ৰাজকন্যা উপাখ্যান

এইকেইদিন অসমৰ সংবাদ মাধ্যমত কেৱল এগৰাকী  যুৱতীৰ নাম৷ আনকি উপ–নির্বাচনৰ বতাহেও যুৱতীগৰাকীক সংবাদ শীর্ষৰ পৰা তললৈ নমাব পৰা নাই৷ তল পৰি গৈছে গৰুখুঁটিৰ উচ্ছেদ কাণ্ডৰ কথা৷ টেটত উত্তীর্ণৰ ভুৱা প্রমাণ–পত্রৰে শিক্ষকৰ চাকৰি সৰকাই একেলগে কুৰিৰো অধিক লোকৰ গ্রেপ্তাৰ হোৱা ঘটনাটোও অনুচ্চাৰিত হৈ পৰিল৷ মৃদুপৱন নামৰ প্রৱঞ্চকটোৰ দুষ্কার্যয়ো যুৱতীগৰাকীৰ কাণ্ডক চেৰ পেলাব পৰা নাই৷ এই মুহূর্তত তেওঁ অসমৰ সংবাদ জগতত সর্বাধিক চর্চিত নাম৷ ঘৰে ঘৰে সর্বাধিক চর্চিত নাম৷ লগতে চিন্তা আৰু উদ্বেগৰ কাৰণো৷ অৱশ্যে এই চিন্তা–উদ্বিগ্ণতা মডেলগৰাকীক লৈ নহয়৷ ৰাজ্যখনৰ জনগণ চিন্তিত–উদ্বিগ্ণ ঘটনাপ্রৱাহে উন্মোচিত কৰা কথাবোৰক লৈ৷ ইয়াত অনেকে অসমৰ যুৱপ্রজন্মৰ একাংশক লৈ অংকিত অবাঞ্ছিত–প্রত্যাশিত ছবিখন দেখিবলৈ পাইছে৷ উন্মোচিত হৈছে প্রভাৱশালী লোকেৰে নিজৰ বাবে গঢ়ি তোলা সুৰক্ষা কৱচ এটাই কিদৰে আইন–কানুনক উপহাসত পৰিণত কৰিব পাৰে, সেই ছবিখন৷ সমাজে ভগৱানৰ সৈতে তুলনা কৰা চিকিৎসকৰ ভূমিকাক লৈও প্রশ্ণ উঠিছে৷ মুঠতে যুৱতীগৰাকীৰ হাতত বহু কিবাকিবি একপ্রকাৰ নগ্ণ হৈ পৰিছে৷ আৰক্ষী সঞ্চালকপ্রধানে মিডিয়াৰ জৰিয়তে স্পষ্টীকৰণ দিবলগীয়া হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কেইবাবাৰো বিষয়টোত বক্তব্য দিবলগীয়া হৈছে৷ আৰক্ষীয়ে তদন্তকাৰী বিষয়া সলনি কৰিবলগীয়া হৈছে৷ বিভাগীয় শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হৈছে আৰক্ষীৰ লোক৷ ঘটনাপ্রৱাহত প্রতিদিনে ন ন কথা, ন ন দিশ সংযোজিত হৈছে৷ চিকিৎসক এজন গ্রেপ্তাৰ হৈছে৷ ৰাজকন্যা বৰুৱাই যিটো নৈশ পার্টীৰ পৰা উভতি আহোঁতে দুর্ঘটনাটো সংঘটিত কৰিছিল, তাত বহু প্রভাৱশালী আমোলা–বিষয়াই ভাগ লোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তেওঁলোকৰ হাতত ক’ভিড এছ অ’ পি ভূ–লুণ্ঠিত হৈছে৷ পার্টীটো বহু নিশালৈকে চলিছিল৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰক্ষীৰ পৰা পার্টীটোত ভাগ লোৱা আমোলা–বিষয়াৰ তালিকা বিচাৰিছে৷ আৰক্ষীয়ে তাজ ভিভাণ্টা নামৰ বিলাসী হোটেলখনৰ পৰা চিচি টিভিৰ ফুটেজ সংগ্রহ কৰিছে৷
