আমি মনে মনে থাকোঁ কিয়?

-পার্থসাৰথি মহন্ত

মনে মনে থকা মানে হ’ল মানি লোৱা৷ কথা, বিষয় বা ঘটনা এটা আমি গ্রহণ নকৰিব পাৰোঁ, কিন্তু মনে মনে থকাই আমাৰ সন্মতিয়েই বুজায়৷ অর্থাৎ কোনো বাধা নোহোৱাকৈ আৰু নোপোৱাকৈ সেহ কথা চলি থাকিব, সেই ঘটনা ঘটি থাকিব৷
কোনো নাৰীয়েই স্বামীৰ পৰা লাঞ্ছনা–গঞ্জনা নিবিচাৰে৷ শাৰীৰিক বা মানসিক অত্যাচাৰ, উৎপীড়ন, নির্যাতন নিবিচাৰে৷ বহু আশা বুকুত বান্ধি এজনী ছোৱালী বিয়াত সোমায়৷ সোণৰ নহ’লেও এখন সুখৰ সংসাৰৰ সপোন লৈ যুগ্মজীৱনৰ পাতনি মেলে৷ কিন্তু পৃথিৱীৰ পঁইত্রিশ শতাংশ বিবাহিত মহিলাৰ সেই সপোন ভাঙি দিয়ে স্বামীৰ আচৰণে৷ বিশ্বাস কৰিবলৈ টান পালেও পৃথিৱীৰ প্রতি তিনিগৰাকীৰ এগৰাকীকৈ নাৰীয়ে স্বামীৰ হাতত শাৰীৰিক বা মানসিক অত্যাচাৰ ভুগি আছে৷ আমাৰ বিশ্বাস নহয়৷ কাৰণ দেখিলেতো একো গম নাপায়৷ সকলোৱেই দেখোন হেপ্পিলী মেৰিড৷ হয়, আনৰ চকুত প্রায় প্রতিটো দম্পতীয়েই সুখী৷ কাৰণ তেওঁলোকে সুখী হৈ দেখুৱায়৷ ফুৰিবলৈ আৰু ঘৰত পিন্ধা কাপোৰ যেনেদৰে বেলেগ বেলেগ হয়, এই এক–তৃতীয়াংশ দম্পতীৰ ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ আচৰণ ভিন্ন হয়৷ এতিয়াতো ছ’চিয়েল মিডিয়াত ফটো আৰু কমেণ্ট পোষ্ট কৰি আমি আমাৰ আচল ৰূপটো আৰু ধৰিব নোৱাৰাকৈ মেকআপ কৰিব পৰা হ’লোঁ৷ একেটা ঘৰত একেটা ৰুমত একেলগে থকা পতি–পত্নীয়ে এতিয়া পৰস্পৰক বিবাহ বার্ষিকীৰ শুভেচ্ছা জনায় সামাজিক মাধ্যমত, তাকো মাজনিশা ঠিক বাৰ বজাৰ লগে লগে৷ কিন্তু এহ মেকআপৰ তলত লুকাই আছে এক কুৎসিত চেহেৰা, এখন ভয় লগা ছবি৷
সেহ কাৰণে গার্হস্থ্য হিংসাৰ প্রকৃত তথ্য কাৰো হাতত নাই৷ কিয়নো যিমান ঘটনা ৰিপ’ট হয়, ভগৱানেহে জানে, তাতকৈ কিমান গুণ ৰিপ’ট নোহোৱাকৈ থাকে৷ ক’ভিড পেনডেমিক লকডাউনৰ সময়ত যেতিয়া আমি সকলো ঘৰে ঘৰে সোমাই আছিলোঁ, পাৰিবাৰিক আৰু সামাজিক প্রমূল্যক কৈ গৌৰৱবোধ কৰিছিলোঁ, কোৱালিটী ফেমিলী টাহম কটাই ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰিছিলোঁ, ষ্ট’ৰী দিছিলোঁ, সেহ সময়ত ৰুজু হোৱা গার্হস্থ্য হিংসাৰ ঘটনা বাঢ়িহে গৈছিল আৰু এটা শ্বেড’ পেনডেমিকৰ ৰূপ লৈছিল৷
