ইন্দোৰ টেষ্টত বৃহৎ জয় ভাৰতৰ

ভাৰতীয় বলাৰৰ বলিঙত দিশহাৰা বাংলাদেশ

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ইন্দোৰত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট মেচখনত ভাৰতে এক ইনিংছ আৰু ১৩০ ৰাণত জয় লাভ কৰিছে। এই জয়ৰ লগতে ভাৰতে টেষ্ট শৃংখলাত ১-০ বৃদ্ধি কৰিছে।

ইন্দোৰ টেষ্টত বাংলাদেশে টছত জিকি বেটিং কৰকাৰ সিদ্ধান্ত লয় আৰু প্ৰথম ইনিংছত কেৱল ১৫০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যাৰ প্ৰত্যুত্তৰত ভাৰতে ৬ উইকেটৰ বিনিয়ত ৪৯৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ভাৰতে প্ৰথমে ৩৪৩ ৰানৰ অগ্ৰগতি লয়। দ্বিতীয় ইনিংছ আৰম্ভ কৰি আলহী দলটোৱে কেৱল ২১৩ ৰান কৰি নিজৰ আটাইকেইটা উইকেট হেৰুৱাই, যাৰ পৰিপেক্ষিতত ভাৰতে এক ইনিংছ আৰু ১৩০ ৰানত বৃহত জয় লাভ কৰিবলৈ সক্ষম হয়।

মায়ংক আগৰৱালাক মেন অফ দা মেচ বঁটা প্ৰদান কৰা হয়।

bangladeshindiaindia wontest series