মডেল ৰাজকন্যা বৰুৱাই মাজনিশা মাতাল অৱস্থাত শ্রমিকৰ ওপৰেৰে গাড়ী চলাই নিয়াটোৱে প্রথমে সমাজৰ দুখন ছবি প্রতিফলিত কৰিছিল৷ বাকী কথাবোৰ সামাজিক মাধ্যম, সংবাদ মাধ্যমে ফেপেৰি পাতি ধৰাৰ ফল৷ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ স্থিতিৰ ফচল৷ নহ’লে বহু কথাই পোহৰলৈ নাহিলহেঁতেন৷ ৰাজকন্যাই মাজনিশা গাড়ীৰে যিসকলক মহটিয়াই নিছিল, সেই শ্রমিকসকল ভোকৰ জগতখনৰ বাসিন্দা৷ তেওঁলোকে ভোকৰ তাড়না, সংসাৰৰ তাগিদাত নিশাও কাম কৰিব লাগে৷ শ্রমিককেইজনে টোপনিৰ বাবে উপযুক্তখিনিত বিছনাত কটাব নোৱাৰে৷ ক্ষুধাৰ তাড়নাই তেওঁলোকক সেইটো কৰিবলৈ নিদিয়ে৷ অভাৱ আৰু সমস্যাই বিছনাৰ পৰিৱর্তে তেওঁলোকক কামৰ মাজলৈ টানি আনিছিল৷ ভোকৰ ওচৰত ঘড়ীৰ কাঁটাকেইডাল পৰাজিত হৈছিল৷ আনখন ছবি ৰাজকন্যা বৰুৱাৰ দৰে মানুহৰ৷ মই ৰাজকন্যাক অসমৰ নষ্ট যুৱপ্রজন্মৰ প্রতিনিধি বুলি নাভাবোঁ৷ তেওঁলোকৰ পৃথিৱীখন ভিন্ন৷ তাত খ্যাতি আৰু সাফল্যই মূৰত ধৰা মানুহে বসবাস কৰে৷ তেওঁলোক বেপৰোৱা৷ বিণ্ডাছ৷ সান্ধ্য আইন, ক’ভিড, দুপৰ নিশা, মাজনিশা এইবোৰক লৈ তেওঁলোকে চিন্তা নকৰে৷ গাড়ীৰ চকাৰ তলত কোন পৰিল, কি পৰিল, সেইবোৰ তেওঁলোকে নাভাবে৷ ভবাৰ প্রয়োজনবোধো নকৰে৷ অনুতাপ, অনুশোচনাৰ কথাই নুঠে৷ সমাজখন ক’ত আছে, ক’লৈ নিয়াৰ আৱশ্যক, তাক লৈও তেওঁলোকে মূৰ নঘমায়৷ সাধাৰণভাৱে চাবলৈ গ’লে, ৰাজকন্যা এগৰাকী স্বল্পখ্যাত মডেল৷ তেওঁৰ গ্লেমাৰ আছে৷ সেই গ্লেমাৰৰ আকর্ষণত বহু লোক তেনে লোকৰ কাষ চাপে৷ এইটো আচৰিত হ’বলগীয়া কথাও নহয়৷ সৌন্দর্যপ্রীতি মানুহৰ এটা স্বাভাৱিক প্রবৃত্তি৷ কিন্তু তাৰে মাজত এনে কিছুমান লোকো থাকে যাৰ সামাজিক, প্রশাসনিক প্রভাৱ থাকে৷ এইসকল লোকক জখলা হিচাপে ব্যৱহাৰ কৰি কোনো কোনো মডেল বা আন ক্ষেত্রৰ লোকে অর্থ, ক্ষমতা, যশৰ শিখৰত উঠিবলৈ চেষ্টা চলায়৷ সভ্যতাৰ ইতিহাসত তেনে উদাহৰণ অনেক৷ কাৰণ যিয়েই নহওক, ৰাজনীতি, চৰকাৰ, প্রশাসনত ক্ষমতা আৰু প্রভাৱ লোক এনে মানুহৰ ইমানেই পূজাৰী হৈ পৰে যে তেওঁলোকৰ পৰাই ৰাজকন্যাৰ দৰে লোকসকল বেপৰোৱা, বিণ্ডাছ হৈ পৰে৷ ইয়াৰ বাবে ৰাজকন্যাৰ দৰে লোকক সম্পূর্ণৰূপে জগৰীয়া কৰিব নোৱাৰি৷ আচল জগৰীয়া সেই লোকসকল, যিয়ে মাজনিশা মাতাল অৱস্থাৰে পথৰ দাঁতিত