বিশ্বকাপৰ পূর্বে সলনি হ’ব ক্রিকেটৰ নিয়ম

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: আজি আই চি চিৰ মুখ্য কার্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা এক এপ্রিলৰ পৰা ক্রিকেটৰ বহু নতুন নিয়ম বলৱৎ হ’ব৷ অর্থাৎ টি–২০ বিশ্বকাপত নতুন নিয়মেৰে খেল অনুষ্ঠিত হ’ব৷ নতুন নিয়ম অনুসৰি মানকাডিং আউটক ৰানআউট বুলি ধৰা হ’ব৷

আনহাতে, কোনো বেটাৰ কেচ আউট হ’লে তেওঁৰ পৰিৱর্তে নমা বেটাৰে ষ্ট্রাইকাৰৰ ফালে খেলিব লাগিব৷ কেচ আয়ত্তৰ সময়ত ক্রিজৰ আনটো প্রান্তলৈ গ’লেও নতুন বেটাৰে নন ষ্ট্রাইকাৰৰ দিশেই নামিব৷ নতুন নিয়ম অনুসৰি টেষ্ট আৰু এদিনীয়াত এজন বেটাৰ আউট হোৱাৰ পিছত নতুন বেটাৰে ক্রিজলৈ আহি বেটিং কৰাৰ বাবে দুই মিনিট সময় পাব৷ টি–২০ ক্রিকেটৰ ক্ষেত্রত সময় দিয়া হ’ব মাত্র ৯০ ছেকেণ্ড৷ তদুপৰি বেটিং কৰাৰ সময়ত বেটাৰ পিটচৰ বাহিৰলৈ গ’লে সেইটো ডেড বল হিচাপে ধৰা হ’ব৷ কোনো বলে যদি বেটাৰক পিটচৰ বাহিৰলৈ যাবলৈ বাধ্য কৰায়, তেতিয়াহ’লে সেইটো ন’ বল ধৰা হ’ব৷ আন এক নিয়ম অনুসৰি বলিং কৰাৰ সময়ত কোনো ফিল্ডাৰে স্থান সলনি কৰা অথবা ইচ্ছাকৃতভাৱে লৰচৰ কৰিলে বেটিং কৰা দলক পাঁচ ৰান পেনাল্টী হিচাপে দিয়া হ’ব৷

তদুপৰি সেই বলটোক ডেড বল গণ্য কৰা হ’ব৷ তদুপৰি ৰানআউটৰ নিয়ম সলনি কৰা হৈছে৷ বলিং কৰাৰ সময়ত কোনো বেটাৰ ক্রিজৰ বাহিৰলৈ গ’লে বলাৰে বল থ্র’ কৰি ৰানআউট কৰিব পাৰিছিল৷ এতিয়া সেইটো হ’লে ডেড বল বুলি কোৱা হ’ব৷ এইবাৰ টি–২০ৰ নিয়ম এদিনীয়াতো প্রযোজ্য হ’ব৷ সেই অনুসৰি সময়ৰ ভিতৰত অ’ভাৰ শেষ কৰিব নোৱাৰিলে এজন ফিল্ডাৰ ৩০ গজৰ ভিতৰত বেছি ৰাখিব নোৱাৰিব৷ সেই নিয়ম ইমানদিনে কেৱল টি–২০ ক্রিকেটৰ বাবেহে আছিল৷

আনহাতে, ক’ৰোনাৰ বাবে যোৱা দুবছৰ বলত থু লগোৱা নিষিদ্ধ আছিল৷ এতিয়া সম্পূর্ণৰূপে বলত থু লগোৱা নিষিদ্ধ কৰিলে আই চি চিয়ে৷ ইমানদিনে মহিলাৰ টি–২০ ক্রিকেট হাইব্রীড পিটচত খেলাৰ নিয়ম আছিল৷ এতিয়াৰ পৰা প্রাকৃতিকভাৱে ঘাঁহ গজাই কৃত্রিমভাৱে নির্মিত হাইব্রীড পিটচত পুৰুষৰ ক্রিকেটো খেলিব পাৰিব৷ অৱশ্যে এই সকলোবোৰ নিয়মে বেটাৰসকলক সুবিধা কৰিব বুলি সমালোচনা কৰিছে৷

Featured