ক্রিকেটৰ পথাৰত ভাৰতীয় নাৰী

ক্রিকেট বলিয়া দেশ ভাৰতত এতিয়া বিৰাট কোহলি, ৰোহিত শর্মাৰ সমানেই জনপ্রিয় মিতালী ৰাজ, হৰমনপ্রীত কৌৰ তথা সুশ্রী স্মৃতি মান্ধানা৷ হৰমনপ্রীত কৌৰৰ বিশাল ছয় আৰু ঝুলন গোস্বামীৰ য়র্কাৰ চাবলৈ ষ্টেডিয়ামৰ লগতে টেলিভিছনৰ সন্মুখতো অধীৰ আগ্রহত থাকে ক্রিকেটপ্রেমী৷ বিশ্বায়নৰ ফলত তথা মহিলা ক্রিকেটাৰৰ অশেষ কষ্টৰ ফলত ক্রমাৎ অস্পষ্ট হ’বলৈ ধৰিছে পুৰুষ আৰু মহিলা ক্রিকেটৰ মাজত থকা ব্যৱধানৰ ৰেখাডাল৷ ভাৰতত মহিলা ক্রিকেটৰ যাত্রা ইমান সহজ নাছিল৷ মহিলা ক্রিকেটৰ ভেটি সুদৃঢ় কৰিবলৈ চন্দ্রা ত্রিপাঠী, প্রমীলাবাই চৱন, শান্তা ৰংগাস্বামী, ডায়েনা এডুলজী, সুধা শ্বাহ, মিতালী ৰাজ আদিৰ দৰে মহিলাই কেতিয়াবা যুঁজ দিব লগা হৈছিল পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বা কেতিয়াবা নিজৰেই ক্রিকেট ব’ডৰ বিৰুদ্ধে৷ এবাৰ কোনো এটা সাক্ষাৎকাৰত তদানীন্তন বি চি চি আইৰ সভাপতি এন শ্রীনিৱাসনে কৈছিল– ‘মোৰ মতে সকলো পৰিচালিত হ’লে এই মহিলা ক্রিকেটক কোনোদিনেই সম্ভৱ হ’ব নিদিলোঁহেঁতেন৷’ উল্লেখনীয় যে মহিলা ক্রিকেট ব’ড বি চি চি আইৰ লগত সংযুক্ত হোৱাৰ পিছত শ্রীনিৱাসনৰ কার্যকালতেই আটাইতকৈ বেছি বৈষম্যৰ সন্মুখীন হৈছিল৷ কিন্তু হাৰ নমনা যুঁজাৰু খেলুৱৈসকলে এনে পুৰুষতান্ত্রিক বৈষম্যৰ ওচৰত হাৰ নামানি সময়ে শক্তিশালী স্থিতিত অৱস্থান গ্রহণ কৰি নজিৰ ৰাখি গৈছে৷ স্বল্পভাষী মিতালী ৰাজক সাংবাদিকে তেওঁৰ প্রিয় পুৰুষ খেলুৱৈ কোন বুলি সোধাত টপৰাই উত্তৰ দিছিল– ‘প্রথমতে পুৰুষ খেলুৱৈক তেওঁৰ প্রিয় মহিলাগৰাকীৰ নাম সোধকগৈ৷’ ১৯৮৬ চনত ভ্রমণৰত ভাৰতীয় দলৰ প্রতি বিৰোধী ইংলেণ্ড দল আৰু ব্রিটিছ সংবাদ মাধ্যমে অভিযোগ আনিলে যে ভাৰতীয় দলে মেচসমূহত অযথা বিলম্ব কৰি আছে৷ বর্ণবাদী ইংৰাজ মানসিকতা আৰু আক্রমণাত্মক ইংৰাজ সংবাদ মাধ্যমৰ বিৰুদ্ধে ভাৰতীয় দলে দৃঢ়ভাৱে একত্রিত হৈ থিয় দিয়াৰ লগতেই বিনাচর্তে ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল৷ ভাৰতীয় মহিলা ক্রিকেটাৰৰ অদম্য শক্তিক সেইবাৰ ভালদৰেই চিনি