অষ্ট্ৰেলিয়াত এইবাৰ ক্ৰিকেটৰ মহাকুম্ভ তিনিখনকৈ বিশ্বকাপ কৰিব আয়োজন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ক্ৰিকেটেৰ তিনিখনকৈ মেগা প্ৰতিযোগিতা। ফ্ৰেব্ৰুৱাৰী-মাৰ্চত মহিলা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই মেগা প্ৰতিযোগিতা খনত ১০ টা দলৰ মাজত ২৩ খন মেচ অনুষ্ঠিত হব। ইয়াৰ পিছতেই অক্টোবৰ-নৱেম্বৰ মাহত পুৰুষৰ টী-২০ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৰুষৰ প্ৰতিযোগিতাখনত ১৬টা দলে অংশ গ্ৰহণ কৰিব আৰু দলসমূহৰ মাজত ৪৫ খন মেচ অনুষ্ঠিত হ’ব।
আনহাতে ক্ৰিকেটৰ আন এটা সংস্কৰণ ইন্দৰ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা ১০ অক্টোবৰৰ পৰা ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব। ইয়াৰ আগতে ইন্দৰ বিশ্বকাপ প্ৰতিযোগিতা ২০১৭ চনত ইউ এ ইত অনুষ্ঠিত হৈছিল আৰু সকলো মেচ ডুবাই অনুষ্ঠিত হৈছিল। সেই প্ৰতিযোগিতা খনত অষ্ট্ৰেলিয়া জয়ী হৈছিল। অষ্ট্ৰেলিয়াই এতিয়ালৈকে ১০ বাৰ ইন্দৰ বিশ্বকাপত চেম্পিয়ন হৈছে। ইন্দৰ বিশ্বকাপৰ প্ৰতিখন মেচ মেলবৰ্ণত অনুষ্ঠিত হ’ব।

Featured
Comments (0)
Add Comment