বৰ্ষাপাৰা টি-২০: আজি গুৱাহাটী পাবহি সিংহলী বাহিনী, কাইলৈ আহিব টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–শ্রীলংকাৰ টি–২০ মেচৰ উন্মাদনাই ক্রমাৎ সমগ্র ৰাজ্যক চুই গৈছে৷ ইয়াৰ মাজতে আজি গুৱাহাটীত উপস্থিত হ’ব আলহী দল শ্রীলংকাৰ খেলুৱৈসকল৷

অসম ক্রিকেট সন্থাই প্রকাশ কৰা অনুসৰি শ্রীলংকা দলটো চার্টার্ড বিমানযোগে বৃহস্পতিবাৰে পুৱা বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব৷ উক্ত দিনাই টীম ইণ্ডিয়াৰ একাংশ তাৰকাও গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছে যদিও ৩ জানুৱাৰীতহে ভাৰতীয় দলৰ সকলো খেলুৱৈ গুৱাহাটীত একগোট হ’ব৷ দুয়োটা দলকে হোটেল ৰেডিছন ব্লুত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

গুৱাহাটীত টীম ইণ্ডিয়াৰ খেলুৱৈসকল একগোট হোৱাৰ পিছত ৪ জানুৱাৰীত বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ বাবে নামিব৷

ইফালে, বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন আন্তঃৰাষ্ট্রীয় মেচৰ বাবে যুদ্ধকালীন তৎপৰতাৰে সাজু হৈ উঠিছে অসম ক্রিকেট সন্থা৷ মেচখন সফলতাৰে আয়োজন কৰিবলৈ সন্থাই সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে বুলি অসম ক্রিকেট সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে৷

উল্লেখ্য যে ২০১৯ত চমকপ্রদ প্রদর্শন দাঙি ধৰা বিৰাট কোহলি বাহিনীয়ে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ পৰাই নৱবর্ষৰ অভিযান আৰম্ভ কৰিব৷ 

FeaturedINDIA vs SRILANKAবৰ্ষাপাৰা টি–২০ভাৰত-শ্ৰীলংকা
Comments (0)
Add Comment