পৰি থকা শিল–কাঠৰ টুকুৰাৰ দৰে শ্রমিকৰ দেহৰ ওপৰেৰে গাড়ী চলাই নিয়া সত্ত্বেও সুৰক্ষাৰ প্রতিশ্রুতি হৈ থিয় দিয়ে৷ গতিকে এটা ফোন কলৰ মেটাৰ৷ তেওঁলোক ভালদৰে জানে যে তেওঁলোকৰ চাৰিওফালে প্রভাৱশালী লোকৰ সুৰক্ষা কৱচ এটা আছে৷ গতিকে কিহৰ চিন্তা৷ সমস্যা–সংকটবোৰ এটা ফোন কলতে নোহোৱা হৈ পৰিব৷ ৰাজকন্যা বৰুৱায়ো এটা ফোন কলতে দুর্ঘটনাৰ নিশা সকলো জঁট শেষ কৰিব বিচাৰিছিল৷ দুর্ভাগ্যক্রমে (?) তেওঁ গাড়ীত থকা ম’বাইল ফোনটো বিচাৰি নাপালে৷ তেওঁৰ মতে, কোনোৱে চুৰি কৰি নিলে৷ নিশাটো দিছপুৰ থানাৰ আলহী হৈ কটাবলগীয়া হ’ল৷ কিন্তু ফোন কল জাতীয় অহংকাৰটো পৰৱর্তী দিনা কামত আহিল৷ সকলোকে অংগুষ্ঠ দেখুৱাই জামিনত ওলাই পোনে পোনে ঘৰ পালে৷ এতিয়া প্রশ্ণটো হ’ল, ৰাজকন্যা বৰুৱাই এটা ফোন কলৰ দোহাইদি আইন–কানুন সকলোকে ৰঙাচকু দেখুৱাবলৈ শক্তি আহৰণ কৰে কিদৰে?
ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুর্ঘটনাটোৰ এতিয়ালৈকে উন্মোচিত ঘটনাপ্রৱাহলৈ চালে দেখা যায় তেওঁৰ চাৰিওফালে থকা ক্ষমতা আৰু প্রভাৱৰ সুৰক্ষা চক্রটোৱে শেষ মুহূর্তলৈকে সুৰক্ষা দিবলৈ অপচেষ্টা চলাইছিল৷ আৰক্ষীৰ দুর্বল প্রতিবেদন (অভিযোগনামা)ৰ ভেটিত এবাৰ গ্রেপ্তাৰ হৈও সহজে জামিন লাভ কৰা মডেলগৰাকীলৈ যেতিয়া দ্বিতীয়বাৰ হাত কেৰেয়াডাল আগবাঢ়িছিল, তেতিয়া তেওঁক হাস্পতালৰ বিছনাই সুৰক্ষা দিবলৈ বিচাৰিছিল৷ জিএমচিএইচৰ মেডিকেল ব’ৰ্ডৰ প্রতিবেদনে সেই কথা উদঙাই দিয়ে৷ অসুস্থতা অবিহনে এখন আগশাৰীৰ বেচৰকাৰী হাস্পতালত এজন প্রতিষ্ঠিত চিকিৎসকৰ তত্ত্বাৱধানত তেওঁ ছেমি আই চি ইউত থকাৰ সুবিধা লাভ কৰিলে৷ চৰকাৰৰ ওপৰত জনগণৰ চাপ নাথাকিলে হয়তোবা মেডিকেল ব’ৰ্ড গঠনেই নহ’লহেঁতেন৷ হাস্পতালখনত থাকিয়েই তেওঁ এক ধৰণৰ সুৰক্ষা লাভ কৰি থাকিলহেঁতেন৷ কথাটো হাস্পতালৰ সুৰক্ষা লাভ কৰাটো নহয়৷ এদিন নহয় এদিন তেওঁ আইনৰ হাতত পৰিলহেঁতেন৷ মূল কথাটো হ’ল, তেওঁ আৰক্ষীয়ে গ্রেপ্তাৰৰ বাবে বিচাৰি থাকোঁতে অনৈতিকভাৱে হাস্পতালৰ ছেমি আই চি ইউত ভর্তি হোৱাৰ সুবিধা পায় কেনেকৈ? ইয়াতে ৰাজকন্যাৰ দৰে মানুহৰ চৌদিশে গঢ় লৈ উঠা সুৰক্ষা কৱচৰ প্রসংগটো আহি পৰে৷ মডেলগৰাকীয়ে সান্ধ্য আইন উলংঘা কৰি