ডেভিছ কাপত পাকিস্তানক ৪-০ ত হৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ভাৰতে ডেভিছ কাপৰ ২০২০ ৰ কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে । কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ডেভিছ কাপ কোৱালিফায়িং মেচখনত চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৪-০ ত শোচনীয়াভাৱে পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ কোৱালিফায়াৰত খেলাৰ যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ পিছত ডেভিছকাপৰ আটাইকেইখন মেচতে জয়ৰ সোৱাদ লাভ কৰে ভাৰতে ।

Featured