দৈজিং চাইকেল ৰেচ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ অসম পর্যটন আৰু বি টি চি পর্যটনৰ উদ্যোগত আয়োজন কৰা দৈজিং মহোৎসৱত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় দৈজিং এক্স চি এম চাইকেল ৰেচ৷

উল্লেখ্য যে চিৰাঙৰ আই নদীৰ পাৰত আয়োজিত এই মহোৎসৱৰ উল্লেখযোগ্য অংশ হিচাপে ঘন অৰণ্যৰ মাজত ৩০ কিঃমিঃ দুঃসাহসিক ক্রীড়া প্রদর্শন কৰে অসমকে ধৰি ভাৰতৰ ভিন্ন ৰাজ্যৰ চাইক্লিষ্টে৷ টিলিঙা স্প’টছ ক্লাব, জি চি আৰ আদিৰ উপৰি এছ এছ বিৰ জোৱানসকলেও অংশগ্রহণ কৰে৷

বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী প্রমীলাৰাণী ব্রহ্ম আৰু চন্দন ব্রহ্ম৷

Comments (0)
Add Comment