আই পি এৰ গ্লেমাৰাছ মহিলা মালিকসকল…

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ আই পি এলত কেৱল ক্ৰিকেটৰ ৰোমাঞ্চ নহয়, গ্লেমাৰৰ যাদুও উপভোগ কৰিব পাৰি। এই মেগা টি-২০ লীগৰ জৰিয়তে বহু প্ৰতিষ্ঠানৰ মালিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। চাওঁ আহক টুৰ্ণামেণ্টৰ সবাতোকৈ হট মহিলা মালিককেইগৰাকীৰ তালিকাখন।

শিল্পা ছেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই ৰাজস্থান ৰয়েলছৰ ১১.৭ শতাংশ অংশীদাৰী ক্ৰয় কৰিছিল। শিল্পাক বহু সময়ত নিজৰ টীমক উৎসাহিত কৰা দেখা গৈছে। অৱশ্যে স্পট ফিক্সিঙৰ বাবে টীমটোক দুবছৰৰ বাবে নিষিদ্ধ কৰাত দম্পতিৰ মালিকীস্বত্ত শেষ হৈছে।

জুহী চাৱলা আইপিএল টীম কলকাতা নাইট ৰাইডাৰ্ছৰ সহ-মালিক। কেকেআৰ টীমত অভিনেতা শ্বাহৰুখ খানৰ সৈতে তেওঁৰ অংশীদাৰীত্ব।

গায়ত্ৰী ৰেড্ডী ডেক্কান ক্ৰনিকেলৰ মালিক টি ভেংকেটৰাম ৰেড্ডীৰ জীয়ৰী। তেওঁ আইপিএল টীম ডেক্কান চাৰ্জাৰ্ছৰ মালিক আছিল। খেলৰ সময়ত বহুবাৰ তেওঁক দেখা গৈছিল। অনুৰাগীয়ে তেওঁক দক্ষিণ ভাৰতীয় অভিনেত্ৰী বুলি ভাৱিছিল। খেলুৱৈৰ নিলামীতো তেওঁক দেখা গৈছিল। ২০১২ চনত টীমটো নোহোৱা হয়।

প্ৰীতি জিণ্টাক আইপিএলৰ সকলোতকৈ সুন্দৰী তথা গ্লেমাৰাছ মালিক বুলি কোৱা হয়। বলীউডৰ ডিম্পল গাৰ্লজনী পাঞ্জাব কিংগছৰ মালিক। নিজৰ দলক উৎসাহিত কৰিবলৈ প্ৰীতিয়ে কোনো কছৰং কম নকৰে।

কাব্যা মাৰণ ছান গ্ৰুপৰ মালিক কলানিধি মাৰণৰ জীয়ৰী। ছানৰাইজ হায়দৰাবাদ তেওঁৰে টীম। ২৯ বছৰীয়া কাব্যা ছান মিউজিকৰ সৈতে জড়িত। ২০১৮ চনত নিজৰ দলক উৎসাহিত কৰিবলৈ প্ৰথমবাৰ টেলিভিছনৰ সন্মুখত ধৰা দিছিল কাব্যাই।