বংগত বিশ্বাসযোগ্যতাৰ বলি দিল্লীৰ

জনসাধাৰণৰ কি যে বিৰম্বনা দেশত আজি যদি এক লাখ, কাইলৈ ডেৰ লাখ, পৰহিলৈ দুই লাখ লোক ক’ৰোনাৰ দ্বাৰা সংক্রমিত হৈছে৷ দেওবাৰে প্রায় ২.৭০ লাখ লোকৰ দেহলৈ শিপাইছে মাৰাত্মক ভাইৰাছটো৷ কিন্তু দিল্লীৰ পৰা যেতিয়া জনতাৰ সেৱকসকল পশ্চিম্বংগলৈ যায়, তেওঁলোকে দেশৰ এই দুর্দশাগ্রস্ত ছবিখন মনলৈ আহিবলৈ নিদিয়ে৷ ইয়াৰ বিপৰীতে হাজাৰ হাজাৰ লোকক সন্মুখত সমৱেত কৰাই ৰাজনীতিৰ জ্ঞান দিয়া হয়৷ গণতন্ত্রৰ পাঠদান কৰি ক্ষমতা দখলৰ স্বপ্ণ দেখুওৱা হয়৷ তাৰ পৰা উভতি যেতিয়া নতুন দিল্লীত সেৱকগণ উপস্থিত হয়, তেতিয়া পর্যালোচনা সভা, বৈঠক আদি অনুষ্ঠিত কৰি দেশত কিয় আৰু কেনেকৈ ইমান ভয়াৱহ হাৰত ক’ৰোনাৰ সংক্রমণ দ্ধি পালে, সেইবোৰৰ চর্চা কৰে৷ মুখেৰে সামাজিক দূৰত্ব, মাস্ক আদিৰ উপদেশ আখৈ ফুটা দি ফুটে৷ যেন ক্ষমতাৰ লালসাত জনস্বাস্থ্যৰ কোনো অর্থই নাই৷ মহাসংকটৰ সময়ত দেশ এখনত শাসনৰ মুৰব্বীৰ যদি এনে আচৰণ হয়, তেতিয়া সংকটেৰে মোকাবিলা অধিক কঠিন হৈ পৰে৷ ভাইৰাছটোৱে যেতিয়া প্রথম্বাৰৰ আমাৰ দেশখনৰ দুৱাৰত টোকৰ মাৰিছিল, বিগত বর্ষৰ সেই সময়ছোৱাত চৰকাৰে যি কৈছিল, দেশৰ জনসাধাৰণে তাকেই কৰিছিল৷ কাঁহী–বাটি জাইছিল, চাকি জ্বলাইছিল৷ আৰু যে কত কি চৰকাৰ এখনৰ নেতৃত্বৰ ওপৰত থকা গভীৰ আস্থাৰ াবে জনগণে সেই সকলোবোৰ কৰিছিল৷ আনকি, লকডাউনৰ দৰে চৰম কঠোৰ ৱস্থা এটাকো মানি লৈছিল৷ ইয়াৰ াবে দেশখনৰ লাখ লাখ লোকে কি মূল্য দিবলগীয়া হৈছিল, সেই কথা সকলোৱে জানে৷ শ্রমিক–মজদুৰৰ পলায়নৰ দৰে নির্মম ঘটনাৰ সাক্ষী হ’লগীয়া হ’ল দেশবাসী৷ হঠাতে লাখ লাখ মানুহৰ হাতৰ পৰা চাকৰি, বেহা, দিন হাজিৰা সকলো নোহোৱা হৈ পৰিল৷ লকডাউন যদি পৰিকল্পিত আৰু সকলো দিশ চালি–জাৰি চাই জাৰি কৰাহেঁতেন, ছবিখন নিশ্চয়কৈ সুকীয়া হ’লহেঁতেন৷ কিন্তু এডভেঞ্চাৰাছ আৰু আনপ্রেডিক্টেড জাতীয় কাৰ্বাৰ এটা কৰ্বিলৈ গৈ দেশখনক মহাসংকটলৈ ঠেলি দিলে৷
