আজি এক অভাৰৰ বাবে খেলপথাৰত নামিব তেণ্ডুলকাৰ

বলিং কৰিব অষ্ট্রেলিয়াৰ মহিলা ক্রিকেটাৰ পেৰীয়ে

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক দেওবাৰে পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব ৷ অষ্ট্রেলিয়াৰ তাৰকা মহিলা অলৰাউণ্ডাৰ এলিছ পেৰীৰ বিৰুদ্ধে তেওঁ আজি মেলব’নৰ জংছন অভেলত এক অভাৰ বেটিং কৰিব ৷ ২০১৯ৰ বর্ষশ্রেষ্ঠ মহিলা ক্রিকেটাৰ পেৰীয়ে ক্রিকেটৰ ভগৱানখ্যাত শচীনক বলিং কৰাৰ সময়ত অষ্ট্রেলিয়া মহিলা দলৰ আন ১০গৰাকী সতীর্থই খেলপথাৰত ফিল্ডিং কৰিব ৷

উল্লেখ্য যে অষ্ট্রেলিয়াত শেহতীয়াকৈ সংঘটিত বিধ্বংসী বনজুইত ক্ষতিগ্রস্ত লোকসকলৰ সাহায্যার্থে ক্রিকেট অষ্ট্রেলিয়াই ৰিকী পণ্টিং একাদশ আৰু আডাম গিলখ্রীষ্ট একাদশৰ মাজত আজি এখন ১০ অভাৰৰ প্রদর্শনী মেচ আয়োজন কৰিছে ৷ এই মেচৰ অংশস্বৰূপে অষ্ট্রেলিয়া মহিলা ক্রিকেট দলৰ বিৰুদ্ধে এক অভাৰৰ বাবে খেলপথাৰত নামিব ক্রিকেটৰ ভগৱান ৷ ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ মাজত আজি অনুষ্ঠিত হ’বলগীয়া চলিত ত্রিদেশীয় শৃংখলাৰ গুৰুত্বপূর্ণ মেচ এখনৰ ইনিংছ বিৰতিৰ সময়ত শচীনক এক অভাৰ বেটিং কৰা দেখিবলৈ পোৱা যাব ৷

Featured
Comments (0)
Add Comment