আই চি চি টেষ্ট ৰেংকিঙত ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ দপদপনি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট ত শতক অৰ্জন কৰি বিৰাট কোহলীয়ে আই চি চিৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ অতিক্ৰম কৰিবলৈ মাত্ৰ ৩ পইণ্টৰ ব্যৱধানত পিছ পৰি আছে। আই চি চি ৰ ৰেংকিঙত ষ্টিভ স্মিথে ৯৩১ পইণ্টেৰে প্ৰথম স্থানত আছে আৰু বিৰাট কোহলী ৯২৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে। বেটিঙৰ শীৰ্ষ স্থানত ভাৰতৰ চাৰিজন বেটছমেন প্ৰথম ১০ শীৰ্ষ স্থান পাবলৈ সক্ষম হৈছে। এই তালিকাত মায়ংক আগ্ৰৱাল নিজৰ উন্নত প্ৰদৰ্শনৰ বাবে দ্বাদশ স্থান পাবলৈ সক্ষম হৈছে।

আই চি চি টেষ্ট ৰেংকিঙত ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ দপদপনি

ইয়াৰ উপৰিও অলৰাউণ্ডাৰৰ তালিকাত ভাৰতৰ ৰবিন্দ্ৰ জাডেজা দ্বিতীয় স্থানত আৰু অশ্বিণে পাঁচ নম্বৰ স্থান অধিকাৰ কৰি আছে। অলৰাউণ্ডাৰ তালিকাত কেৰিবিয়ান খেলুৱৈ জেচন হল্ডাৰ শীৰ্ষ স্থানত বৰ্তি আছে।

আই চি চি টেষ্ট ৰেংকিঙত ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ দপদপনি

আনহাতে বলিঙৰ শীৰ্ষত অষ্ট্ৰেলিয়াৰ পেচবলাৰ পেট কামিন্স প্ৰথম স্থানত বৰ্তি আছে। আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা ভাৰতীয় পেচ বলাৰ জছপ্ৰীত বুমৰাহ পাঁচ নম্বৰত স্থান অধিকাৰ কৰি আছে।

Featured