অ’পেনাৰ হিচাপে এদিনীয়াত দ্রুত ৭ হাজাৰ ৰানেৰে অভিলেখ ৰোহিতৰ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ বর্ণিল কেৰিয়াৰত আন এক গৌৰৱৰ অধিকাৰী হ’ল টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ এদিনীয়া ক্রিকেটত অ’পেনাৰ হিচাপে দ্রুতগতিত সাত হাজাৰ ৰান পূর্ণ কৰি বিশ্বৰ প্রথমগৰাকী বেটছমেন ৰূপে অভিলেখ গঢ়িলে ৰোহিতে৷

ৰাজকোটত কালি অষ্ট্রেলিয়াৰে খেলা দ্বিতীয়খন এদিনীয়াত ৪২ ৰানত পেভিলিয়নমুখী হোৱাৰ পূর্বে এই অভিলেখটো গঢ়ি ৰোহিতে দক্ষিণ আফ্রিকাৰ হাছিম আমলা আৰু টীম ইণ্ডিয়াৰ শচীন তেণ্ডুলকাৰক অতিক্রম কৰে৷ ৰোহিতে ১৩৭টা ইনিংছত এই মাইলষ্ট’নত প্রৱেশ কৰাৰ বিপৰীতে আমলাই ১৪৭টা ইনিংছত আৰু তেণ্ডুলকাৰে ১৬০টা ইনিংছত সাত হাজাৰ ৰান পূর্ণ কৰিছিল৷

ইফালে, এদিনীয়া ক্রিকেটত অ’পেনাৰ হিচাপে সাত হাজাৰ ৰান পূর্ণ কৰা তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু বীৰেন্দ্র সেৱাগৰ পিছত চতুর্থগৰাকী ভাৰতীয় হিচাপে গৌৰৱ অর্জন কৰে ৩২ বছৰীয়া ৰোহিত শর্মাই৷

Comments (0)
Add Comment