ঐতিহাসিক দিবা-নৈশ টেষ্টলৈ সাজু কলকাতাৰ ইডেন গাৰ্ডেন

গুলপীয়া বলেৰে সাজু অনুশীলন টীম ইণ্ডিয়া

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ভাৰতৰ মাটিত হ’বলগীয়া প্ৰথম দিবা-নৈশ টেষ্টৰ সফল আয়োজনৰ বাবে সাজু হৈ উঠিছে ইডেন গাৰ্ডেন। বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ গৃহচহৰত অনুষ্ঠিত হ’ব লগীয়া গুলপীয়া বলৰ ঐতিহাসিক মেচখনৰ বাবে ইডেনৰ উইকেট আটকধুনীয়াকৈ সজাই তুলিছে কিউৰেটৰ সুজন মুখাৰ্জীয়ে। ইডেনৰ ২২ গজৰ উইকেট ক্ৰিকেট অনুৰাগীক সুন্দৰ খেল উপহাৰ দিব বুলি কিউৰেটৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আত্মবিশ্বাসেৰে প্ৰকাশ কৰে। উল্লেখ্য যে যোৱা সপ্তাহত বিধ্বংসী ঘূৰ্ণি বতাহ বুলবুলে চুই যোৱা কলকাতা চহৰ শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ হৈ থকাৰ বাবে ইডেনৰ উইকেট তৈয়াৰত কিউৰেটৰ মুখাৰ্জী যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইফালে ইন্দোৰত বাংলাদেশক তিনি দিনতে হৰুৱাই দেওবাৰৰ পৰা গুলপীয়া বলেৰে অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াই। দলটোৱে অহা তিনি দিন ধৰি ইন্দোৰতে অনুশীলনত ব্যস্ত থাকিব বুলি জনা গৈছে। মন কৰিবলগীয়া যে অহা ২২ নৱেম্বৰৰ পৰা ভাৰত আৰু বাংলাদেশে ইডেনত তেওঁলোকৰ ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্ট খেলিব।

DAYNIGHT TESTINDO-BANGLAkolkatta