অলিম্পিকৰ ৭ মাহ পূর্বেই টকি’ত মুকলি গ্রীষ্ম প্রতিৰোধী অত্যাধুনিক ষ্টেডিয়াম

নিউজডেস্ক, ডিচেম্বৰঃ অহা বর্ষত জাপানৰ টকি’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ মহাৰণ অলিম্পিকলৈ মাজত ৭ টা মাহ বাকী থকা অৱস্থাতে জাপান চৰকাৰে মুকলি কৰি দিলে মেগা ইভেণ্টখনৰ বাবে সাজু কৰি তোলা গ্রীষ্মপ্রতিৰোধী বিশেষ ষ্টেডিয়ামখন ৷

প্রায় ৬০ হাজাৰ দর্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা সুবৃহৎ আৰু অত্যাধুনিক এই ষ্টেডিয়ামত বিশ্বৰ আগশাৰীৰ এথলিটসকলে জুলাই–আগষ্টৰ প্রচণ্ড গৰমৰ মাজতো কোনো অসুবিধাৰ সন্মুখীন নহ’ব ৷

অহা বর্ষৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া গ্রীষ্মকালীন অলিম্পিকৰ সময়ছোৱাত জাপানৰ প্রচণ্ড গ্রীষ্ম প্রবাহৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ চৰকাৰে চৌদিশে গছ–গছনিৰ আচ্ছাদনেৰে বিশেষভাৱে ষ্টেডিয়ামখন নির্মাণ কৰি তুলিছে ৷

১৯৬৪ চনত টকি’ত অনুষ্ঠিত অলিম্পিকৰ সময়ত ব্যৱহূত ৰাষ্ট্রীয় ষ্টেডিয়ামখনক নতুন ৰূপ দি নির্মাণ কৰা গ্রীষ্মপ্রতিৰোধী এই আধুনিক ষ্টেডিয়ামখনৰ গ্রাউণ্ডৰ ওপৰত পাঁচটা ফ্ল’ৰ আৰু ইয়াৰ তলত দুটা ফ্ল’ৰ প্রস্তুত কৰা হৈছে ৷

১৮৫খন পাংখা আৰু ১৬টা শীত–তাপ নিয়ন্ত্রিত লাউঞ্জ ব্যৱহাৰ কৰি নির্মাণ কৰা নতুন ষ্টেডিয়ামখনৰ উচ্চতা ৪৭ মিটাৰ নির্ধাৰণ কৰা হৈছে৷ অহা ২১ ডিচেম্বৰত উছেইন ব’ল্টে ষ্টেডিয়ামখনৰ নৱনির্মিত ট্রেকত এক বিশেষ প্রীতি দৌৰত অংশ ল’ব ৷

Comments (0)
Add Comment