নৱৰাত্ৰিৰ মাজতে শুক্ৰগ্ৰহৰ ৰাশি পৰিৱৰ্তন, এই চাৰি ৰাশিৰ ধন লাভৰ যোগ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ এতিয়া চলি আছে নৱৰাত্ৰি। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই ৯টা ৰাতি অতি মূল্যৱান। নৱৰাত্ৰিৰ মাজতে শুক্ৰগ্ৰহ অহা শুকুৰবাৰে অৰ্থাৎ ২৩ অক্টোবৰত প্ৰৱেশ কৰিব কন্যা ৰাশিত। ৰাশি পৰিৱৰ্তন হ’ব পুৱা ১০ বাজি ৩৪ মিনিটত। শুক্ৰগ্ৰহ অহা ১৭ নৱেম্বৰলৈ থাকিব এই ৰাশিতে। জ্যোতিষ শাস্ত্ৰ মতে শুক্ৰৰ এই অৱস্থান ৪ ৰাশিৰ জাতক-জাতিকাৰ বাবে অতি শুভ বুলি বিবেচিত হ’ব পাৰে। আছে ধনলাভৰো যোগ।

বৃষঃ এই ৰাশিৰ জাতক-জাতিকাই সন্তান সুখ লাভ কৰিব। সমাজত মান-সন্মান বৃদ্ধিৰ আশা আছে। ধন যোগৰ সম্ভাৱনা।

মিথুনঃ অতি সুখী হ’ব পাৰিব। কাৰ্যক্ষেত্ৰত ফলপ্ৰাপ্তি হ’ব। চিন্তা শক্তিৰ উৎকৰ্ষৰ লগতে আত্মীয়ৰে সম্পৰ্ক অতি উন্নত হ’ব। ঘৰলৈ নতুন বাহন আহ্ব পাৰে। হাতলৈ ধন অহাৰ যোগ।

কন্যাঃ ব্যৱসায়ীসকলৰ বাবে অতি উন্নত সময়। পৰিয়ালৰ সহযোগিতা পাব। ধন লাভৰ আশা আছে।

বৃশ্চিকঃ অনুকূল ফলপ্ৰাপ্তিৰ যোগ। কেৰিয়াৰৰ ক্ষেত্ৰত শুভ সময়। ধন লাভৰ লগতে যিকোনো ক্ষেত্ৰত উন্নতি লভিব পাৰে। মান-সন্মান বৃদ্ধিৰ লগতে জীৱনশৈলীলৈ যোগাত্মক পৰিৱৰ্তন আহিব। লগতে আছে ধনযোগ।