৯৭২ খেলুৱৈৰ আইপিএলৰ নিলামত অংশগ্ৰহণ কৰাৰ ইচ্ছা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২০ ছিজনৰ বাবে ক্ৰিকেটাৰ সকলৰ নিলাম চলিতে মাহতে অনুষ্ঠিত হব। ক্ৰিকেট খেলা দেশসমূহৰ খেলুৱৈ সকেল লীগৰ বাবে আবেদন কৰিছে। পেট কামিন্স, ডেল ষ্টেইন, মেক্সৱেল দৰে খেলুৱৈৱে নিজৰ নূন্য়তম মূল্য ২ কোটি টকা ধাৰ্য কৰিছে।

আগন্তক বৰ্ষত অনুষ্ঠিত হব লগা আই পি এলৰ নিলাম অহা ১৯ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত হব। এই নিলামত ৯৭১ খেলুৱৈয়ে অংশ গ্ৰহণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। ৯ ডিচেম্বৰত নিলামত অংশগ্ৰহণ কৰা খেলুৱৈৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।