৩ বছৰলৈ হ্রাস হ’ব নির্বাচক মণ্ডলীৰ কার্যকাল

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ নতুন কার্যকাল তিনি বছৰলৈ হ্রাস কৰাৰ চিন্তা–চর্চা কৰিছে বি চি চি আইৰ নতুন সভাপতি সৌৰভ গাংগুলীয়ে৷ নির্বাচকসকলক সময়ৰ সৈতে খাপ খুৱাই ৰখোৱাৰ লক্ষ্যৰে ব’ডৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ কার্যকাল তিনি বছৰলৈ হ্রাস কৰাৰ পৰিকল্পনা লোৱা বুলি ব’ডৰ এক সূত্রই আজি জানিবলৈ দিছে৷

উল্লেখ্য যে মুখ্য নির্বাচক এম এছ কে প্রসাদ আৰু কেন্দ্রীয় মণ্ডলৰ নির্বাচক গগন খোড়াৰ দেওবাৰে পাঁচ বছৰীয়া কার্যকালৰ অন্ত পৰাৰ পিছতে বিষয়টোৱে চর্চা লাভ কৰিছে৷ ব’ডৰ অধিকাংশ বিষয়ববীয়াই ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ কার্যকাল পাঁচ বছৰৰ পৰিৱর্তে চাৰি বছৰ কৰাৰ পক্ষপাতী যদিও গাংগুলীয়ে ইয়াক তিনি বছৰলৈ হ্রাস কৰাৰ চিন্তা–চর্চা কৰিছে৷ ইফালে, এম এছ কে প্রসাদৰ কার্যকাল অন্ত পৰাৰ পিছত ব’ডৰ নতুন মুখ্য নির্বাচক হ’বলৈ আগ্রহ প্রকাশ কৰিছে প্রাক্তন লেগ স্পীনাৰ লক্ষ্মণ শিৱৰামকৃষ্ণন আৰু প্রাক্তন অধিনায়ক দিলীপ ভেংচৰকাৰে৷