মই কৰা কণ্ডমৰ বিজ্ঞাপনেই ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল…

বিশেষ বাৰ্তা, ১২ মেঃ ১৯৯১ চন। কণ্ডমৰ বিজ্ঞাপনক লৈ দেশজুৰি আৰম্ভ হৈছিল হুলস্থুলীয়া কাণ্ড। মডেল-অভিনেত্রী পূজা বেদী আৰু মার্ক ৰবিনছনক লৈ নিৰ্মাণ কৰা বিজ্ঞাপনটো দেখি বৰকৈ সমালোচনা কৰিছিল একাংশই। সেয়াই প্রথম কোনো বিজ্ঞাপনত উন্মুক্ত পোছাক, বিদেশী পুৰুষ মডেলৰ সৈতে ভাৰতীয় অভিনেত্রীৰ ঘনিষ্ঠ দৃশ্য। দেখি আচম্বিত হৈছিল দেশবাসী। যেতিয়া ‘যৌনতা’ শব্দটো শুনিলেই চাৰিওফালে লজ্জাত মুখ ৰঙা পৰি গৈছিল, সেই সময়ত গর্ভনিৰোধৰ প্রকাশ্য বার্তা ভাল চকুৰে মুঠেও চোৱা নাছিল ভাৰতীয়সকলে। দূৰদর্শনে সেই বিজ্ঞাপনটিৰ প্ৰচাৰ নিষিদ্ধ কৰিছিল।


শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পূজাই কৈছে- আমি কৰা কণ্ডমৰ বিজ্ঞাপনক লৈ নিন্দাই ঘেৰি ধৰিলেও মন কৰিছোঁ সেই বিজ্ঞাপনৰ হাতত ধৰিয়েই ভাৰতত যৌনতাৰ বিপ্লৱ আৰম্ভ হৈছিল। সেই সময়ত একাধিক ব্রিটিছ পত্রিকাতো একেটা দাবীয়েই কৰা হৈছিল। দেশত সেই বিজ্ঞাপনটোৰ সম্প্রচাৰ বন্ধ কৰি দিয়া হ’লেও একাধিক পুৰষ্কাৰ পাইছিল সেইটোৱে। বিজ্ঞাপন জগতত নজিৰ স্থাপন কৰিছিল। যৌনতাৰ বিষয়ত পথপ্রদর্শক হ’বলৈ পাই মই বৰ আনন্দিত। পূজা বেদীয়ে আৰু কয়- ৩০ বছৰত পৰিৱেশ-পৰিস্থিতি বহু কিছু সলনি হৈছে। এতিয়া দেশবাসীয়ে যৌনতাক লৈ বহু বেছি মুকলিকৈ কথা পাতে। এইটো ভাল কথা। উল্লেখণীয় যে, পূজা বেদী এসময়ৰ বলীউড অভিনেতা কবীৰ বেদীৰ জীয়ৰী।