ইংলেণ্ডৰ হাতত ৪ উইকেটত পৰাস্ত ভাৰতীয় দল

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াত চলি থকা ত্রিদেশীয় মহিলা টি–২০ শৃংখলাটোত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো৷ মেলব’নত আজি অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত ৪ উইকেটত পৰাজয় স্বীকাৰ কৰে৷ মেচখনত হৰমনপ্রীত কৌৰ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি নাটালি স্কেইভাৰৰ দর্শনীয় ৫০ ৰানৰ সহায়ত ইংলেণ্ডে ১৮.৫ অভাৰত ৬টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ নাটালিৰ ৩৮টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি আৰু এটা ছয়৷ ইফালে, এফ চি উইলছনে অপৰাজিতভাৱে ২০ আৰু অধিনায়িকা হেথাৰ নাইটে ১৮ ৰান কৰে৷ ভাৰতীয় দলটোৰ হৈ ৰাজেশ্বৰী গাইকোৱাডে সর্বাধিক তিনিটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি স্মৃতি মান্ধানাৰ ৪৫, জেমিমা ৰড্রিগুৱেজৰ ২৩ আৰু হৰমনপ্রীত কৌৰৰ ১৪ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১২৩ ৰান কৰিছিল৷ মন কৰিবলগীয়া যে বাকীসকলে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অ’পেনাৰ শ্বেফালি বার্মাই ৮, ভেদাকৃষ্ণমূর্তিয়ে ২ আৰু ভাটিয়াই ৮ ৰানৰ অৱদানহে আগবঢ়ায়৷ ইংলেণ্ডৰ হৈ অন্যা শ্রুবচলেই সর্বাধিক তিনিটা উইকেট লয় আৰু মেচখনত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷ উল্লেখ্য যে ভাৰতীয় দলটোৱে প্রথমখন মেচত অষ্ট্রেলিয়াৰ হাতত পৰাস্ত হৈছিল৷ আজি ভাৰতে অষ্ট্রেলিয়াৰে খেলিব৷

Comments (0)
Add Comment