নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ গুৱাহাটীত অহা জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় বাৰ্ষিক খেলো ইণ্ডিয়া যুথ গেমছৰ ল’গ’-মেছকট-জাৰ্ছী-থীম ছং শনিবাৰে মুকলি কৰা হয় । সৰুসজাই এথলেটিক ষ্টেডিয়ামৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এখ আটকধুনীয়া অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে মেগা ইভেণ্টখনৰ ল’গ’ মুকলি কৰে ।