হতাশাৰ বিষণ্ণ ঋতু

-হোমেন বৰগোহাঞি

আজিৰ পৰা প্রায় তেইশ বছৰ আগতে মই চৰকাৰী চাকৰি ত্যাগ কৰি সাংবাদিকৰ বৃত্তি গ্রহণ কৰিছিলোঁ৷ বিবেকৰ কি ধৰণৰ তাড়নাত মই চৰকাৰী চাকৰি ত্যাগ কৰিছিলো সেই কথা তেতিয়াই মই ‘বিভিন্ন নৰক’ নামৰ কিতাপত লিখিছিলোঁ৷ পঁচিশ বছৰৰ আগতে প্রকাশিত কিতাপখন এতিয়া বহুতে পঢ়িবলৈ নাপাবও পাৰে৷ সেই কাৰণে মই আজি যি কথা ক’বলৈ ওলাইছো সেই কথা কোৱাৰ আগতে ‘বিভিন্ন নৰক’ৰ প্রাসংগিক কথাকেইটা প্রথমে কৈ ল’ব খোজোঁ৷ চৰকাৰী চাকৰি কৰোঁতে মই প্রতিটো মুহূর্ত বিবেকৰ দংশনত অতিষ্ঠ হৈ আছিলোঁ৷ কিন্তু সেই দংশন অসহ্য হৈ উঠিল– যেতিয়া এবাৰ মোক অনাহাৰত মৰা মানুহৰ মৃত্যুক গ্রহণী ৰোগত হোৱা মৃত্যু বুলি প্রতিবেদন দিবলৈ বাধ্য কৰোৱা হ’ল৷ অসহ্য মানসিক যন্ত্রণাত সেই সময়ত মই ‘পার্টি’ নামৰ এখন ৰচনাত লিখিছিলোঁ ঃ ‘সিদিনা মাত্র পহুমৰাত পাঁচটা মানুহ খাবলৈ নাপাই মৰিল৷ খাদ্যৰ অভাৱ নাছিল৷ অভাৱ আছিল মাত্র চৰকাৰী কর্ম–তৎপৰতাৰ, সামাজিক বিবেক আৰু সততাৰ, মানৱীয় সহানুভূতিৰ৷ চৰকাৰী তদন্ত হ’ল দোষীক শাস্তি দিবৰ কাৰণে নহয়, শাসক দলৰ আত্ম–সমালোচনাৰ কাৰণে নহয় তদন্তৰ প্রহসন চলিল কেৱল মূর্খ দৰিদ্র অসহায় জনসাধাৰণৰ চকুত ধূলি দিবৰ কাৰণে৷ পার্টিৰ মিছা ইজ্জৎ বচাবলৈ গৈ শাসক দলে আজি যি ঘৃণ্যতম অসত্যৰ আশ্রয় ল’লে সেই পাপৰ প্রায়শ্চিত্ত কৰিব লাগিব ৰক্তৰ নদীত স্নান কৰি৷ ই ইতিহাসৰ অমোঘ বিধান৷ তাৰ পৰা কাৰো নিস্তাৰ নাই৷ শাসক দল এতিয়াও সাৱধান হওক৷ যি মুখেৰে তেওঁলোকে গান্ধীৰ নাম লয় সেই মুখেৰে নিজৰ পাপ প্রকাশ্যে স্বীকাৰ কৰক৷ ক্ষুধিতৰ ক্রোধাগ্ণিস্বৰূপ আসন্ন প্রলয়ৰ পৰা ৰক্ষা পাবৰ একমাত্র উপায় হ’ল শাসক দলৰ আত্ম–সমালোচনা আৰু আত্ম–শুদ্ধি৷ বাহিৰত দেখাত দেশ এতিয়াও শান্ত৷ কিন্তু মাটিত কাণ পাতিলেই শুনা যায় তলে তলে এটা গুৰু গুৰু ধ্বনি উঠিছে৷ বিৰাট ভূমিকম্পৰ পূর্বাভাস৷ প্রকৃতি নিষ্ঠুৰ, অন্ধ আৰু উদাসীন৷ সি দোষী–নির্দোষী সকলোকে সমানে ধ্বংস কৰে৷’
