মহে যদি ভাঙিছে আপোনাৰ টোপনি, তেন্তে গ্ৰহণ কৰক এইকেইটা ঘৰুৱা প্রতিকাৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ আপুনি যদি ভাৱে সদায়ে আমনি কৰি থকা মহবোৰক মাৰি শেষ কৰি দিম তেন্তে সেয়া আপুনি ভুল ভাবিছে । কিয়নো বিবিচিত প্ৰকাশিত বাতৰি অনুসৰি, সমগ্ৰ বিশ্বত মহৰ প্ৰায় ৩৫০০ টা প্ৰজাতি আছে । যাৰ ভিতৰত সকলো মহেই মানুহক নাকামোৰে । ইয়াৰ একাংশই ফলমূল আৰু ফুলৰ ৰস খাই জীয়াই থাকে ।

কিন্তু দৈনিক মানৱ দেহৰ তেজ খাই জীয়াই থকা মহবোৰৰ পৰা বাচিবলৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰা এটা বিশেষ ক্ৰীম দেহত লগাই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

উল্লেখ্য যে ঘৰত অতি সহজতে পোৱা নীম হৈছে মহৰ পৰা পৰিত্ৰাণৰ এক উপায় । নীম আৰু নাৰিকলৰ তেলৰ এক সংমিশ্ৰণ প্ৰস্তুত কৰি ক্ৰীমৰ দৰে তাক খালী দেহত লগালে মহে নাকামোৰে । যি প্ৰায় ৮ ঘণ্টালৈকে কাম কৰিব ।

লগতে কাপোৰ জ্বলাইয়ো মহ খেদিব পৰা যায় । এখন কাপোৰ জ্বলাই ১৫-২০ মিনিট সময় থৈ দিলেও ৰূমৰ পৰা মহ নোহোৱা হয় ।