গার্হস্থ্য হিংসা এটা সামাজিক–সাংস্কৃতিক সমস্যা৷ পতি–পত্নীৰ মাজৰ কথা বুলি কৈ এহ বিষয়টোৰ পৰা আঁতৰি থকাৰ দিন আচলতে কেতিয়াবাই পাৰ হৈ গৈছে৷ আমাৰ দেশৰ সাক্ষৰতাৰ হাৰ এতিয়া ৭৪ শতাংশ৷ ৮২ শতাংশ পুৰুষৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৫ শতাংশ৷ গাঁও অঞ্চলৰ প্রত্যেক এহেজাৰ মহিলাৰ ৩৪৭গৰাকীয়ে কেৱল ঘৰুৱা কাম–কাজ কৰে যদিও ৬৫৩গৰাকীয়েই পৰিয়ালক আর্থিক উপার্জনত সহায় কৰে৷ ভাৰতত এতিয়া ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ মহিলা আৰু বিবাহিত নাৰীৰ ৩২ শতাংশৰে নিজা কর্মসংস্থান আছে৷ সুকল–কলেজৰ পৰীক্ষা, প্রতিযোগিতামূলক পৰীক্ষাবোৰতো ছোৱালীয়ে বেছি ভাল ৰিজাল্ট কৰিছে৷ এটা ধাৰণা আছে যে শিক্ষা নাথাকিলে আৰু টকা–পহচাৰ ফালৰ পৰা আত্মনির্ভৰশীল নহ’লে নাৰীয়ে মুখ খুলিব নোৱাৰে, প্রতিবাদ কৰিব নোৱাৰে, ন্যায় বিচাৰিব নোৱাৰে৷ কিন্তু বাস্তৱতটো আমি সেয়া দেখা নাপাওঁ৷ ধনী–দুখীয়া, শিক্ষিত–শিক্ষিত, ধর্ম–ভাষা–বর্ণ নির্বিশেষে আমি মনে মনে থাকোঁ৷
মহ যদি মুখ খোলোঁ সকলোৱে মোকেহ দোষ দিব, নাৰীৰ সহ্যশক্তি থাকিব লাগে, মোৰ মা–দেউতাই সমাজত মুখ উলিয়াব নোৱাৰা হ’ব, মোৰ ভণ্টিৰ বিয়া নহ’ব, মা ল’ৰা–ছোৱালীকেহটাৰ কি হ’ব, মোৰ যদি ডিভর্ছ হয় আকৌ বিয়া হ’ব জানো, এহবাৰেই লাষ্ট আৰু নহ’ব কিজানি, ইমান দিনটো পাৰ হৈ গ’লেই৷ বাকীকেইটা দিনো এনেকৈয়ে যাব৷ মনলৈ অহা ভাব সাধাৰণতে এনেধৰণৰ আৰু আমি মনে মনে থাকোঁ৷ কেৱল যে বিবাহিত জীৱনতেই নহয়, প্রেমৰ সম্পর্কতো যেতিয়া শাৰীৰিক নির্যাতন হয়, আমি মনে মনে থাকোঁ৷ বেছি পজিটিভ, বন্বুূ মহলত লাজ পাম, হয়াতকৈ ভাল ল’ৰা মহ পাম জানো– আমি সহ্য কৰিবলৈ আৰম্ভ কৰি দিওঁ৷
