বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ ধর্মপ্রাণ মুছলমানসকলৰ বাবে ৰমজান মাহৰ এই সময়ছোৱা বৰ গুৰুত্বপূর্ণ। এইবাৰ ৰমজানত গৰমৰ প্রভাৱ কিছু বেছি। তেনেক্ষেত্রত ৰোজা ৰখাসকলে সুস্থ থাকিবলৈ নির্বাচন কৰিব সঠিক খাদ্য। যেন এই পৱিত্র মাহটোত প্রাণৱন্ত হৈ থাকিব পাৰে।
আমাৰ ইয়াত ৰোজাৰ দৈর্ঘ্য প্রায় ১৫ ঘণ্টা। এই দীর্ঘ সময়ছোৱা উপৱাসে থাকি শাৰীৰিকভাৱে দুর্বলতা আৰু ক্লান্তি অনুভৱ কৰে বহুতে। তাৰ উপৰি অনেকেই ইফতাৰত খায় অত্যধিক ভজা-পোৰা, অতিৰিক্ত চেনীযুক্ত পানীয়সহ গধুৰ খাদ্য। গোটেই দিন উপবাসে থকাৰ পাছত এইবোৰ খাদ্যই অন্ত্রত চাপ সৃষ্টি কৰিব পাৰে। ফল স্বৰূপ দেখা যায় হজমৰ সমস্যা, মূৰৰ বিষ, এচিডিটি, দুর্বলতা,পেট ফুলাসহ নানা সমস্যা। ইফতাৰৰ খাদ্য নির্বাচনত সেয়ে সতর্ক হ’ব লাগে। সমান্তৰালভাৱে খাদ্য হ’ব লাগে স্বাস্থ্যকৰ, সুষম আৰু পুষ্টিযুক্ত।
কি খাব পাৰে ইফতাৰত
খাব পাৰে এমুঠি বাদাম। চিনাবাদাম, কাজুবাদাম, আখৰোট, পামকিন ছিডছ ইত্যাদি। এনে বাদামে গোটেই দিনৰ পুষ্টিৰ চাহিদা বহুখিনি পূৰ্ণ কৰে।
যিহেতু গ্রীষ্মকাল সেয়ে এই সময়ত প্রচুৰ পৰিমাণে ফল পোৱা যায়। পানীযুক্ত ফল যেনে তৰমুজ, আনাৰস, ডাব, কমলা, বাঙি ইত্যাদি ফল ৰাখিব ইফতাৰৰ খাদ্যত। এইবোৰ ফলৰ জুছ কৰিও খাব পাৰে। কিন্তু জুছত চেনী যোগ নিদিয়াই উত্তম। তাৰ উপৰি ইফতাৰত যোগ কৰিব পাৰে এবাতি ফলৰ ছালাদ।
শৰীৰ ঠাণ্ডা ৰাখিবলৈ ওটছ, চিয়া ছিডছ, টেঙা দৈ, ৰঙীন পাচলি খাব পাৰে। পাতলকৈ ৰান্ধা খিচিৰি তথা আঁহসমৃদ্ধ খাদ্য যেনে ৰঙা আটা, শস্য, কাবুলি বুট, ডাইল ইত্যাদি খাদ্য নিশ্চয় ৰাখিব। কোষ্ঠকাঠিন্যৰ পৰাও পাব স্বস্তি।
ইফতাৰৰ পৰা চেহৰী পর্যন্ত ৮-১০ গ্লাছ পানী খোৱাৰ চেষ্টা কৰিব। শৰীৰৰ দূষিত, বর্জ্য পদার্থ বাহিৰ হৈ যাব। হজমশক্তিও ভালে থাকে।