পিটচত পানী সোমোৱা কাণ্ডত জড়িত নহয় অসম ক্রিকেট

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত যোৱা দেওবাৰে ভাৰত–শ্রীলংকাৰ প্রথমখন টি–২০ত পিটচত পানী সোমোৱাৰ বাবে মেচ পৰিত্যক্ত হোৱা ঘটনাৰ সৈতে জড়িত নহয় অসম ক্রিকেট সন্থা৷ কিয়নো, মেচখনৰ টছৰ পিছত আই চি চিৰ নিয়ম অনুসৰি গ্রাউণ্ড আৰু উইকেটৰ তত্ত্বাৱধানৰ দায়িত্ব আছিল সম্পূর্ণৰূপে আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ ওপৰত৷ তেওঁলোকৰ নির্দেশ অনুসৰি কিউৰেটৰ আৰু গ্রাউণ্ডছমেনে পিটচ শুকাবলৈ বিভিন্ন প্রয়াস চলাইছিল যদিও পর্যাপ্ত সময়ৰ অভাৱৰ বাবে উইকেট সাজু হৈ নুঠিল৷ এই কথা প্রকাশ কৰিছে অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই৷

এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত সংবাদ মেলত তেওঁ তথ্যসহকাৰে উল্লেখ কৰে যে টছ হৈ যোৱাৰ পিছত খেলপথাৰ আৰু উইকেটৰ তত্ত্বাৱধানৰ ক্ষেত্রত আয়োজক সংস্থা কোনোধৰণে জড়িত হ’ব নোৱাৰে৷ গ্রাউণ্ডত নিয়োজিত ব্যক্তিয়ে কেৱল আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ নির্দেশহে পালন কৰিবলগীয়া হয়৷

ইফালে, ২২ গজৰ উইকেট ঢ়াকিবলৈ অসম ক্রিকেট সন্থাৰ হাতত পর্যাপ্ত ক’ভাৰ নাই বুলি একাংশই উত্থাপন কৰা অভিযোগৰ প্রত্যুত্তৰ দি এ চি এৰ সম্পাদকগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্রীয় মেচ আয়োজন কৰিবলৈ উদ্যোক্তা সংস্থাৰ হাতত অতি কমেও চাৰিখন পিটচ ক’ভাৰৰ প্রয়োজন, আৰু অসম ক্রিকেট সন্থাৰ হাতত এতিয়া ১৮খন পিটচ ক’ভাৰ মজুত আছে৷

গতিকে প্রয়োজনীয় সামগ্রী আৰু সা–সুবিধাৰ ক্ষেত্রত অসম ক্রিকেট সন্থা পিছ পৰি থকা নাই৷ ‘দেওবাৰৰ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত ক্রিকেটপ্রেমীৰ ওচৰত আমি দুখ প্রকাশ কৰিছোঁ আৰু তেওঁলোকৰ টিকটৰ ধন ওভতাই দিয়াৰ সিদ্ধান্ত লৈছোঁ৷ মেচখনৰ পিছত চৌদিশে এ চি এক লৈ যি ধৰণৰ নেতিবাচক সমালোচনা আৰম্ভ হৈছে সেই সন্দর্ভত আমি স্পষ্ট কৰিব বিচাৰোঁ যে মেচখনৰ বাবে বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেট আৰু খেলপথাৰৰ দায়িত্ব ল’বলৈ ৩১ ডিচেম্বৰত গুৱাহাটীলৈ আহিছিল ব’ডৰ মুখ্য কিউৰেটৰ আশিস ভৌমিক৷ তেওঁৰ তত্ত্বাৱধানত আমাৰ কিউৰেটৰে বর্ষাপাৰাৰ উইকেট টি–২০ মেচখনৰ বাবে সাজু কৰি তুলিছিল৷ দেওবাৰে পুৱাৰ পৰা দুপৰীয়া পর্যন্ত হোৱা বৰষুণ সত্ত্বেও তেওঁলোকে যথেষ্ট কষ্টেৰে উইকেট মেচৰ বাবে সাজু কৰি তুলিছিল৷ সন্ধিয়া ৬.৩০ বজাত উইকেট প্রত্যক্ষ কৰি সন্তুষ্ট হোৱাৰ পিছতহে দুই দলৰ অধিনায়ক, আম্পায়াৰ আৰু মেচ ৰেফাৰীয়ে টছৰ সিদ্ধান্ত লৈছিল৷

ইয়াৰ পিছত খেলপথাৰ আৰু উইকেটৰ দায়িত্ব তেওঁলোকে চমজি লৈছিল৷ গতিকে উইকেটত পানী সোমোৱা অথবা মেচ পৰিত্যক্ত হোৱা সন্দর্ভত অসম ক্রিকেট সন্থা জগৰীয়া হ’ব নোৱাৰে৷’ –এ চি এৰ সম্পাদক শইকীয়াই এইদৰে কয়৷

Comments (0)
Add Comment