আইন আছে, সহজে পোৱাকৈ আহনী ব্যৱস্থা আছে৷ আমি কিন্তু মনে মনে থাকোঁ৷ অপৰাধী (স্বামী হওক বা প্রেমিক হওক) বেপৰোৱা হৈ পৰে৷ পত্নীৰ ওপৰত বা প্রেমিকাৰ ওপৰত হাত তোলা, আৱেগিক–মানসিক নির্যাতন কৰা এহ অদ্ভট মানুহখিনিৰ মানসিকতা এনেও স্বাভাৱিক নহয়৷ ভীষণ হীনমন্যতাত ভুগি থাকে এই মানুহখিনিয়ে৷ বহুতৰে হয়তো পত্নীতকৈ শিক্ষা–দীক্ষা কম, চাকৰি কম খাপৰ বা উপার্জন কম৷ তদুপৰি নিচাসক্তও হ’ব পাৰে৷ এই মানহবোৰে ভাবে যে পুৰুষ মহিলাতকৈ ওপৰত৷ মহিলা সদায় পুৰুষৰ তলত থাকিব লাগে৷ তেওঁলোকে নিজৰ পত্নীকে হিংসা কৰে আৰু অশান্তিত ভোগে৷ এই নিৰাপত্তাহীনতাৰ পৰা ওলাই আহিবলৈ তেওঁলোকে পত্নীক প্রহাৰ কৰি নিজৰ পুৰুষত্ব জাহিৰ কৰিব খোজে৷ ক্ষমতা প্রদর্শনৰ এহ প্রৱণতাৰ কাৰণেহ পত্নীৰ ওপৰত মানসিক নির্যাতন আৰম্ভ কৰে৷ প্রথম অৱস্থাত অলপ ভয় খাহ থাকে পত্নীয়ে কাৰোবাক ক’ব নেকি? কোনোবাহ গম পাব নেকি? তেতিয়া কি হ’ব যেতিয়া গম পাহ যায় যে পত্নী মনে মনেহ থাকিব, তেতিয়া এওঁলোক দিনে দিনে অধিক বেপৰোৱা হৈ উঠে৷
আৰু এই মহিলাসকলে দিনৰ পাছত দিন অকথ্য শাৰীৰিক–মানসিক নির্যাতন ভুগি থাকে৷ সহ্য কৰি থাকে, পৰিয়াল বচাই ৰখাৰ স্বার্থত আৰু সামাজিক সন্মান হেৰুওৱাৰ ভয়ত৷ কাৰোবাক যদি মনৰ কথা কৈও তেওঁ মনে মনে থাকে– হয় আনৰ ঝামেলাত নোসোমাওঁ বুলি নহয় পৰিয়ালটোত চলি থাকক বুলি বা হয়তো ভুক্তভোগীয়ে কাকো নক’বলৈ কয়৷ আন এটা আচৰিত কথা বহু এনে ভুক্তভোগী মহিলাহ আকৌ পতিৰ এই অস্বাভাৱিক স্বভাৱ লুকুৱাহ ৰাখি তেওঁক পৰিয়াল, সমাজ আৰু ন্যায়ৰ চকুত হেয় হ’বলৈ নিদিয়াকৈ বচাই ৰাখিব খোজে৷
এটা ধাৰণা আছে যে নাৰীয়ে যদি নাৰীৰ আগত নিজৰ দুখ ব্যক্ত কৰিব পাৰে, তেনেহ’লে খোলোচাকৈ সকলো কথা ক’ব পাৰে৷ ১৯২১ চনত নিউয়র্কত প্রথমটো কেৱল মহিলাৰ আৰক্ষী থানা খোলা হৈছিল৷ ভাল লগা কথাটো হ’ল এই আমেৰিকান কনছেপ্ঢটো আচলতে ভাৰতে গ্রহণ কৰিলে আৰু সমগ্র দেশতে মহিলা আৰক্ষী থানা আৰম্ভ কৰিলে৷ এতিয়া ভুক্তভোগী মহিলাহ মুকলি মনে সংকোচ নকৰাকৈ আন এগৰাকী মহিলাক সকলো কথা ক’ব পৰা হ’ল৷ কিন্তু আমি এতিয়াও মনে মনে থাকোঁ৷
