স্কিনী জিন্স ভালপায়, স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানেনে

বিশেষ বাৰ্তা, ১৪ মেঃ প্ৰায়বোৰ যুৱতী-মহিলাই টাইট ফিট কাপোৰ পিন্ধিবলৈ পছন্দ কৰে যাতে তেওঁলোকক লাহি, ক্ষীণ দেখা যায়। স্কিনী জিন্স আজিৰ সময়ত এটা খুবেই আদৰণীয় ফেশ্বন হৈ পৰিছে। এই ধৰণৰ জিন্স বিশেষকৈ ছোৱালীবোৰে বৰ ভাল পায়। এয়াও স্বীকাৰ্য যে এনে জিন্স পিন্ধিলে এটা স্মাৰ্ট লুক পোৱা যায়, কিন্তু এইটোও সঁচা যে ই স্বাস্থ্যৰ বাবে বিপদজনক। চিকিৎসকৰ মতে, ধুনীয়া দেখাৰ প্ৰক্ৰিয়াত ছোৱালীবোৰে পাহৰি যায় যে এই জিন্সবোৰ আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে। স্কিনী জিন্স পিন্ধিলে কেনে সমস্যা হ’ব পাৰে জানো আহক।

তেজৰ সঞ্চালনঃ
টান কাপোৰ পিন্ধিলে গাঁঠিৰ গতিত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত পেশীবোৰ টান হৈ পৰে আৰু তেজ চলাচলত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত বিষ, ফুলা, শৰীৰত গাঁঠি হোৱা, শিৰাত হেঁচা দিয়াৰ ফলত ‘ভেৰিকোজ ভেইন’ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কঁকালৰ বিষঃ
স্কিনী বা ল’ ৱেষ্ট টাইট জিন্স পিন্ধিলে কঁকালৰ পেশীবোৰত হেঁচা পৰে, যাৰ ফলত ‘হিপ জয়েন্ট’ৰ গতি বিধিত প্ৰভাৱ পৰে। কেৱল সেয়াই নহয়, ইয়াৰ বাবেই কঁকাল আৰু মেৰুদণ্ডতো প্ৰভাৱ পৰিব পাৰে। ফলত পিঠিত বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

ডিপ ভেইন থ্ৰম্ব’ছিছঃ
যিসকল লোকে নিজৰ শৰীৰটো অতি দীঘলীয়া সময় টান কাপোৰেৰে বান্ধি ৰাখে তেওঁলোকৰ এই সমস্যা হ’ব পাৰে। এইটো এনে সমস্যা য’ত এজন ব্যক্তিৰ ভৰিৰ শিৰাবোৰত গাঁঠি হ’ব পাৰে। বিশেষকৈ আমাৰ হৃদযন্ত্ৰৰ পৰা ভৰিলৈ তেজ কঢ়িয়াই নিয়া শিৰাবোৰত। তেজৰ গতি লেহেমীয়া হোৱাত সেইবোৰৰ কামত চাপ পৰে।

উৰ্বৰতাঃ
অত্যধিক টান গ্ৰিপ পিন্ধিলে প্ৰস্ৰাৱৰ সংক্ৰমণ হ’ব পাৰে। ফলত মূত্ৰাশয়ে বেছি ক্ষিপ্ৰতাৰে কাম কৰি দুৰ্বল হৈ পৰে। কেৱল এয়াই নহয়, শুক্ৰাণুৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে আৰু ভেঁকুৰৰ সংক্ৰমণো হ’বলৈ ধৰে।

পেটৰ বিষঃ
টাইট জিন্সে আমাৰ পেটৰ তলৰ অংশ বহু সময় বান্ধি ৰাখে। ইয়াৰ ফলত আমাৰ পেটত চাপ পৰে। এচিড ৰিফ্লাক্স হয় আৰু মূত্ৰাশয়ত চাপ পৰে। বিষ, জ্বলা-পোৰা আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যা হ’ব পাৰে।

মূৰ্চ্ছা যোৱাঃ
টান কাপোৰ পিন্ধাৰ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে। হাওঁফাওঁৰ ওপৰত চাপ পৰে। যাৰ ফলত আমাৰ উশাহ-নিশাহ লেহেমীয়া হয় আৰু অক্সিজেনৰ পৰিমাণো কমিবলৈ আৰম্ভ কৰে।