দুয়োৱে পিন্ধি ল’লে৷ লগতে আইকাৰাচক দঢ়াই দঢ়াই ক’লে, ‘উৰি যাওঁতে সূর্যৰ পৰা যিমান পাৰা আঁতৰত থাকিবা৷’ আকাশত উৰিবলৈ পাই আইকাৰাচে দেউতাকৰ সাৱধানবাণী পাহৰি থাকিল৷ আইকাৰাচৰ এনে লাগিল যেন তেৱেঁই আকাশৰ ৰজা৷ সূর্য কোন? তেওঁ সূর্যৰ সমানে উৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু সূর্যৰ তাপত মমখিনি গলি গ’ল আৰু ডেউকা সুলকি পৰি আইকাৰাচ আকাশৰ পৰা সাগৰত সৰি পৰিল৷ সাগৰৰ অটল গভীৰতাত ডুব গ’ল আইকাৰাচৰ ক্ষণিকৰ অহংকাৰ৷
এতিয়া বহু আইকাৰাচ হ’ল৷ আমি আজিকালি আইকাৰাচ পায়েই থাকোঁ৷ পদ–পদবী, ধন–টকা–পইচা–ক্ষমতাই অহৰহ সৃষ্টি কৰি আছে আইকাৰাচ৷ এটা পদ, অলপ ক্ষমতা কি পালে, মানুহ পাগল হৈ যায়, দম্ভালি বাঢ়ি যায়, অহংকাৰী হৈ যায়৷ বাধাহীন আচৰণ৷ তেওঁলোকে ভালদৰেই জানে যে তেওঁলোকৰ আচাৰ–ব্যৱহাৰ অভদ্র হৈছে, অসভ্য হৈছে৷ তেওঁলোকে পাত্তা নিদিয়ে৷ নিজকে তেওঁলোকে নিয়ন্ত্রণ নকৰে, বাধা নিদিয়ে৷ তেওঁলোক সংযমী হোৱাৰ প্রয়োজন নাই৷ সেইবোৰ প্রয়োজন তেওঁলোকে বোধ নকৰে৷ তেওঁলোকৰ ভাব– পদ–পদবী পাইছে যেতিয়া তেওঁলোকে অভদ্রামি কৰাৰো লাইচেঞ্চ পাইছে৷ বাধাহীন অসভ্যালি৷
ক্ষমতাই মূৰত ধৰে৷ কেনেকৈ ধৰে? ক্ষমতাই আত্মবিশ্বাস বঢ়াই দিয়ে৷ অভাৱনীয়ভাৱে৷ মই এইটোও কৰিব পাৰোঁ নেকি? মই এইটোও কৰিব পাৰোঁ, সেইটোও কৰিব পাৰোঁ মোক কোনেও প্রশ্ণ কৰিব নোৱাৰে৷ এই যে কোনেও মোক একো সুধিব নোৱাৰে, মোৰ আত্মবিশ্বাস বাঢ়ি যায়৷
লগতে আৰু এটা কথা হয়৷ যিহেতু মোক কোনেও একো সুধিব নোৱাৰে, মই কেৰেপ নকৰা হৈ পৰোঁ৷ মোক কাৰো ফিডবেক নালাগে৷ কাৰ কি প্রতিক্রিয়া মোক একো দৰকাৰ নাই৷ মোৰ সিদ্ধান্ত, মোৰ কাম–কাজৰ প্রতিক্রিয়া–পার্শ্বক্রিয়া কি হ’ল মই যেতিয়া মূৰ নঘমোৱা হওঁ, তেতিয়া– মই কি সিদ্ধান্ত লওঁ, তাৰো একো নিশ্চয়তা নোহোৱা হয়৷ মোৰ সিদ্ধান্তত, মোৰ কাম–কাজত ভুল হ’বলৈ আৰম্ভ কৰে৷ যুক্তিসংগতভাৱে সিদ্ধান্ত গ্রহণৰ প্রৱণতা মোৰ প্রায় নাইকিয়া হৈ যায়৷
ইয়াৰ কাৰণ হ’ল, আনৰ প্রতি আমাৰ উৎসাহ, আগ্রহ কমি যায়৷ আনৰ কি হৈছে, নাই হোৱা তাৰ প্রতি আমাৰ কোনোধৰণৰ আগ্রহ নোহোৱা হয়৷ আন মানুহখিনি কি সুবিধা–কি অসুবিধাত আছে, জনাৰেই ইচ্ছা নোহোৱা হৈ যায়৷ আনৰ প্রতি আমি ইমানেই অনাসক্ত হৈ পৰোঁ যে আমাৰ কাম–কাজৰ পৰা যদি তেওঁলোকৰ অপকাৰো হৈছে, আমি পাত্তা নিদিওঁ৷
