নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ মহামাৰী ক’ৰোনাৰ পিছৰে পৰা সকলোৰে সময় বৰ কঠিনতাৰ মাজেৰে পাৰ হৈ গৈছে। উৎসৱ-আনন্দ আদি সকলোকে শেষ কৰি পেলাইছে ক’ৰোনাই। কিন্তু এনে সময়তে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে এগৰাকী ভাগ্য দেৱীৰ। ভাগ্য দেৱীৰ ফটোৰ তলতে লিখা থাকে শ্বেয়াৰ কৰিলে সলনি হৈ যাব আপোনাৰ ভাগ্য। ফেচবুক বা আন ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হৈ থকা ভাৰতীয় সংস্কৃতিত নতুনকৈ আৱিৰ্ভাৱ হোৱা এই ভাগ্যদেৱীক লৈ প্ৰায়সকল লোকেই কৌতূহলী।
কোন এই ভাগ্যদেৱী?
বগা চুলি, মূৰত টুপী, হাতত লাখুটি লৈ থকা এগৰাকী অদ্ভুত বুঢ়ীৰ ৰূপত দেখিবলৈ পোৱা এয়া হৈছে Elf নামৰ এটা আখ্যানধৰ্মী পৌৰাণিক চৰিত্ৰ। জানিব পৰা মতে, জাৰ্মানসকলে এনে পুতলা সদৃশ বুঢ়ীগৰাকীক সৌভাগ্যৰ প্ৰতীক Elf Of Luck বুলি গণ্য কৰে। ঠিক আমাৰ আমাৰ ফেংছুইৰ দৰে। Elfৰ অৰ্থ এটা সৰু আকৃতিৰ জীৱ, যাৰ অনেক যাদুকৰী শক্তি থাকে। লোককথা মতে ইল্ফ স্বৰ্গত বাস কৰে আৰু ই শুভ ভৱিষ্যতৰ প্ৰতীক।
সৌভাগ্যৰ প্ৰতীক ইল্ফক সেয়ে সকলোকে শ্বেয়াৰ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে ছ’চিয়েল মিডিয়াত। বহুতে আকৌ ইয়াক শ্বেয়াৰ নকৰিলে অশুভ দিনৰ আগমন হোৱাৰ ভয়তো শ্বেয়াৰ কৰাৰ আহ্বান জনাইছে। কিন্তু এই সকলো অন্ধবিশ্বাস আৰু কুসংস্কাৰপূৰ্ণ মানসিকতাৰ পৰিচায়ক। ক’ৰোনাৰ সময়ত দিশহাৰা মানুহক লৈও চলোৱা হৈছে এনে অপপ্ৰচাৰ। আনহাতে ইয়াৰে জৰিয়তে পেজৰ লাইক আৰু শ্বেয়াৰৰ সংখ্যা বৃদ্ধিৰ চক্ৰান্তও জড়িত থকাক লৈ চৰ্চা হৈছে।