চমক সৃষ্টি-মৌলিক নাটক লৈ সাজু আৱেগৰ ভ্ৰাম্যমাণ থিয়েটাৰ

আকৌ আৰম্ভ হোৱাৰ পূৰ্ণ প্ৰস্তুতি ভ্ৰাম্যমাণ থিয়েটাৰৰ। ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে প্ৰতিটো নাট্যদলে চলাইছে পূৰ্ণ আখৰা। মাটি আখৰাৰ পৰা এতিয়া প্ৰায় প্ৰতিটো দলৰ মঞ্চ আখৰাও অন্তিম পৰ্যায়ত। হয়তো আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই অসমৰ গাঁৱে-ভূঞে গুঞ্জৰিত হব- আজিৰ প্ৰথম দৰ্শনীৰ নিবেদন… বা অস্থায়ী পেণ্ডেলৰ কাষতে স্থাপন কৰা কাউণ্টাৰৰ পৰা ভাহি আহিব- আমাৰ হাতত আৰু মাত্ৰ কেইটামানহে টিকট বাকী আছে… বা আমাৰ হাতত গেলাৰীত টিকট নাই।

১৯৬৩ চনৰ ২ অক্টোবৰ, বৰ্তমান বজালী জিলাৰ পাঠশালা চহৰৰ এক সৃষ্টিশীল সন্ধিয়া। আৰম্ভ হৈছিল এক নতুন ধাৰাৰ, যিটো এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ নামেৰে সমগ্ৰ অসমতেই জনপ্ৰিয়। নামনি অসমত সৃষ্টি হোৱা এই ভ্ৰাম্য়মাণ থিয়েটাৰৰ বৰ্তমান সময়ত কমেও ২৫টা মান সৰু-ডাঙৰ দল আছে। তাৰ ভিতৰত অন্যতম কহিনুৰ, আৱাহন, ৰাজতিলক, ভাগ্যদেৱী, হেঙুল, ৰাজমুকুট, বৰদৈচিলা, ইতিহাস, বৃন্দাবন, সূৰ্য, বীণাপাণি, ৰাজলক্ষ্মী, ৰাজধানী, ৰুদ্ৰাক্ষ, জ্যোতিৰূপা, লখিমী, অনিৰ্বাণ, বিশ্বজ্যোতি, অপৰূপা, মা লক্ষ্মী, বিষ্ণুজ্যোতি আদি।

যোৱাবৰ্ষবোৰৰ নিচিনা এই বছৰো (২০২৪-২৫) ঐতিহ্য়মণ্ডিত ভ্ৰাম্য়মাণ থিয়েটাৰৰ প্ৰতিটো দলে নিজকে সম্পূৰ্ণৰূপে সাজু হৈছে সমগ্ৰ অসমবাসীকে মনোৰঞ্জন দিবলৈ। প্ৰতিটো আগশাৰীৰ নাট্য়দলে ব্যয়বহুল আয়োজনেৰে অভিনেতা-অভিনেত্ৰীসকলক চুক্তিবদ্ধ কৰাৰ লগতে কিছুমান নতুন নাট্য়দলো ভ্ৰাম্য়মাণ জগতত নতুনকৈ খোপনি পুতিছে।

কহিনুৰ থিয়েটাৰঃ কহিনুৰ মানেই নতুনত্ব। কহিনুৰ মানেই চমক। এই ধাৰা অব্যাহত ৰাখি কহিনুৰে এইবাৰ মঞ্চস্থ কৰিব মই ব্ৰহ্মপুত্ৰ, পিঞ্জৰা আৰু বনৰীয়া ফুল। নাট্যদলত এইবাৰ থাকিব সকলোৰে চিনাকি মুখ প্ৰীতম বৰুৱা।

ইতিহাস থিয়েটাৰঃ ইতিহাস থিয়েটাৰৰ লগত এইবাৰ চুক্তিবদ্ধ হৈছে অসমীয়া ছবিজগতৰ তাৰকা অভিনেতা যতীন বৰা। সুদীৰ্ঘ ৬ বছৰৰ অন্তত অসমবাসীয়ে পুনৰ ভ্ৰাম্য়মাণ জগতত দেখিব অভিনেতাগৰাকীক। ইতিহাস থিয়েটাৰে তিনিখন নাটক ক্ৰমে “জুয়ে পোৰা মানুহ”, “মহাৰাজ” আৰু “মহাবীৰ লাচিত”ক দৰ্শকৰ মাজলৈ নি চমক সৃষ্টি কৰাৰ লক্ষ্য লৈছে।

