অনুশীলনলৈ ধোনী

খেলপথাৰৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শুকুৰবাৰে অনুশীলনলৈ উভতে।

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শুকুৰবাৰে অনুশীলনলৈ উভতে। গৃহ চহৰ ৰাঁচীৰ ঝাৰখণ্ড ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত তেওঁ দীৰ্ঘ সময় ধৰি নেট অনুশীলনত অংশ লয়। দীৰ্ঘদিনৰ বিৰতিৰ পিছত ধোনীয়ে অনুশীলনলৈ ওভতাত তেওঁৰ প্ৰত্যাৱৰ্তনক লৈ ক্ৰিকেট প্ৰেমীৰ মনত আশাৰ সঞ্চাৰ হৈছে। অৱশ্যে ৱেষ্ট বিৰুদ্ধে ৬ ডিচেম্বৰৰ পৰা ঘৰৰ মাটিত আৰম্ভ হ’বলগীয়া তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলাত তাৰকা উইকেটৰক্ষকগৰাকী উপলব্ধ নহ’ব বুলি ইতিমধ্যেই ব’ৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পিছৰে পৰা ধোনীয়ে ক্ৰিকেটৰ পৰা আঁতৰি আছে। তেওঁৰ স্থানত যুৱ উইকেটৰক্ষক ঋষভ পণ্টক ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীয়ে পৰ্যাপ্ত সুযোগ দি আহিছে।

ms dhonipractiseranchi