মই এই কথাখিনি লিখিছিলোঁ আৰু প্রকাশ কৰিছিলোঁ ১৯৬৪ চনত৷ তাৰ কেইবছৰমানৰ পিছতে আৰম্ভ হ’ল নক্সাল বিদ্রোহ– আজিলৈকে যাৰ অন্ত পৰা নাই৷ অসমৰ আলফা বিদ্রোহো হতাশাৰ শেষ সীমাত উপনীত হোৱা মানুহৰ ৰক্তাক্ত প্রতিবাদৰ শেহতীয়া পর্যায় মাত্র৷ সত্তৰৰ দশকতে দেশত যি হিংসাৰ যুগ আৰম্ভ হৈছিল তাৰ পৰা আলফা বিদ্রোহ এটা বিচ্ছিন্ন আৰু বিক্ষিপ্ত ঘটনা নহয়৷ কিন্তু মই দাবী কৰিব খোজোঁ যে ১৯৬৪ চনতেই মই এইবোৰ ঘটনাৰ পূর্বাভাস দেখিবলৈ পাইছিলোঁ কিছুমান মানুহে যে ৰক্তৰ নদীত স্নান কৰিব লাগিব সেই কথা মই তেতিয়াই অনুমান কৰিছিলোঁ৷ কিন্তু সেইবুলি ভৱিষ্যদ্বাণী কৰিব পৰা কোনো অতি–প্রাকৃতিক শক্তি মোৰ আছে বুলি মই দাবী কৰিব নোখোজোঁ৷ মই কেৱল সকলো কথা অতি তীব্রভাৱে অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ৷ সকলো কথা নির্মোহ আৰু নিৰাৱেগ দৃষ্টিৰে চাবলৈ চেষ্টা কৰোঁ৷
চৰকাৰী চাকৰি এৰি সাংবাদিকতালৈ আহিবৰ সময়ত মই আছিলো এজন খঙাল ডেকা মানুহ৷ মোৰ মনত খঙৰ জুই আছিল লগতে আছিল বিপুল আশা আৰু উদ্দীপনা৷ মোৰ মনত তেতিয়া এনে এটা স্পর্ধা আছিল কেৱল খঙৰ জুইৰেই সমাজৰ গেলা–পচা আৱর্জনাবোৰ পুৰি ছাই কৰি সমাজখন নিকা আৰু সুন্দৰ কৰি তোলা সম্ভৱ বুলি মই বিশ্বাস কৰিছিলোঁ৷ মই কোনোদিনেই বিপ্লৱী নাছিলোঁ৷ মই বৰং ফেবিয়ান সমাজবাদী ছিড্নি ওৱেবৰ inevitability of gradualness-ৰ তত্ত্বৰ সমর্থক আছিলোঁ৷ জীৱনৰ অন্যান্য সকলো ক্ষেত্রৰ দৰেই সমাজ–সংস্কাৰৰ ক্ষেত্রতো একমাত্র মধ্যম পন্থাই আদর্শনীয় আৰু সকলো ধৰণৰ উগ্রপন্থা বর্জনীয় বুলি মই বিশ্বাস কৰিছিলোঁ৷ মই ভাবিছিলোঁ যে কিছুমান মানুহে অবিৰামভাৱে দুর্নীতিৰ (‘দুর্নীতি’ শব্দটো মই ইয়াত ব্যাপকতম অর্থত ব্যৱহাৰ কৰিছোঁ) বিৰুদ্ধে তেওঁলোকৰ লেখনীৰে যুঁজ কৰি থাকিলে দুর্নীতিক সম্পূর্ণভাৱে নির্মূল কৰা সম্ভৱ নহ’লেও তাক নিয়ন্ত্রিত কৰি ৰখা সম্ভৱ হ’ব, আৰু তেতিয়াহ’লেও মানুহৰ দুখ–দুর্গতিৰ অন্ততঃ কিছু পৰিমাণে হ’লেও মোচন হ’ব৷ কিছুমান মানুহে ভাবে যে দুর্নীতি পুঁজিবাদী সমাজ–ব্যৱস্থাৰ এটা ৰোগ মাত্র৷ পুঁজিবাদক উৎখাত কৰি তাৰ ঠাইত সমাজবাদ প্রতিষ্ঠা কৰিব পাৰিলেই দুর্নীতি আপোনাআপুনি নোহোৱা হ’ব৷ মই এনে কথাত কেতিয়াও বিশ্বাস কৰা নাছিলোঁ৷ ছোভিয়েট ৰাছিয়াত কমিউনিজমৰ পতনৰ পিছত এতিয়া এই কথা ওলাই পৰিছে যে কমিউনিষ্ট ৰাষ্ট্রৰ লৌহ–যৱনিকাৰ অন্তৰালত দুর্নীতিৰ অবাধ ৰাজত্ব চলিছিল আৰু এই দুর্নীতিও ছোভিয়েট ৰাছিয়াৰ অর্থনৈতিক ব্যৱস্থা ভাগি পৰাৰ এটা প্রধান কাৰণ৷ এই ঘটনাই প্রমাণ কৰিলে যে কেৱল বাহিৰৰ পৰিৱর্তনে অর্থাৎ সমাজ–ব্যৱস্থাৰ পৰিৱর্তনে মানুহৰ স্বভাৱ–চৰিত্রৰ কোনো মৌলিক পৰিৱর্তন সাধন কৰিব নোৱাৰে৷ সি যি কি নহওক, মই এতিয়া যিটো কথা ক’ব খুজিছো সেইটো হ’ল এই ঃ তেইশ বছৰৰ আগতে সাংবাদিকতাৰ বৃত্তি গ্রহণ কৰিবৰ সময়ত মোৰ মনত যি দুৰন্ত খঙৰ জুই আছিল এতিয়া তাৰ ঠাই লৈছে গভীৰ বিষাদৰ বৰফে তেতিয়া মোৰ যি উজ্জ্বল আশাবাদ আছিল এতিয়া তাৰ ঠাই লৈছে বিষণ্ণ হতাশাই৷ তাৰ প্রধান কাৰণটো হ’ল এই যে আমাৰ নিচিনা হেজাৰ লেখক আৰু সাংবাদিকে হেজাৰ হেজাৰ বাতৰিকাকতত দুর্নীতিৰ বিৰুদ্ধে অবিৰাম চিঞৰ–বাখৰ কৰি থকা সত্ত্বেও যোৱা তেইশ বছৰত দুর্নীতি তিলমাত্র কম দূৰৰ কথা, সি তেইশ শ গুণ বাঢ়িছেহে৷ অর্থাৎ দুর্নীতিৰ বিৰুদ্ধে যুদ্ধত আমি সম্পূর্ণৰূপে পৰাজিত৷ মোৰ মনত এতিয়া এই দৃঢ় প্রত্যয় জন্মিছে যে সাংবাদিক বা সংবাদ–পত্রই ক্ষমতাৰ সংগ্রামত অবিৰামভাৱে লিপ্ত থকা সুবিধা–ভোগী শ্রেণীটোৰ কোনো বিশেষ গোষ্ঠী বা ব্যক্তিক সাময়িকভাৱে সহায় কৰিব পাৰে বা সাময়িকভাৱে তেওঁৰ ক্ষতি সাধন কৰিব পাৰে কিন্তু সংবাদ–পত্রই সর্বসাধাৰণ মানুহৰ বিশেষ একো উপকাৰ সাধিব নোৱাৰে৷ অন্ততঃ ভাৰতীয় সাংবাদিকতাৰ অভিজ্ঞতাই আমাক এই শিক্ষাই দিয়ে৷
মানুহৰ চকুৰ আগত যেতিয়ালৈকে এক বা একাধিক বিকল্প সম্ভাৱনাৰ পথ মুকলি হৈ থাকে তেতিয়ালৈকে মানুহে আশা হেৰুৱাই নেপেলায়৷ যেতিয়া এটা এটাকৈ সকলো বিকল্প পথ ৰুদ্ধ হৈ যায় কেৱল তেতিয়াহে হতাশাই মানুহক গ্রাস কৰি ধৰে৷ আমি যিসকল লোক কমিউনিষ্ট নহওঁ বা মার্ক্সবাদত বিশ্বাসী নহওঁ, তেওঁলোকেও কিন্তু কমিউনিষ্ট ৰাষ্ট্রবোৰলৈ ব্যাকুল দৃষ্টিৰে চাই আছিলোঁ কেৱল এই আশাত যে একমাত্র কমিউনিষ্ট সমাজ–ব্যৱস্থাৰ শক্তি বৃদ্ধি আৰু সাফল্যইহে পুঁজিবাদী দেশবোৰৰ ঔদ্ধত্য আৰু আতিশয্যক এটা নির্দিষ্ট সীমাৰ ভিতৰত নিয়ন্ত্রিত কৰি ৰাখিব পাৰিব৷ কমিউনিজমৰ বহুতো দোষ–ত্রুটি থাকিব পাৰে কিন্তু তাৰ অর্থ এই নহয় যে ভোগবাদ–সর্বস্ব পুঁজিবাদক সমগ্র পৃথিৱীৰ দখল এৰি দিব লাগিব৷ মই কমিউনিজমৰ অন্ধ ভক্ত নহওঁ৷ সেই কাৰণে কেইবছৰমানৰ আগতে মই লিখিছিলোঁ ঃ ‘পুঁজিবাদী সমাজ–ব্যৱস্থাৰ মূল নীতি হ’ল সীমাহীনভাৱে ধন–সম্পত্তি ঘটাৰ অবাধ স্বাধীনতা– যি স্বাধীনতা অৱশেষত পর্যবসিত হয় ধন–সম্পত্তি বা মানুহৰ জীৱনক লৈ যি খুচি তাকে কৰাৰ অক্ষমণীয় লাইচেঞ্চত৷ পুঁজিবাদে সৃষ্টি কৰে এনে এখন খাদক সমাজ– যি সমাজে কেৱল চর্ব্য–চোয্য–লেহ্য পেষকেই ভক্ষণ কৰি ক্ষান্ত নাথাকি অৱশেষত ভক্ষণ কৰিবলৈ আৰম্ভ কৰে স্বয়ং জীৱনকেই৷’ পুঁজিবাদ আৰু সমাজবাদৰ প্রতিযোগিতা আছিল আমাৰ যুগৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু গুৰুত্বপূর্ণ ঘটনা৷ এই প্রতিযোগিতাৰ শেষ পৰিণতি দেখিবলৈ আমি জীয়াই নাথাকিলেও সি সমগ্র মানৱ–সমাজৰ কাৰণেই এক নতুন দিগন্ত উন্মোচিত কৰিব বুলি আমি আশা কৰিছিলোঁ৷ কিন্তু প্রতিযোগিতা ভালকৈ আৰম্ভ নৌহওঁতেই ছোভিয়েট ৰাছিয়াত কমিউনিজমে পৰাজয় স্বীকাৰ কৰি আৰু ৰণভংগ দি আমাৰ হতাশাক আৰু বেছি ঘনীভূত কৰি তুলিলে৷
কমিউনিজম পৰাভূত, কিন্তু পুঁজিবাদ ব্যাধি–গ্রস্ত৷ কমিউনিজমৰ লৌহ–যৱনিকাৰ অন্তৰালত অবাধ দুর্নীতি চলিছিল কিন্তু ভাৰতৰ নিচিনা গণতান্ত্রিক দেশত দুর্নীতিয়েই হৈ পৰিছে গণতন্ত্রৰ প্রধান আহাৰ৷ আশা কৰিছিলোঁ যে আন সকলো অস্ত্র ব্যর্থ হ’লেও উগ্রপন্থীৰ হিংসাৰ তাণ্ডৱ দেখি দুর্নীতিপৰায়ণ মানুহবোৰ অন্ততঃ কিছুদিনলৈ ভয়তে তাপ মাৰিব কিন্তু বাস্তৱ ক্ষেত্রত দেখা গ’ল যে সন্ত্রাসবাদে উগ্রতম ৰূপ লোৱাৰ সময়তে দুর্নীতিৰ প্রকোপো আটাইতকৈ বাঢ়িল৷ ৰবীন্দ্রনাথৰ দৰে আমিও বিশ্বাস কৰোঁ যে মানুহৰ ভৱিষ্যতত বিশ্বাস হেৰুওৱাটো পাপ৷ কিন্তু সাময়িকভাৱে হ’লেও অন্ততঃ মোৰ মনৰ পৰা সেই বিশ্বাস অন্তর্হিত হৈছে, কাৰণ চকুৰ আগতে দেখিবলৈ পাইছোঁ যে বেছিভাগ মানুহৰ কাৰণেই পৃথিৱীখন নৰক বা যন্ত্রণাৰ কাৰাগাৰ মাত্র৷
সৎ সমাজৰ Good Society) সপোন কি চিৰকাল এনেকৈ সপোন হৈয়ে থাকিব? সৎ সমাজ নহয়, সৎ জীৱনেই কি হোৱা উচিত মানুহৰ পুৰুষার্থৰ প্রধান লক্ষ্য?