বিখ্যাত অর্থনীতিবিদ অশোক গুলাটীয়ে শেহতীয়াকৈ এটা গুৰুত্বপূর্ণ কথা কৈছে৷ তেওঁ কৈছে যে বিগত ষৰ লকডাউনে যোগান শৃংখলডালক তচনচ কৰি দিছিল৷ উৎপাদন হ্রাস পালে, নিবনুৱাৰ সংখ্যা বঢ়াই তুলিলে৷ কোটি কোটি লোকৰ হাতৰ পৰা কর্মসংস্থাপন আঁজুৰি লৈ গৈছিল৷ সবাতোকৈ ভয়াৱহ অৱস্থা হৈছিল প্র্বাসী শ্রমিকৰ৷ এইবাৰ ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে এইবোৰ কথা মনত ৰাখিব লাগিব৷ ক’ৰোনাৰ বিৰুদ্ধে লকডাউন নামৰ হ্মাস্ত্রপাট যথাসম্ভৱ ৱহাৰ নকৰি ইয়াৰ বিকল্পৰ সন্ধান কৰিব লাগিব৷ গৰিব–দুখীয়া শ্রমজীৱী মানুহে নিয়ম নাভাঙে৷ তেওঁলোকক ক’ৰোনাবিধি সন্দর্ভত ভালদৰে জাই দিলে, ৰিক্সা চলাই পেট প্রৱর্তন কৰা লোকজনেও সেই বিধি মানি চলিব৷ যোৱাবাৰ ক’ৰোনাবিৰোধী যুঁজখন প্রায় শূন্যহাতে আৰম্ভ কৰা হৈছিল৷ এটা অতিমাৰীৰ সন্মুখীন হ’ব পৰাকৈ দেশখনৰ স্বাস্থ্য সেৱা ক্ষেত্রখন সিমান উন্নত আৰু সমৃদ্ধ নাছিল৷ ক’ৰোনাক পৰাভূত কৰিব পৰাকৈ ভেকচিন নাছিল৷ এইবাৰ ভাৰত্বর্ষৰ হাতত ভেকচিন উৎপাদন কৰিব পৰা শক্তি আৰু সামর্থ্য আছে৷ ভেণ্টিলেটৰ, আই চি ইউ, ক’ভিড হাস্পতালকে ধৰি আন্তঃগাঁথনিৰ ভালেখিনি উন্নতি ঘটিল৷ অর্থাৎ যুঁজিবলৈ হাতত হু সমল আছে৷ লাগে মাথোঁ চৰকাৰৰ নিষ্ঠা, জনসাধাৰণৰ সহযোগিতা৷
পশ্চিম্বংগৰ নির্বাচনী সভা–সমাৱেশত নিজকে স্ত ৰাখি কেন্দ্রীয় চৰকাৰৰ মুৰব্বীয়ে জনসাধাৰণৰ মাজত নিজৰ নিজৰ িবশ্বাসযোগ্যতা হ্রাস কৰিছে৷ চৰকাৰখনে এনেয়েও ক’ৰোনাৰে যুঁজ দিয়াৰ নামত িবগত ষত কেতেবাৰ ভয়ংকৰ অনিয়ম আৰু কাণ্ডজ্ঞানহীন কাণ্ড সংঘটিত কৰি থৈছে৷ এখন প্রসিদ্ধ ইংৰাজী দৈনিকৰ তথ্য অনুসৰি, ২০২০ চনৰ মার্চৰ পৰা মে’লৈকে প্রধানমন্ত্রী কেয়াৰ ফাণ্ডত মুঠ ১০,৬০০ কোটি টকা জমা হৈছিল৷ তাৰ ৩,১০০ কোটি টকা ক’ভিডৰ পৰা সুৰক্ষাত য় কৰা হৈছিল৷ ইয়াৰে ২০০ কোটি টকা ভাৰতত ৫০,০০০ ভেণ্টিলেটৰ প্রস্তুতৰ াবে, ২০০০ কোটি টকা প্র্বাসী মজদুৰক ঘৰলৈ পঠিওৱাৰ াবে আৰু এশ কোটি টকা ভেকচিনৰ ােব খৰচ কৰা হয়৷ লক্ষণীয় কথাটো হ’ল, কেন্দ্রীয় চৰকাৰে ১০,০০০টা ভেণ্টিলেটৰ প্রস্তুতৰ াবে নয়দাৰ এ ভি জি এ নামৰ এটা অনভিজ্ঞ প্রতিষ্ঠানক দায়িত্ব দিয়ে৷ কোম্পানীটোৱে প্রস্তুত কৰা ভেণ্টিলেটৰ ক্লিনিকেল টেষ্টত অনুত্তীর্ণ হয়৷ এনে ফলাফল আহে গুজৰাটৰ এটা কোম্পানীয়ে প্রস্তুত কৰা ভেণ্টিলেটৰৰ৷ ৰাইজৰ দান–বৰঙণিৰ ধন পানীত পৰে৷ এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে জনসাধাৰণৰ প্রাপ্য অধিকাৰত কুঠাৰাঘাত কৰিছে৷ এতিয়া সন্মুখৰ যুঁজখনত নিষ্ঠাসহকাৰে নেতৃত্ব নিদিলে, জনসাধাৰণ বিদ্রোহী হৈ উঠ্বি পাৰে৷