এজনক দেখি আন এজনে কিয় হামিয়াই, জানেনে?

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ এজনক দেখি আন এজনৰ হামি অহা ঘটনা খুবেই সাধাৰণ। বাছ, ট্রেইন অথবা ৰাস্তাই ঘাটেও কোনোৱে হামিওৱা দেখিলেই আন এজনৰো হামি আহে। কিন্তু কেতিয়াবা ভাবি চাইছেনে কিয় এনে হয়? জনমানসত ইয়াকে লৈ বহুক কথা প্রচলিত হ’লেও তাৰে বেছিভাগেই কল্পনা। বৈজ্ঞানিক ভিত্তি নাই।

চিকিৎসকৰ মতে, এজনক দেখি আনজনৰ হামি অহাৰ কাৰণ মূলত শৰীৰত মীৰৰ নিউৰোণৰ উপস্থিতি। বহু সময়ত দেখা যায় কোনোবাই আঘাত পালে, শাৰীৰিকভাৱে নহ’লেও মানসিকভাৱে বেথা অনুভূত হয়। মনোৰোগ বিশেষজ্ঞৰ মতে, মানুহ যিহেতু দলৱদ্ধ জীৱ, সেয়ে নিজৰ অজানিতে হ’লেও সকলো সময়তে দলগতভাৱেই চিন্তা-ভাবনা কৰে।
প্রাচীনকালৰে পৰা এই ধাৰা চলি আহিছে। কোনোবাই ফুৰিবলৈ যোৱা দেখিলে নিজৰো ফুৰিবলৈ যাবলৈ ইচ্ছা হয়। কাৰোবাক শোৱা দেখিলে নিজৰো শুবলৈ মন যায়। একে কাৰণতে কোনোবাই হামি কাঢ়িলে অবচেতনভাৱেই কাষৰ জনৰো হামি আহে।

জুৰিখত এজাক চিম্পাঞ্জীক লৈ এটি গৱেষণা কৰা হৈছিল। এটা চিম্পাঞ্জীৰ হামিওৱা ভিডিঅ’ আন এজাক চিম্পাঞ্জীক দেখোৱা হৈছিল। গৱেষণাত দেখা গৈছিল চিম্পাঞ্জীৰ হামিওৱা ভিডিঅ’ দেখি বাকী চিম্পাঞ্জীৰো হামি আহে। ইয়াকে ‘মীৰৰিং বিহেভিয়াৰ’বুলি কোৱা হয়।