সন্মুখত বাংলাদেশঃ পঞ্চমটো খিতাপৰ লক্ষ্য ভাৰতৰ

১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটৰ আজি ফাইনেল

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত পঞ্চমটো খিতাপ জয়ৰ লক্ষ্যৰে আজি ফাইনেল খেলিব ৷ ফাইনেলত প্রিয়ম গার্গ নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব বাংলাদেশ ৷ প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰা বাংলাদেশৰ বিৰুদ্ধে ভাৰতে ফেভাৰিট হিচাপে অৱতীর্ণ হ’ব ৷ উল্লেখ্য যে যোৱা মঙলবাৰে ভাৰতে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক ১০ উইকেটত পৰাস্ত কৰি মেগা ইভেণ্টখনৰ ফাইনেললৈ উন্নীত হৈছিল । দলটোৱে আজি অভিলেখসংখ্যক সপ্তমবাৰৰ বাবে ফাইনেল খেলিব ৷ ২০০০ চনত ভাৰতে প্রথমবাৰৰ বাবে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত খিতাপ জয়ৰ পিছত সাতবাৰ ফাইনেল খেলাৰ সুযোগ লাভ কৰিছে ৷ ইয়াৰে চাৰিবাৰ দলটোৱে সফলতাৰ মুখ দেখিছে ৷ কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত ভাৰতৰ সফলতা নির্ভৰ কৰিব ঘাইকৈ যশস্বী জয়ছোৱাল, ৰবি বিষ্ণই আৰু কার্তিক ত্যাগীৰ প্রদর্শনৰ ওপৰত৷ চলিত প্রতিযোগিতাখনত চমকপ্রদ প্রদর্শনেৰে মুম্বাইৰ প্রতিভাৱান বেটছমেন জয়ছোৱালে ভাৰতীয় ক্রিকেটৰ নৱতম তাৰকা হিচাপে পৰিচয় লাভ কৰিছে ৷ একেদৰে বেগী বলাৰ কার্তিক আৰু লেগ স্পীনাৰ ৰবিয়ে সুন্দৰ বলিঙেৰে বিৰল প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে ৷ মন কৰিবলগীয়া যে ২০১৮ৰ চেম্পিয়ন ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলটোৰ অধিনায়ক পৃথ্বি শ্ব আৰু অ’পেনাৰ শুভমন গীলে ইতিমধ্যে ভাৰতীয় ছিনিয়ৰ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে ৷ ইফালে, ২০১৮ৰ কোৱার্টাৰ ফাইনেলিষ্ট বাংলাদেশে ডিফেণ্ডিং চেম্পিয়ন ভাৰতক হৰুৱাই অঘটন সৃষ্টিৰে প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত চুম্বন দিয়াৰ লক্ষ্যৰে খেলপথাৰত নামিব ৷ ছেমিফাইনেলত দলটোৱে নিউজিলেণ্ডক হৰুৱাই খিতাপ যুঁজলৈ উন্নীত হৈছিল ৷

Comments (0)
Add Comment