মাতৃত্বৰ পাছত প্ৰথমবাৰলৈ টুৰ্ণামেণ্ট জয়ী হ’ল ছানিয়া মিৰ্জা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই ২ বছৰীয়া বিৰতিৰ পাছত পুনৰ সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে ।

টেনিছ কৰ্টলৈ উভতাৰ পাছতে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি হাবাৰ্ট ইণ্টাৰ্নেচনেল টেনিছ টুৰ্ণামেণ্টত ডাৱল্ছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি নাডিয়া কিছেনোকৰ সৈতে যুটীয়াভাৱে এই খিতাপ অৰ্জন কৰে ।

ছানিয়া আৰু নাডিয়াই চীনৰ পেংগ ছুৱাই আৰু জাংগ ছুৱাইৰ যুটীক ৬-৪, ৬-৪ ত হৰুৱায় । উল্লেখ্য যে এই মেচখন ১ ঘণ্টা ২১ মিনিট পৰ্যন্ত চলিছিল ।

Comments (0)
Add Comment