আন্তঃৰাষ্ট্রীয় ক্রিকেটত ধোনীৰ ১৫ বছৰ সম্পূর্ণ

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ আন্তঃৰাষ্ট্রীয় ক্রিকেটত ১৫ বছৰ সম্পূর্ণ কৰিলে ভাৰতীয় ক্রিকেটৰ অন্যতম শ্রেষ্ঠ ফিনিছাৰ তথা অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ।

ধোনীয়ে ২০০৪ৰ ২৩ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কেৰিয়াৰৰ প্রথমখন আন্তঃৰাষ্ট্রীয় মেচ খেলিছিল ৷

প্রথমখন মেচৰ প্রথমটো বলতে ৰানআউট হৈ পেভিলিয়নলৈ ওভতা ধোনীয়ে পৰৱর্তী সময়ত কঠোৰ পৰিশ্রমেৰে নিজৰ খেল উন্নত কৰি বিশ্বৰ এগৰাকী অন্যতম শ্রেষ্ঠ উইকেটৰক্ষক বেটছমেন তথা অধিনায়ক হিচাপে প্রতিষ্ঠিত হয়৷

সুদীর্ঘ ২৮ বছৰৰ বিৰতিত ভাৰতে আই চি চি বিশ্বকাপ জয় কৰাত মুখ্য ভূমিকা গ্রহণ কৰি ধোনী হৈ পৰে দেশৰ কোটি কোটি ক্রিকেট অনুৰাগীৰ নয়নৰ মণি৷

FeaturedM S Dhoni
Comments (0)
Add Comment