অধিনায়ক হিচাপে টি–২০ত সর্বাধিক ৰান; ধোনীক অতিক্রম বিৰাট কোহলিৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ৰান মেচিন বিৰাট কোহলিয়ে বর্ণিল কেৰিয়াৰত আন এক গৌৰৱ অর্জন কৰে৷ অধিনায়ক হিচাপে টি–২০ ক্রিকেটত সর্বাধিক ৰান কৰি ভাৰতৰ প্রথমগৰাকী অধিনায়ক হিচাপে কৃতিত্ব অর্জন কৰে কোহলিয়ে৷ হেমিল্টনত কালি নিউজিলেণ্ডৰে খেলা তৃতীয়খন টি–২০ মেচত ব্যক্তিগতভাৱে ৩৮ ৰান কৰা কোহলিয়ে অধিনায়ক হিচাপে টি–২০ত ১১২৬ ৰান কৰি সতীর্থ মহেন্দ্র সিং ধোনীৰ অভিলেখটো ভংগ কৰে৷ ধোনীয়ে অধিনায়ক হিচাপে টি–২০ত ১১১২ ৰান কৰিছিল৷

উল্লেখ্য যে অধিনায়ক হিচাপে টি–২০ত সর্বাধিক ১২৩৭ ৰান কৰি দক্ষিণ আফ্রিকাৰ ফাফ ডু প্লেচিছে প্রথম স্থান অধিকাৰ কৰি থকাৰ বিপৰীতে ১১৪৮ ৰানেৰে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন৷

Comments (0)
Add Comment