চলিত বৰ্ষত টেষ্টত সৰ্বাধিক ৰাণ স্কৰাৰ ৱাৰ্ণাৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অপেনিঙ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ত্ৰি-শতক অৰ্জন কৰি কেইবাটাও অভিলেখ ভংগ কৰিছে। ডেভিদে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্টত ৩৩৫ ৰাণৰ ইংনিছ খেলে। চলিত বৰ্ষত যিকোনো এজন বেটছমেনে প্ৰথমটো ত্ৰি-শতক। ডেভিদ ৱাৰ্ণাৰে ইয়াৰ লগতে বিৰাট কোহলীৰ বৰ্ষটোত সৰ্বাধিক ৰাণ কৰা অভিলেখ ভংগ কৰিলে। ৱাৰ্ণাৰে ডন ব্ৰেডমেনৰ সৰ্বাধিক ৰাণৰ ইংনিছকো অতিক্ৰম কৰে। ৱাৰ্ণাৰে অষ্ট্ৰেলিয়াৰ হৈ ত্ৰি-শতক অৰ্জন কাৰী সপ্তদশ বেটছমেন হিচাপে পৰিগণিত হৈছে।