অষ্ট্ৰেলিয়াত দিবা-নৈশ টেষ্ট খেলিবলৈ ভাৰতক আহ্বান শ্বেন ৱাৰ্নৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতক দিবা-নৈশ টেষ্ট খেলিবলৈ আহ্বান জনাইছে অষ্ট্ৰেলিয়াৰ একালৰ কিংবদন্তি লেগ স্পীনাৰ শ্বেন ৱাৰ্নে । কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট দিবা-নৈশ ভাৱে আয়োজন কৰাক লৈ বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীক অভিনন্দন জনাই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । তেওঁ লগতে কয় যে অহা বৰ্ষত অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় টীমটোৱে এডিলেইডত দ্বা-নৈশ টেষ্ট খেলিবলৈ সন্মত হ’ব ।

ইফালে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনেও গাংগুলীক অভিনন্দন জনাই আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতে দিবা-নৈশ টেষ্ট খেলিব বুলি আশা প্ৰকাশ কৰে ।