আৱাহন থিয়েটাৰঃ আৱাহনৰ মঞ্চত এইবাৰো দপদপাব ভ্ৰাম্যমাণৰ মহাৰাণী খ্যাত প্ৰস্তুতি পৰাশৰ। লগতে তেওঁৰ লগত থাকিব তাৰকা মঞ্চাভিনেতা সঞ্জীৱ শৰ্মা। আৱাহনে মইনা কুশলে আছনে, মেডাম মেনকা আৰু লেডী মেকবেথৰ জৰিয়তে দৰ্শকৰ মাজলৈ যাব। ইতিমধ্যে প্ৰেমতে পৰিছো শীৰ্ষক গানেৰে খলকনি তুলিছে আৱাহনে।

হেঙুল থিয়েটাৰঃ ভ্ৰাম্যমাণৰ জগতত ব্যতিক্ৰমী চিন্তাৰে সদায় শীৰ্ষত থাকে হেঙুল থিয়েটাৰ। এইবাৰ হেঙুল নাট্য়দলটো সাজু হৈছে এদল নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক লৈ। কমল লোচন, স্নিগ্ধা গগৈ, মহেশ বৰাকে ধৰি বহুতো বৰ্তমান সময়ৰ অভিনেতাই হেঙুলৰ মঞ্চ কঁপাব। চিলনী, বিড়ি আৰু মছজিদ ৰোড নামঘৰ পথ নাটেৰে মঞ্চত খলকনি লগোৱাটো একপ্ৰকাৰ নিশ্চিত।

থিয়েটাৰ সূৰ্যঃ এই বৰ্ষত থিয়েটাৰ সূৰ্যত চুক্তিবদ্ধ হৈছে সুদৰ্শন অভিনেতা উৎপল দাস। ৰঙা গোলাপৰ ৰং, সংগীবিহীন সম্ৰাট, মৰমত তেজৰ টোপাল নামেৰে এই তিনিখন নাটক লৈ দৰ্শকৰ কাষ চাপিব থিয়েটাৰ সূৰ্যই।

বৃন্দাবন থিয়েটাৰঃ সদায় এক নতুত্বৰ সোৱাদেৰে দৰ্শকৰ কাষ চপা বৃন্দাবন থিয়েটাৰে এইবাৰ দেউতা বেগতে আহিবি, ৰাণী মা আৰু বিষাক্ত গোলাপ নাট তিনিখনেৰে দৰ্শকৰ কাষ চাপিব। ৰাতুল দাস, দেৱাশ্ৰী দাস আৰু তাৰকা অভিনেত্ৰী প্ৰাঞ্জনা দত্তই কঁপাব বৃন্দাবনৰ মঞ্চ।

ৰাজধানী থিয়েটাৰঃ ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদুল ভূঞাৰ অনবদ্য অভিনয়েৰে কঁপিব ৰাজধানী থিয়েটাৰৰ মঞ্চ। মচি দিম তোমাৰ সেন্দূৰ, বিশ্বনাথ জীয়াই আছে আৰু তপস্যা নাটেৰে দৰ্শকৰ কাষ চাপিব ৰাজধানী থিয়েটাৰ।

ৰাজলক্ষ্মী থিয়েটাৰঃ ভ্ৰাম্যমাণৰ বাদশ্বাহ খ্যাত চম্পক শৰ্মাৰ অভিনেয়েৰ দৰ্শকৰ কাষলৈ যাব ৰাজলক্ষ্মী থিয়েটাৰ। মনে মনে চাওঁ তোমাক, ঘা আৰু কুৰুক্ষেত্ৰ সৈনিক নাট তিনিখনৰ মঞ্চ কঁপাব থিয়েটাৰখনে।

ৰাজুমুকুট থিয়েটাৰঃ এক চমক সৃষ্টিকাৰী দল হিচাপে খ্যাত ৰাজমুকুট। এই দলটোৰ নাট ক্ৰমে মহাৰণৰ বলীয়া ঘোঁৰা, বকুল বনৰ পখী আৰু বধ। নাট্যদলটোত এইবাৰ চুক্তিবদ্ধ হৈছে প্ৰসেনজিত, গুঞ্জন ভৰদ্বাজ আৰু বলিষ্ঠ অভিনেতা চিন্ময় কটকী।

বীণাপাণি থিয়েটাৰঃ ভ্ৰাম্যমাণৰ জগতত সোণালী জয়ন্ত বৰ্ষ হিচাপে ভৰি দিছে বীণাপাণিয়ে। এই নাট্যদলটোৰ চমক ৰুদ্ৰপ্ৰতাপ, অগ্নিবীৰ আৰু মিলন মালা। নাট্যদলত এই চুক্তিবদ্ধ হৈছে ৰাজকুমাৰ।

ৰাজতিলক থিয়েটাৰঃ ৰাজতিলক থিয়েটাৰৰ এইবাৰৰ চমক জানমণি। বিৰতিৰ পিছত ভ্ৰাম্যমাণত খোজ দিছে শ্যামন্তিকা শৰ্মা। লগতে থাকিব ৰাগ ঐনিতম। অভিযন্তাৰ সেন্দূৰীয়া মন, নীলাচকুৰ গান আৰু ৰাজপথৰ ৰাজকুমাৰী নাটেৰে দৰ্শকৰ কাষলৈ যাব নাট্যদলটো।

ৰুদ্ৰাক্ষ থিয়েটাৰঃ বাৰিষাৰে ৰদালি, মাথোঁ দুদিনৰ প্ৰেয়সী আৰু ৰণাংগনৰ ৰূপহী নাটেৰে এইবাৰ চমক দিবলৈ দৰ্শকৰ কাষ চাপিব ৰুদ্ৰাক্ষ থিয়েটাৰ। দলটোত চুক্তিবদ্ধ হৈছে যোগেশ কাশ্যপ, সুকুমাৰ আদিয়ে।

থিয়েটাৰ ভাগ্যদেৱীঃ তিনিখন নাট মাজৰাতিৰ অতিথি, মৰুভূমিৰ নৈ আৰু মা তুমি কত আদিৰে দৰ্শকৰ কাষলৈ যাব থিয়েটাৰ ভাগ্যদেৱী।

ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া লোকৰ আৱেগ। অসমীয়াৰ স্বাভিমান। এক শিহৰণ। ভ্ৰাম্যমাণ থিয়েটাৰ অবিহনে অসমীয়া সমাজৰ অনুষ্ঠানৰ মাদকতা তেনেই সীমিত হৈ পৰে। যোগাত্মক দিশেৰে ভ্ৰাম্যমাণ থিয়েটাৰে অসমত বহু অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰত্যক্ষ নতুবা পৰোক্ষভাৱে গঢ় দিছে। সেয়া সকলোৰে জ্ঞাত। কিয়নো ভ্ৰাম্যমাণ থিয়েটাৰ যি আহ্বায়ক কমিটীয়ে আমন্ত্ৰণ কৰে তাৰ আঁৰত অনুষ্ঠান এটা জড়িত হৈ থাকেই।

পৰিয়ালৰ সকলো লোকেই উপভোগ কৰিব পৰা এটা অনুষ্ঠান ভ্ৰাম্যমাণ থিয়েটাৰ। দুই ঘণ্টাৰ এখন নাটক পৰিয়ালৰ লগত উপভোগ কৰি সময় পাৰ কৰাৰ লগতে পৰিয়ালকো সময় দিব পৰা এটা অনুষ্ঠান ভ্ৰাম্যমাণ থিয়েটাৰ। দীৰ্ঘস্থায়ী হওক ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা।

অচ্যুত লহকৰ-ৰতন লহকৰে পাঠশালাত ৰোপণ কৰা বীজেই আজি পুলিয়ে-পোখাই নদনবদন হৈ পৰিছে। পোহৰৰ কলাৰে মঞ্চত উদ্ভাসিত কৰা সজীৱ ছবিৰে সমাজলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ কৰিব পৰা উত্তম মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰ। কিয়নো ইয়াৰ পৰা বোৱঁতী নৈৰ দৰে যি বাৰ্তা যায় সেয়া সমাজত প্ৰত্যক্ষভাৱে পৰে। সেইবাবেই ভ্ৰাম্যমাণ থিয়েটাৰে এক মৰ্যাদাৰ গণ্ডীত থাকিব লাগিব অনাগত ভৱিষ্যতলৈ। কিয়নো ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ উদ্দেশ্য জীয়াই ৰাখিব লাগিব। বৰেণ্য ব্যক্তিসকলৰ আশাশুধীয়া চেষ্টাত যাতে আঁচোৰ নপৰে তাৰ বাবেও আজিৰ নাট্যদলসমূহৰ কৰ্তৃপক্ষই নজৰ দিব লাগিব। তেতিয়াহে বৰপেৰাৰ ভঁৰাল সঞ্চিত হৈ থাকিব। চিৰদিন… চিৰকাল…

অনাদি অনন্ত কাললৈ প্ৰৱাহিত হওক হলৰ ভিতৰত সেই কথাংশ- পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, আমি আপোনালোকৰ পৰা লৈ যাম মৰম-স্নেহ আৰু আশিস, বলক পুনৰ উভতি যাওঁ বাকী থকা নাট্যমুহূৰ্তকেইটালৈ… শুভৰাত্ৰি।।।

Featured