পাকিস্তানক ক্ৰিকেটৰ ব্ৰাজিল আখ্যা আক্ৰামৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ প্ৰতিভা জন্ম দিয়াৰ ক্ষেত্ৰত পাকিস্তানক ক্ৰিকেটৰ ব্ৰাজিল আখ্যা দিছে দেশখনৰ প্ৰাক্তন বেগী বলীৰ ৱাছিম আক্ৰামে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন ডীন জনছৰ সৈতে ছ’চিয়েল মিডিয়াত হোৱা এক মত বিনিময়ত পাকিস্তানৰ একালৰ প্ৰখ্যাত ছুইং বলাৰগৰাকীয়ে কয় যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অনেক প্ৰতিভা উপহাৰ হিচাপে আগবঢ়াইছে। পাকিস্তানে বিভিন্ন টেকনিকৰ আৰু বিভিন্ন দৃষ্টিভংগীৰ কেইবাগৰাকীও বিখ্যাত বেগী বলাৰ জন্ম দিছে। ইয়াৰ ভিতৰত আমি নাম ল’ব লাগিব ৱাকাৰ ইউনিছ, ছোৱেইব আখতাৰ, আব্দুল কাদিৰ আৰু মুস্তাক আহমেদৰ। এতিয়াও বহুকেইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে পাকিস্তানৰ ক্ৰিকেট জগত সমৃদ্ধ কৰিছে। ৱাছিম আক্ৰামে এইদৰে উল্লেখ কৰে।

Comments (0)
Add Comment