মাজনিশা ঘৰলৈ উভতিছিল৷ সাধাৰণ মানুহে সেইদৰে মাজনিশা ৰাজপথত খোজকাঢ়ি বা গাড়ী চলাই ঘূৰিব পাৰেনে? তেওঁ এটা নৈশ পার্টীৰ পৰা উভতিছিল৷ অসুখ বা মহাবিপদত নপৰিলে সান্ধ্য আইন বলৱৎ হৈ থকা সময়ত ঘৰৰ বাহিৰত সময় কটোৱাটো বাতিৰাম–ঘটিৰামে ভাবিবই নোৱাৰে৷ তাৰ পিছত দুর্ঘটনাটো৷ মুখাৱয়বত নাছিল অনুতাপ অথবা আহত শ্রমিককেইজনৰ প্রতি নূ্যনতমো সহানুভূতি–সহমর্মি প্রকাশ৷ আছিল, ক্ষমতা প্রদর্শনৰ ধৃষ্টতা৷ এটা ফোন কলৰ ধমকি৷ তাৰ পিছত কেইঘণ্টামান আৰক্ষীৰ জিম্মাত৷ পিছত জামিনত মুকলি৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল, বর্তমান আৰক্ষীৰ কাম–কাজক লৈ ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকী যথেষ্ট সচেতন৷ তেওঁ তিৰষ্কাৰ আৰু পুৰস্কাৰ দুয়োটাই মুকলি মনে দিয়ে৷ তদুপৰি, ৰাজ্যখনৰ জনগণো আৰক্ষীক লৈ সচেতন৷ এই প্রেক্ষাপটত ভুলতো আৰক্ষীয়ে সহজে গোচৰ এটাত অৱহেলা বা পক্ষপাতিত্ব কৰিব নোৱাৰে৷ কিন্তু এটা গুৰুতৰ অপৰাধত অভিযুক্ত হৈও ৰাজকন্যা বৰুৱাই সহজে জামিনত মুক্তি পাবলৈ সক্ষম হ’ল৷ দিছপুৰ থানাৰ তদন্তকাৰী বিষয়াজনৰ পর্যায়ত এই কাম হ’ব নোৱাৰে৷ ওপৰৰ হেঁচা থাকিব লাগিব৷
শেহতীয়াকৈ ৰাজকন্যা বৰুৱাই ভাগ লোৱা তাজ ভিভাণ্টাৰ পার্টীটোত ৰাজ্য চৰকাৰৰ বহু বাঘা বাঘা আমোলা–বিষয়াই ভাগ লৈছিল বুলি খবৰ ওলাইছে৷ ৰাজনৈতিক নেতাৰো উপস্থিতিৰ কথা ওলাইছে৷ তালিকাখন এই মুহূর্তলৈকে ফাদিল হোৱা নাই৷ প্রথমবাৰ গ্রেপ্তাৰ হৈ জামিন লাভ কৰাৰ আঁৰত কাৰ প্রভাৱ পৰিছিল, কোনে ৰাজকন্যা বৰুৱাক অনৈতিকভাৱে সুৰক্ষা দিয়াৰ বাবে হাস্পতালত ভর্তি হোৱাৰ সুবিধা কৰি দিছিল, নৈশ পার্টীটোত কোন কোন উপস্থিত আছিল, সেই সকলোৰে পৰিচয় পোহৰলৈ আহিব লাগে৷ আইন অনুসৰি ব্যৱস্থা ল’ব লাগে৷ ৰাজকন্যাৰ দৰে সমাজৰ বাবে বিপদৰ কাৰণ হৈ পৰা লোকসকলে তেনে মানুহৰ পৰাই ক্ষমতা আহৰণ কৰে৷ বেপৰোৱা হৈ উঠে৷ আদালতে তেওঁৰ ড্রাইভিং লাইচেঞ্চখন বাতিল কৰি এটা প্রশংসনীয় কাম কৰিছে৷ কিন্তু ৰাজকন্যাৰ দৰে মানুহৰ শক্তি হৈ পৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব৷ নহ’লে ৰাজপথত চলন্ত গাড়ীৰ চকা মানুহৰ গাৰ ওপৰেৰে পুনৰ চলিব৷ ৰাজকন্যা তাৰে মাথোঁ এটা নামহে৷