অন্তিম অভাৰত মেচ টাই আৰু ৰোহিতৰ ছয়েৰে ভাৰতৰ জয়

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলে নিউজিলেণ্ডত টি-২০ শৃংখলা জয় কৰিছে। আজি অনুষ্ঠিত হোৱা তৃতীয় খন টি-২০ মেচত ভাৰতে চুপাৰ অভাৰত জয় লাভ কৰিছে। ভাৰতে প্ৰথম বাৰৰ বাবে নিউজিলেণ্ডত টি-২০ শৃংখলাত জয় হৈছে। ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৭৯ ৰাণ সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত নিউজিলেণ্ড দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ১৭৯ ৰাণ সংগ্ৰহ কৰিছিল। অন্তিম অভাৰত ছামীয়ে দুটা উইকেট দখল কৰে। ছামীৰ দুৰ্দান্ত বলিঙৰ বাবেই মেচ খন টাই হয়। চুপাৰ অভাৰত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ২০ ৰাণ সংগ্ৰহ কৰে। ৰোহিতে অন্তিম ২ টা বলত ২ টা ছয়েৰে ভাৰতক জয়ী কৰোৱায়।

Comments (0)
Add Comment