আমি ভাবোঁ যে এয়া মাত্র মোৰ লগতহে হৈছে, মই মুখ খুলিলে সকলোৱে মোকেহ দোষাৰোপ কৰিব৷ গার্হস্থ্য হিংসাহ কিন্তু কাকো ৰেহাহ নিদিয়ে৷ বহু চেলিব্রিটীও আনকি গার্হস্থ্য নির্যাতনৰ বলি হৈছে৷ ল এণ্ড অর্ডাৰ,Prodigol চ’ন আদিৰ দৰে টিভি ছিৰিজ আৰু ফ্রীডম ৰাইটছি আদিৰ দৰে চিনেমাৰ অভিনেত্রী এপ্রিল হার্নাণ্ডেজ কেষ্টিল’ প্রেমিকৰ হাতত সততেই নিগৃহীত হৈছিল৷ এমী এৱার্ড বিজয়ী ডেবিব মৰগান গার্হস্থ্য হিংসাৰ আন এক ভুক্তভোগী৷ পপষ্টাৰ ৰিহানাক প্রেমিক ক্রিছ ব্রাউনে গাড়ীৰ পৰা ঠেলি পেলাই দি মাৰি পেলাবলৈয়ে ওলাইছিল৷ জনপ্রিয় হলীউড তাৰকা হেলি বেৰীৰ মাক দেউতাকৰ হাতত প্রায় প্রতিদিনেই নির্যাতিত হৈছিল৷ পপ সম্রাজ্ঞী মেডোনাও সাৰি যোৱা নাছিল পতিৰ অত্যাচাৰৰ পৰা৷ স্বামী চ’ন পেলে মেডোনাক আনকি বেচবল বেটেৰেও কোবাইছিল৷ প্রখ্যাত গায়িকা হুহটনি হুহষ্টনো স্বামী ববী ব্রাউনৰ হাতত শাৰীৰিকভাৱে প্রহূত হৈছিল৷ ভাৰততো এনেকুৱা ঘটনা পোহৰলৈ আহিছে৷ কৰীশ্মা কাপুৰ, অতি জনপ্রিয় তাৰকা৷ বলীউডৰ এটা অতি প্রভাৱশালী পৰিয়ালৰ ছোৱালী৷ বিয়াও হৈছিল কোটিপতি উদ্যোগপতি সঞ্জয় কাপুৰৰ লগত৷ বিয়াৰ দহ বছৰৰ পাছত দুটাকৈ সন্তান জন্ম হোৱাৰ পাছত বিবাহ বিচ্ছেদ বিচাৰি কৰীশ্মাই আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে তেওঁ স্বামীৰ কেৱল মানসিকেহ নহয়, শাৰীৰিক নির্যাতনৰো বলি হৈছিল৷ ‘এক দুজে কে লিয়ে’ৰ নায়িকা ৰতি অগ্ণিহোত্রীৰ কাহিনীত যেন ভাৰতীয় নাৰীৰ গোটেহ মনোভাব প্রতিফলিত হয়৷ ত্রিশ বছৰ অকথ্য অত্যাচাৰত থকাৰ পাছত ৰতি অগ্ণিহোত্রীয়ে মুখ খুলিছিল, ক’লে– ‘মোৰতো যি হ’ল হ’লেহ, মোৰ ল’ৰাটো ডাঙৰ হোৱালৈ ৰৈ আছিলোঁ৷’
নির্যাতনৰ এই কাহিনীবোৰো কিন্তু তৎক্ষণাতে পোহৰলৈ অহা নাছিল৷ এহ ভুক্তভোগীসকলো মনে মনেহ আছিল৷ এটা ডাঙৰ ঘটনা হোৱাৰ পাছতহে বা নিজৰ নতুবা সন্তানৰ আত্মবিশ্বাস বঢ়াৰ পাছতহে এই কথাবোৰ মুকলিলৈ আহিল৷
আমি সততেহ কওঁ নাৰী ত্যাগৰ প্রতীক৷ নাৰী সহনশীলতাৰ মূর্ত ৰূপ৷ নিগেটিভ কথাত কিন্তু এই মহান আৰু পৱিত্র ধাৰণাত অন্ধ হৈ থকাৰ কোনো যুক্তি নাই৷ অপৰাধী অপৰাধীয়েহ৷ অপৰাধীক সজগুণৰ সুবিধা ল’বলৈ দিয়াটো অপৰাধীক উদগনি দিয়াৰ দৰে৷
অথচ ভুক্তভোগীসকল মনে মনে থাকে৷ যিসকলে নিজকে শুভাকাংক্ষী বুলি ভাবে তেওঁলোকো মনে মনে থাকে৷
আমি সকলো মনে মনে থাকোঁ৷
কিয়?

Featured