বেটিংক্রমৰ চতুর্থ স্থানত শ্রেয়াছেই উপযুক্ত

ভাৰতীয় বলিঙক প্ৰশংসা কিংবদন্তি স্পীনাৰ অনিল কুম্বেলৰ

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো৷ এই শৃংখলাটোত টীম ইণ্ডিয়াৰ বেটিং ক্রমৰ চতুর্থ স্থানটোত প্রতিভাৱান বেটছমেন শ্রেয়াছ আয়াৰে বেটিং কৰাটো বিচাৰিছে ভাৰতৰ কিংবদন্তি স্পীন বলাৰ অনিল কুম্বলেই৷ আঘাতৰ বাবে বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনে এদিনীয়া শৃংখলাটোত অংশগ্রহণ কৰিব নোৱাৰাৰ পৰিপ্রেক্ষিতত লোকেশ ৰাহুলে ভাৰতীয় দলটোৰ হৈ ৰোহিত শর্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ লাভ কৰিব৷ গতিকে বেটিং ক্রমৰ গুৰুত্বপূর্ণ চতুর্থ স্থানটোত শ্রেয়াছেই উপযুক্ত খেলুৱৈ হ’ব বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন স্পীনাৰগৰাকীয়ে কয় যে শ্রেয়াছ আয়াৰ হ’ল এগৰাকী প্রতিভাসম্পন্ন খেলুৱৈ৷ ভাৰতীয় দলটোত স্থান নিগাজী কৰাৰ বাবে আয়াৰক পর্যাপ্ত সুযোগ দিয়াৰ প্রয়োজন৷ বিশ্বকাপৰ পূর্বৰ পৰাই চাৰি নম্বৰ স্থানটোক লৈ সমস্যাত পৰা ভাৰতীয় দলটোৱে অচিৰেই এই সমস্যা আঁতৰ কৰিব লাগিব আৰু শ্রেয়াছক পর্যাপ্ত সময় দি ইয়াৰ স্থায়ী সমাধান কৰিব লাগে বুলি কুম্বলেই মন্তব্য কৰে৷ ইফালে, ভাৰতীয় বলিং বিভাগক প্রশংসা কৰি প্রাক্তন স্পীনাৰগৰাকীয়ে কয় যে শেহতীয়াভাৱে ভাৰতীয় বলাৰে যি প্রদর্শন দাঙি ধৰি আহিছে সেয়া সঁচাকৈয়ে উল্লেখনীয়৷ আগন্তুক এদিনীয়া শৃংখলাটোতো ভাৰতীয় বলাৰে উন্নত প্রদর্শন দাঙি ধৰি শৃংখলাটো দখল কৰাত কোহলিক সহায় কৰিব বুলি আশা ব্যক্ত কৰে অনিল কুম্বলেই৷

Comments (0)
Add Comment