অভিলেখ ৱাছিম জাফৰৰ

১৫০ ৰঞ্জী মেচ

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ভাৰতৰ প্রথম শ্রেণীৰ ক্রিকেটত আন এক মাইলষ্ট’নত উপনীত হ’ল প্রবীণ অ’পেনাৰ ৱাছিম জাফৰ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা চলিত ছীজনৰ ৰঞ্জি ট্রফীৰ অন্ধ্রপ্রদেশৰ বিপক্ষে খেলা মেচখনত বিদর্ভৰ হৈ অংশগ্রহণ কৰি এক অনন্য অভিলেখ গঢ়িলে ৱাছিম জাফৰে৷ ক্রিকেটাৰগৰাকীয়ে সোমবাৰে ৰঞ্জি ট্রফীৰ ১৫০সংখ্যক মেচখনত অংশ লৈ ভাৰতৰ প্রথমগৰাকী ৰঞ্জি ক্রিকেটাৰ হিচাপে অভিলেখ গঢ়ে৷ জাফৰৰ পূর্বে দেৱেন্দ্র বুণ্ডেলাই ১৪৫খন আৰু অমল মজুমদাৰে ১৩৬খন মেচ খেলিছিল৷ মুম্বাইৰ বেটছমেন জাফৰে এতিয়ালৈকে ১৫০খন ৰঞ্জি মেচত ভাগ লৈ ৪০টা শতকেৰে ১১,৭৭৫ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, ৩১খন টেষ্ট আৰু দুখন এদিনীয়াত ভাৰতীয় জাতীয় দলটোক প্রতিনিত্বি কৰা জাফৰে ২৫৩খন প্রথম শ্রেণীৰ মেচ খেলি ১৯,১৪৭ ৰান কৰিছে৷

Comments (0)
Add Comment