পাইছিল ক্রিকেট বিশ্বই৷ স্মর্তব্য যে তেতিয়া মহিলা ক্রিকেট ব’ড বি চি চি আইৰ অন্তর্ভুক্ত হোৱা নাছিল৷ বি চি চি আইৰ প্রত্যক্ষ সহযোগ অবিহনে যুঁজা ৰণ ভাৰতীয় মহিলাৰ অফুৰন্ত যুঁজাৰু মানসিকতাকে সূচায়৷ এনে যুঁজাৰু মানসিকতাৰ প্রতিফলন পৰৱর্তী সময়ৰ মহিলা ক্রিকেটৰ সর্ববৃহৎ প্রতিযোগিতা মহিলা বিশ্বকাপত দেখিবলৈ পোৱা যায়৷ য’ত ২০০৫ আৰু ২০১৭ চনত দলে ৰানার্ছ আপৰ সন্মান লাভ কৰে৷

মহিলা ক্রিকেটৰ আৰম্ভণি–
ভাৰতে প্রথমখন টেষ্ট মেচ জিকাৰ ১৭ বছৰ পিছত ১৯৬৯ চনত আগৰণুৱা মহিলা এলু কামজীয়ে একক প্রচেষ্টাৰে জন্ম দিয়ে প্রথমটো ক্রিকেট ক্লাবৰ, যাৰ নাম আছিল ‘অলবিছ’ Albees)৷ অলবিছৰ অন্যতম সদস্যা আছিল পৰৱর্তী সময়ত ভাৰতক নেতৃত্ব দিয়া ডায়েনা এডুলজী৷ এওঁলোকৰ পৰা অনুপ্রাণিত হৈ সুনীল গাভাস্কাৰৰ ভগ্ণী নুতন গাভাস্কাৰেও ‘ইণ্ডিয়ান জীমখানা’ নামেৰে আন এটি ক্লাবৰ জন্ম দিয়ে আৰু আৰম্ভ হয় এলু কামজীৰ ক্লাবৰ লগত তীব্র প্রতিদ্বন্দ্বিতা৷ লগে লগে ভাৰতৰ অন্য প্রান্ততো মহিলাৰ দ্বাৰা সংগঠিত এনে ক্লাবৰ জন্ম হয়৷ ক্রিকেটৰ খেল প্রথম অৱস্থাত শাৰীৰিকভাৱে দুর্বল মহিলাৰ বাবে মুঠেও সহজ নাছিল আৰু তেতিয়াৰ দিনত আজিৰ দৰে ক্রিকেটৰ জনপ্রিয়তা আৰু গ্লেমাৰে তেওঁলোকক হাতবাউল দি মতা নাছিল৷ এই খেলবিধ আৰম্ভ কৰোঁতে ক্রিকেটৰ বল লাগি কাৰোবাৰ দাঁত উফৰি গৈছিল, কাৰোবাৰ হাতত লাগিছিল প্লাষ্টাৰ বা মূৰত বেণ্ডেজে শোভাবর্ধন কৰিছিল৷
হেলমেট আৰু অন্যান্য আধুনিক প্রটেক্টিভ সৰঞ্জাম অবিহনেও দেহত আঘাত লৈ এইসকল মহিলা পুনৰ ওলাই আহিছিল৷ ২২ গজৰ প্রতি তেওঁলোকৰ প্রেম আছিল সর্বোচ্চ৷ মহিলা ক্রিকেটাৰৰ এনে ধাউতি দেখি উৎসাহিত হৈ প্রাক্তন ক্রিকেটাৰসকল যেনে– ডি বি দেওধৰ, মাধৱ আপ্তে, অশোক মানকাড আদি ওলাই আহে৷ এওঁলোকক সংগ দিয়ে তেতিয়াৰ ভাৰতৰ মুখ্য বেটছমেন সুনীল গাভাস্কাৰে৷ ১৯৭৩ চনত উত্তৰ প্রদেশৰ ক্রিকেট প্রশাসক মহেন্দ্র কুমাৰ শর্মাই ‘মহিলা ক্রিকেট’ সংস্থাৰ জন্ম দিলে৷ ইয়াৰ প্রথমগৰাকী সম্পাদক আছিল শর্মা নিজে আৰু সভাপতি আছিল বেগম হামিদুল্লা৷ সংস্থাৰ উদ্যোগত সেই