টেষ্টত ব্রায়ান লাৰাৰ ৪০০ ৰানৰ অভিলেখ ভংগ কৰিব পাৰিব ৰোহিত শর্মাহ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ টেষ্ট ক্রিকেটত ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰাৰ ইতিহাস সৃষ্টিকাৰী ৪০০ ৰানৰ অভিলেখ এদিন টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাই ভংগ কৰিবলৈ সক্ষম হ’ব৷ এই আশা প্রকাশ কৰিছে অষ্ট্রেলিয়াৰ হৈ সপ্তমটো ত্রিশতক অর্জন কৰা বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰে৷ পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ৩৩৫ ৰানৰ অপৰাজিত ইনিংছ খেলা বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে দেওবাৰে কয় যে তেওঁ নিজে কেতিয়াবা ব্রায়ান লাৰাৰ ৪০০ ৰানৰ অভিলেখ ভংগ কৰিব পাৰিব বুলি অনুভৱ নকৰে৷ টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাইহে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হ’ব৷ ‘মোৰ মতে এদিন ৰোহিত শর্মাই টেষ্ট ক্রিকেটত ৪০০ ৰানৰ অভিলেখ স্পর্শ কৰিব পাৰিব৷ মোৰ কেৰিয়াৰত এই সপোন পূর্ণ হোৱাৰ কোনো সম্ভাৱনা নাই৷’ –ৱার্নাৰে এইদৰে কয়৷ উল্লেখ্য যে বিস্ফোৰক বেটিঙেৰে তাৰকা অ’পেনাৰগৰাকীয়ে কালি ৩৩৫ ৰানত বেটিং কৰি থকাৰ সময়তে অষ্ট্রেলিয়ান অধিনায়ক টীম পেইনে ইনিংছ সমাপ্তি ঘোষণা কৰিছিল৷