অধিনায়ক হিচাপে দিনকদিনে উন্নতি ঘটাইছে কোহলিয়েঃ শাস্ত্ৰী

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ভাৰতীয় ক্রিকেট দলটোৰ প্রশিক্ষক ৰবি শাস্ত্রীয়ে ইংৰাজী নৱবর্ষৰ প্রথম দিনাই টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক উচ্চ প্রশংসা কৰে৷ ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে দিনকদিনে অধিনায়ক হিচাপে উন্নতি ঘটাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি প্রশিক্ষক ৰবি শাস্ত্রীয়ে কয় যে বিগত দুবছৰত কোহলিয়ে অধিনায়ক হিচাপে বহুতো উন্নতি সাধিছে৷ টেষ্ট ক্রিকেটত কোহলিৰ নেতৃত্বতে ভাৰতীয় দলটোৱে অষ্ট্রেলিয়াত টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হয়৷ ২০২০ বর্ষত টি–২০ বিশ্বকাপক অধিক গুৰুত্বসহকাৰে লোৱা বুলি শাস্ত্রীয়ে লগতে উল্লেখ কৰে৷

Comments (0)
Add Comment