বছৰতে পুনেত প্রথমবাৰৰ বাবে তিনিটা দল উত্তৰপ্রদেশ, মুম্বাই, মহাৰাষ্ট্রৰ মাজত প্রথমখন আন্তঃৰাজ্যিক প্রতিযোগিতা অনুষ্ঠিত হয়৷ উক্ত বর্ষৰ শেষৰফালে পুনৰ অনুষ্ঠিত হোৱা এই প্রতিযোগিতাত অংশগ্রহণকাৰীৰ সংখ্যা আঠটালৈ বৃদ্ধি পায়৷ পিছৰ বছৰত কলকাতাত অনুষ্ঠিত হোৱা টুর্নামেণ্টত দলৰ সংখ্যা হয়গৈ ১৪৷ মহিলা ক্রিকেটৰ সংগঠিত ৰূপ দেখি ভাৰতীয় ৰে’লৱে আৰু এয়াৰ ইণ্ডিয়ায়ো মহিলা খেলুৱৈক চাকৰিত মকৰল কৰি নিজা দল গঢ়ি তোলে৷ ১৯৭৪ চনত সীমিত অভাৰৰ ৰাণী লক্ষ্মীবাই ট্রফীৰ লগতে আন্তঃবিশ্ববিদ্যালয় পর্যায়ৰ প্রতিযোগিতা অনুষ্ঠিত হয়৷ লগে লগে বয়স গ্রুপৰ অনূর্ধ্ব ১৫, অনূর্ধ্ব ১৯ৰ প্রতিযোগিতাত সংগঠিত ৰূপত আত্মপ্রকাশ কৰে৷ প্রিয়দর্শিনী কাপ, ৰাও কাপ ইত্যাদি মহিলা ক্রিকেটৰ জনপ্রিয় প্রতিযোগিতা হিচাপে স্বীকৃত হয়৷ ভাৰতত মহিলা ক্রিকেটৰ আন্তর্জাতিক মেচ অনুষ্ঠিত কৰিবৰ বাবে চন্দ্রা ত্রিপাঠী, প্রমীলা বাস্কো, চৱন ইত্যাদিয়ে অহোপুৰুষার্থ চেষ্টা কৰা বাবে আৰু তেওঁলোকৰ অশেষ কষ্টৰ ফলত ১৯৭৫ চনত ভাৰতীয় মহিলা ক্রিকেট সংস্থাই আন্তঃৰাষ্ট্রীয় ক্রিকেট সংস্থাৰ অন্তর্ভুক্ত হয় আৰু ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰে৷ উক্ত চনতেই অষ্ট্রেলিয়াৰ অনূর্ধ্ব ১৫ দলে ভাৰতত তিনিদিনীয়া টেষ্ট শৃংখলা খেলিবলৈ আহে৷ তিনিখন মেচৰ বাবে তিনিগৰাকী অধিনায়িকাক দায়িত্ব অর্পণ কৰা হয়– উজ্জ্বলা নিগম, সুধা শ্বাহ, শ্রীৰূপা বসু৷ বিদেশৰ ক্লাব গ্রাউণ্ডৰ পৰিৱর্তে ভাৰতৰ নিয়মিত ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলাৰ মেচসমূহ চাবলৈ বিপুল দর্শকৰ সমাগম ঘটে৷ ১৯৭৬ চনত পাটনাত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰোঁতে ২৫,০০০ দর্শক গেলাৰীত উপস্থিত আছিল৷ দর্শকৰ এনে সমাগমৰ অন্তৰালত ক্রিয়া কৰিছিল অন্য এটা কাৰকে৷ সেয়া হ’ল খেলুৱৈৰ চুটি পোছাক৷ পুৰুষতান্ত্রিক মানসিকতাই নাৰী দেহৰ সৌন্দর্য উপভোগ কৰিবলৈ ষ্টেডিয়ামত প্রথমাৱস্থাত ভিৰ কৰিছিল যদিও মহিলা ক্রিকেটাৰে একাগ্রতা, প্রতিভাৰ বলত এনে ধাৰণাক মষিমূৰ কৰিবলৈ সক্ষম হয়৷ দর্শকে এতিয়া মিতালী ৰাজ, স্মৃতি মান্ধানা, হৰমনপ্রীত কৌৰ, বেদা কৃষ্ণমূর্তিহঁতৰ ছয়, চাৰি চাবলৈ ষ্টেডিয়ামৰ গেলাৰী ভর্তি কৰে৷ ভাৰতীয় মহিলা ক্রিকেটৰ বাবে উল্লেখনীয় সফলতা আহে ১৯৯৫ চনত, যেতিয়া ভাৰতীয় দলে নিউজিলেণ্ডত বহুদেশীয় ছিৰিজত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত ১৯৯৯ চনত ভাৰতীয় দলে ইংলেণ্ড ভ্রমণত সীমিত অভাৰৰ শৃংখলাত জয়লাভ কৰে আৰু টেষ্ট মেচৰ শৃংখলাটো ড্র কৰিবলৈ সক্ষম হয়৷ ব্যক্তিগত প্রদর্শনৰ ক্ষেত্রতো ভাৰতীয় মহিলা পিছপৰি থকা নাই৷ স্যান্ধা আগৰৱালে ইংলেণ্ডৰ বিৰুদ্ধে এটা ইনিংছত ১৯০ ৰান কৰি বিশ্ব ৰেকর্ড গঢ়িছিল৷ ১৯৯৫ চনত নিতু ডেভিদে ৫৩ ৰানৰ বিনিময়ত আঠটা উইকেট দখল কৰি চাঞ্চল্য সৃষ্টি কৰে৷ প্রদর্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলেও বি চি চি আয়ে ২০০৫ চনলৈ মহিলা ক্রিকেটক গুৰুত্বই প্রদান কৰা নাছিল৷ ব’ডৰ এনে মানসিকতাৰ পৰিৱর্তন ঘটে যেতিয়া ২০০৫ চনত ভাৰতে মিতালী ৰাজৰ নেতৃত্বত দুর্দান্ত প্রদর্শন কৰি ৰানার্ছ আপৰ সন্মান লাভ কৰে৷ ২০০৬ চনত তেতিয়াৰ ব’ড সভাপতি শাৰদ পাৱাৰৰ ঐকান্তিক চেষ্টাত ভাৰতীয় মহিলা ক্রিকেট সংস্থা বি চি চি আইৰ অন্তর্ভুক্ত হয় আৰু আগতকৈ অর্থৰ দিশত চহকী হয়৷ তেতিয়াৰ শুভাংগী কুলকার্ণী, শান্তা ৰংগাস্বামী, অঞ্জুম চোপ্রা, ডায়েনা এডুলজীহঁতে আগ ধৰা বিপ্লৱখনৰ বাঘজৰী এতিয়াৰ হৰমনপ্রীত কৌৰহঁতে লৈ ভাৰতীয় মহিলা ক্রিকেট আৰু ভাৰতীয় মহিলাৰ দৃঢ়তা, ব্যক্তিত্বক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷ মহিলা ক্রিকেটৰ যদি কোনোবা আইকনৰ নাম ল’বলগীয়া হয়, তেন্তে পোনপ্রথমেই নাম আহিব মিতালী ৰাজৰ৷ দুটা দশকজুৰি এইগৰাকী দুর্দান্ত মহিলাই ক্রিকেটৰ পথাৰত চলাইছে ৰাজত্ব৷ ক্রিকেটৰ অভিধানৰ আটাইকেইটা শ্বট আয়ত্ত কৰি লোৱা মিতালী ৰাজ ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ ৰান সংগ্রহকাৰী, যাৰ সবল নেতৃত্বৰ বলতেই ভাৰতে দুবাৰকৈ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল৷

Comments (0)
Add Comment