কাৰণ আমি আপোনপেটীয়া হৈ পৰোঁ৷ ক্ষমতাই আমাক আত্মকেন্দ্রিক কৰি তোলে৷ মই৷ মইহে ইম্প’র্টেণ্ট৷ মোৰ ভাল হ’ব লাগে৷ মই বিচৰা ধৰণে৷ মোক যেনেকৈ লাগে তেনেকৈ৷ মোৰ পেটটো ভৰিলেই হ’ল৷ কেৱল মোৰ পেট৷ বচ্৷
অলীক নিয়ন্ত্রণ অনুভূতি৷ অলপ ক্ষমতা পালেই আমাৰ এই অনুভূতি হয়৷ আমাৰ ধাৰণা হয়– ময়েই সকলো নিয়ন্ত্রণ কৰোঁ৷ কেৱল সিদ্ধান্তই নহয়, ফলাফলো ময়েই নিয়ন্ত্রণ কৰোঁ৷ ইচ্ছা, সিদ্ধান্ত, কার্য, পৰিণতি– সকলো মোৰ নিয়ন্ত্রণত৷ নিজৰ বিষয়ে সৃষ্টি হোৱা এই ধাৰণাৰ বাবেই নেপোলিয়নে প্রচণ্ড শীতত ৰাছিয়া আক্রমণ কৰিছিল৷ টাইটানিকৰ কেপ্টেইনে সাগৰত লুকাই থকা তুষাৰস্তূপৰ আগজাননী অৱজ্ঞা কৰিছিল৷
ক্ষমতা সাঁথৰ৷ এক অদ্ভুত প্রপঞ্চ৷ আমি যেতিয়া ক্ষমতা পাওঁ, আমাৰ স্বভাৱ নেতিবাচক হৈ পৰে৷ আমি ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ৷ সীমা নোহোৱা অপব্যৱহাৰ৷ অৱস্থা এনেকুৱা হয়গৈ যে এটা সময়ত আমি ক্ষমতা হেৰুৱাই পেলাওঁ৷ এটা সৰু উদাহৰণ লওঁ৷ ২০১২ চনত কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ত এটা গৱেষণা হৈছিল৷ দামী গাড়ী আৰু সাধাৰণ গাড়ী চলোৱা কিছু লোকক লৈ৷ দেখা গ’ল, সাধাৰণ গাড়ী চলোৱা লোকসকলতকৈ বি এম ডব্লিউ, মার্চিডিজ আদি দামী গাড়ী চলোৱা লোকসকলৰ তিনিআলি, চাৰিআলিত ট্রেফিক লাইট নমনাৰ প্রৱণতা চাৰিগুণ বেছি৷ গাড়ী এখনতে এই অৱস্থা৷ ডাঙৰ ক্ষমতা পালে কি হ’ব?
আমাৰ যেতিয়া ক্ষমতা নাথাকে, আমি আনক লৈ বেছি সচেতন৷ আমি আনৰ কাৰণে, সকলোৰে কাৰণে, সমাজৰ কাৰণে কাম কৰিব খোজোঁ৷ কিবা নহয় কিবা এটা অৱদান আগবঢ়াব খোজোঁ৷ আমি সকলোৰে কথা শুনো, সকলোকে লগত লৈ আগবাঢ়িব খোজোঁ৷ কিন্তু ক্ষমতা পোৱাৰ লগে লগে আমি সলনি হৈ যাওঁ৷ আমাৰ চিত্ত বিভ্রম হয়৷ একপ্রকাৰ বাতুলতা হয়৷ আমি কেৱল নিজৰ ইচ্ছা–আকাংক্ষাক লৈ ব্যস্ত হৈ পৰোঁ৷ আমি হৈ পৰোঁ এক উন্মাদ আত্মকেন্দ্রিক৷
আন এজন মার্কিন মনোবিজ্ঞানী আডাম গেলিনস্কিয়েও এটা ৰঞ্জক গৱেষণা কৰিছিল৷ তেওঁ ক্ষমতাশালী আৰু ক্ষমতাহীন লোকৰ দুটা দল গোটাই ল’লে৷ প্রত্যেককে নিজৰ নিজৰ কপালত যিকোনো এটা আখৰ লিখিবলৈ দিলে৷ প্রত্যেকেই লিখিলে৷ ক্ষমতাহীন লোকসকলে গোট গোটকৈ৷ আনে বুজি পোৱাকৈ লিখিলে৷ কিন্তু ক্ষমতাশালী লোকসকলে এনেই লিখি থ’লে৷ আনে আখৰটো চিনি পাব নে নাই তেওঁলোকৰ কাৰণে একো নাই৷ মানে এক আইকাৰাচ প্রৱণতা৷
একো একোটা আইকাৰাচ৷ আইকাৰাচৰ ডেউকা মমেৰে লগোৱা আছিল, মানে ক্ষমতা৷ মম গলিল মানে ক্ষমতাও গলিল৷
মমৰ ক্ষমতাৰে বেলিৰ সমানে সমানে উৰিবলৈ নোযোৱাই ভাল৷

Featured