টি–২০ ৰেংকিঙৰ শীর্ষত ১০ত স্থান লাভ বিৰাটৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ ১০ত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে সদ্য সমাপ্ত তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত মুঠ ১৮৩ ৰান কৰি ৰেংকিঙত পাঁচটাকৈ স্থান আগুৱায় আৰু দশম স্থানটো অধিকাৰ কৰিবলৈ সক্ষম হয় ৷

পাকিস্তানৰ বাবৰ আজমে শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাৰ শীর্ষ ১০ত থকা ভাৰতৰ আন দুগৰাকী খেলুৱৈ হ’ল লোকেশ ৰাহুল আৰু ৰোহিত শর্মা ৷ তিনিটা স্থান আগুৱাই ৰাহুলে ষষ্ঠ স্থানলৈ উন্নীত হয় ৷

অৱশ্যে তাৰকা বেটছমেন ৰোহিত শর্মাৰ এটা স্থানৰ অৱনমন ঘটিছে ৷ ৰোহিত শর্মাৰ বর্তমান ৰেংকিং স্থান হ’ল নৱম ৷

Comments (0)
Add Comment