কথায় প্ৰতি খং উঠেঃ কেনেদৰে খং নিয়ন্ত্ৰণলৈ আনিব

কথায় কথায় খং উঠে বহুতৰে। খং প্রকাশৰ ধৰণ বেলেগ হয় ব্যক্তি বিশেষে। কাৰোবাৰ খং কিছু ক্ষণৰ ভিতৰতে ঠাণ্ডা হয়। আকৌ বহুতেই খঙত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰা হয়। বহুক্ষেত্রতেই ৰাগৰ বহিঃপ্রকাশ ঘটে সন্তানৰ সম্মুখত। শিশু মনত আঘাত লাগিলে দীর্ঘদিন ধৰি তেওঁলোকে সেই খং পুহি ৰাখে। ইপিনে, কেতিয়াবা বহু ক্ষণ ধৰি বুজোৱাৰ পাছতো সন্তানটিয়ে একোতেই বুজিব নিবিচাৰিলে খং উঠা স্বাভাবিক। কি ভাবে খং নিয়ন্ত্রণ কৰিব?


১) খং উঠিলে সন্তানৰ পৰা দূৰত্ব বজাই ৰাখিব। প্রয়োজনত আন এটা ঘৰলৈ গুচি যাব। যাতে সন্তানক কোনো আঘাত কৰাৰ বিপৰীতে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে।
২) বেলেগ এটা ঘৰলৈ গৈ ঠাণ্ডা মগজুৰে কিছু ক্ষণ ভাবক। কি কাৰণত আপুনি খং কৰিছে সেই বিষয়ত মূৰ নঘমাই কিদৰে সমস্যাৰ সমাধান হ’ব, তাকে লৈ মনোযোগী হওক। প্রয়োজনত চকুৱে-মুখে পানী ঢালক।
৩) যোগাসন কৰিলেও ৰাগ-খং নিয়ন্ত্রণত থাকে। আৰু ধৈর্য বৃদ্ধি পায়। সদায় নিয়মকৈ ধ্যান কৰক কিছু সময়। আপোনাৰ ৰাগ কমিবই।