নিজৰ দুগ্ধ বিক্ৰী কৰা এগৰাকী মহিলা, ক’ত বিক্ৰী হৈছে এই দুগ্ধ!

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ এইখন পৃথিৱীত আমাৰ অজ্ঞাতে বহু ঘটনা ঘটি থাকে। কিছুমান খবৰ আমি জানিবলৈ পাও অথবা কিছুমান আমাৰ অজ্ঞাতে ৰৈ যায়।

কিছু খবৰে আমাক নতুনত্ব জ্ঞান প্ৰদান কৰাৰ উপৰিও কিছুসংখ্যক বাতৰিয়ে আমাক আচম্বিত কৰি তোলে। আজিও আপোনাক আচম্বিত কৰি তুলিব পৰা এটা খবৰ।

মাতৃদুগ্ধ শিশুৰবাৱে অমৃতস্বৰূপ। সদ্যজন্ম হোৱা শিশুৰ বাবে মাতৃদুগ্ধই হৈছে একমাত্ৰ খাদ্য। এই গাখীৰত শিশুৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় উপাদান থাকে। কিন্তু এই গাখীৰ এতিয়া বিক্ৰী হ’ব লৈছে। আমেৰিকাৰ ফ্লৰিডাৰ একাংশ মাতৃয়ে নিজৰ গাখীৰ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰিছে।

আমেৰিকাৰ ফ্ল’ৰিডাৰ ডেনিয়েছ নামৰ ৩২ বছৰীয়া মহিলাগৰাকীয়ে অনলাইন যোগে এই দুগ্ধ বিক্ৰী কৰাৰ কথা ঘোষণাও কৰিছিল। উল্লেখ্যে যে যোৱা আগষ্ট মাহত ভাড়া লৈ গৰ্ভধাৰণ কৰিছিল মহিলাগৰাকীয়ে। তাৰপাছতে দুগ্ধ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। নিজৰ দুগ্ধ উলিয়াবলৈ তেওঁ পৰিয়ালৰ পৰা দূৰত থাকে বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে। কিয়নো দুগ্ধ তৈয়াৰ হ’বলৈও কিছুসময়ৰ প্ৰয়োজন হয়।

মহিলাগৰাকীয়ে নিজৰ দুগ্ধ উলিয়াই পেকেটিং কৰি অতিমাত্ৰা বৰফৰ মাজত ৰাখি থয় আৰু প্ৰয়োজন অনুসাৰে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে। মাতৃ দুগ্ধৰ পৰা বঞ্চিত শিশুসকলৰ বাবে এই গাখীৰে আশাৰ বতৰা কঢ়িয়াইছে।

সঁচাকৈয়ে কি যে ঘটনা সংঘটিত হৈ থাকে এই আজৱ পৃথিৱীখনত। তাহানিৰ দিনত গৰ্ভ ভাড়া দিয়া, নিজৰ গাখীৰ বিক্ৰী কৰাৰ দৰে খৱৰ আছিল অতিকৈ লজ্জাজনক আৰু নাভূত-নাশ্ৰুত কিন্তু এতিয়া সহজ পৃথিৱীখনৰ সৈতে সকলো সহজ হৈ পৰিছে।